বানৰ পিছত এইবাৰ জ্বৰ-ডায়েৰীয়া ৰোগত আক্রান্ত নাজিৰাৰ বানাক্রান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানপীড়িত অঞ্চলসমূহত এতিয়া আন এক সমস্যাই জুৰুলা কৰিছে। ভয়াৱহ বানৰ পিছত স্বাভাৱিকতে বানাক্রান্ত অঞ্চলত আহি পৰা বেমাৰে ক্ষতিগ্রস্ত লোকসকলক অধিক সংকটৰ গৰাহলৈ ঠেলি দিছে। বান শুকুওৱাৰ পাছত বানাক্ৰান্ত অঞ্চলৰ লোকসকল ইতিমধ্যে জ্বৰ-ডায়েৰীয়া-খৰ-খজুৱতি- কাহ আদিকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হৈছে। ইতিমধ্যে বানত আক্রান্ত হোৱা আটাইতকৈ ক্ষতিগ্রস্ত অঞ্চল নাজিৰা সমজিলাত চাৰিজনকৈ লোকৰ জ্বৰ-ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। যোৱা দেওবাৰে নাজিৰাৰ সুন্দৰ পুখুৰীৰ নিতুমণি গগৈ নামৰ এগৰাকী মহিলাৰ জ্বৰত মৃত্যু হোৱাৰ পিছত কালিৰ দিনটোত নাজিৰা হুলাংকাঠনী গাঁৱৰ ভাগ্য গগৈ আৰু মন্টু গগৈ নামৰ দুই ভায়েকৰ জুৰ আৰু ডায়েৰীয়াত পৰি মৃত্যু হয়। জ্বৰ আৰু ডায়েৰীয়াত মৃত্যু হোৱা ভাগ্য গগৈৰ শেষকৃত্য সম্পন্ন হোৱাৰ সময়ত মন্টু গগৈৰো ৰোগত আক্রান্ত হৈ মৃত্যু হয়। আনহাতে মঙলবাৰে সুন্দৰ পুখুৰী কলিতা গাঁৱৰ অৱসৰপ্ৰাপ্ত আৰক্ষী জোৱান হেম দত্তৰো জ্বৰ আৰু ডায়েৰীয়াত মৃত্যু হয়। হুলাংকাঠনী আৰু সুন্দৰ পুখুৰী অঞ্চলৰ চাৰিজনকৈ লোক জ্বৰ আৰু ডায়েৰীয়া ৰোগত মৃত্যু হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোৰ লোকসকল একপ্ৰকাৰ আতংকিত হৈ পৰিছে। জানিব পৰা মতে, বান শুকুওৱাৰ পাছত বানত অধিক ক্ষতি হোৱাৰ পৰিণতিত মানসিকভাৱে বিধ্বস্ত হৈ থকা অঞ্চলটোৰ বহুকেইখন গাঁৱৰ সহস্রাধিক লোক জ্বৰ আৰু ডায়েৰীয়া তথা খৰ-খজুৱতি আদি ৰোগত আক্ৰান্ত হৈছে। বানত আক্ৰান্ত হোৱাৰ মাজতে খাদ্য সামগ্রী বিতৰণ কৰা দল-সংগঠন তথা ব্যক্তিবিশেষৰ প্ৰচেষ্টাত ঠায়ে ঠায়ে বন্যাক্রান্তৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হৈছে যদিও পানী শুকুওৱাৰ পাছত অঞ্চলসমূহত বিয়পি পৰা মৃত পশু-পক্ষীৰ শৰীৰৰ পৰা ওলোৱা দুৰ্গন্ধই অধিক পৰিমাণে ভুক্তভোগীসকলক জলাকলা খুৱাইছে। এতিয়া অঞ্চলটোৰ প্ৰায়বোৰ মানুহৰ ঘৰতে এজন-দুজনকৈ লোক জ্বৰ-ডায়েৰীয়া, খৰ-খজুৱতিত আক্রান্ত হৈছে। শিৱসাগৰ আৰু চৰাইদেউৰ বানাক্ৰান্ত অঞ্চলৰ লোকসকল অধিক পৰিমাণে ক্ষতিগ্রস্ত হ’লেও জিলা প্রশাসনকে ধৰি স্বেচ্ছাসেৱী সংগঠনসমূহে বিহুবৰ-নেপালীখুঁটিৰ দিশত অধিক মনোনিৱেশ কৰাত নাজিৰাৰ সুন্দৰ পুখুৰী, কমল চাপৰি আদিকে ধৰি অঞ্চলসমূহৰ লোকসকল স্বাস্থ্যসেৱাৰ দিশত কম পৰিমাণে সহায় পাইছে। বহু অঞ্চলত ছেনিটাইজেচন কৰা হোৱা নাই। বানাক্ৰান্ত অঞ্চলৰ বহু লোকে মাস্ক আদি লাভ কৰা নাই। এনে অৱস্থাত সমগ্র বানাক্রান্ত অঞ্চলেই আগন্তুক সময়ত জ্বৰ-ডায়েৰীয়া আদি ৰোগত ভোগাৰ সম্ভাৱনা আছে। অভিযোগ অনুসৰি স্বাস্থ্যসেৱা বিভাগেও বানাক্রান্ত অঞ্চলসমূহত স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্রদান কৰা নাই। বহু অঞ্চললৈ স্বাস্থ্যসেৱাৰ দল উপস্থিত হ’বগৈ পৰা নাই।
