শিৱসাগৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী ড° শর্মা

 শিৱসাগৰৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্রী ড° শর্মা

ৰঙিলী বাৰ্ত্তাসেৱা- চাৰিদিনীয়া ভ্রমণসূচীৰে উজনি অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ যোৱা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই মঙলবাৰে শিৱসাগৰত বন্যাক্রান্তৰ আশ্রয় শিবিৰ, কেইবাটাও বানবিধ্বস্ত অঞ্চল আৰু বান প্রভাবিত বিদ্যালয় চৌহদ পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্রথমে শিৱসাগৰস্থিত ৰাজীৱ গান্ধী ইনষ্টিটিউট অৱ পেট্র’লিয়াম টেকন’লজী প্রাংগণত স্থাপন কৰা বন্যাক্রান্তৰ আশ্রয় শিবিৰলৈ গৈ বানপীড়িত লোকসকলৰ অৱস্থাৰ বুজ লয় আৰু তেওঁলোকৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে শিবিৰত আশ্ৰয় লৈ থকা লোকসকলৰ বাবে খাদ্য, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, শিশু আৰু মহিলাৰ বাবে প্রয়োজনীয় সকলো সা-সুবিধা সুনিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ দিয়ে। তেওঁ বানত মৃত্যুবৰণ কৰা ১০গৰাকী লোকৰ নিকটাত্মীয়ক এই শিবিৰতে এককালীন আর্থিক সাহায্য হিচাপে ৫ লাখকৈ টকাৰ চেক প্রদান কৰে। মুখ্যমন্ত্রীয়ে আশ্বাস দিয়ে যে এই দুৰ্যোগৰ সময়ত অসম চৰকাৰ প্ৰতিগৰাকী বানপীড়িত নাগৰিকৰ কাষত আছে আৰু পুনৰ সংস্থাপন তথা পুনৰ নিৰ্মাণৰ বাবে সকলোধৰণৰ সহায় চৰকাৰে আগবঢ়াব।  আশ্রয় শিবিৰ পৰিদৰ্শনৰ পাছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড° শর্মাই কয়- বিগত দুটা দিনত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বন্যাক্রান্ত ৰাইজৰ কাষলৈ গৈ মই খবৰ লৈছোঁ। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই উজনি অসমৰ বান পৰিস্থিতি আৰু বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ ল’বলৈ আহিব। বানৰ কবলৰ পৰা ৰাইজক সহায়ৰ বাবে সকলোধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অহা ৯ আগষ্টৰ পৰা বান প্ৰভাৱিত চাৰিওখন জিলাতে স্থায়ী ক্ষতিৰ জৰীপ আৰম্ভ হ’ব আৰু জৰীপ সম্পূৰ্ণ হোৱাৰ পিছতে ৰাইজক ক্ষতি পূৰণ দিয়া হ’ব। মুখ্যমন্ত্রী ড° শর্মাই কয়- বানত মৃত্যু হোৱা লোকৰ নিকটাত্মীয়ক এছডিআৰএফৰ ৪ লাখ টকাকৈ ইতিমধ্যে দিয়া হৈছে আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ৫ লাখ টকাকৈ দি থকা হৈছে।

ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই শিৱসাগৰ জিলাৰ কেইবাটাও বানপীড়িত অঞ্চল ভ্ৰমণ কৰি বান পৰিস্থিতিৰ বুজ লয় আৰু ক্ষতিগ্রস্ত পৰিয়ালসমূহক চৰকাৰৰ তৰফৰ পৰা সকলো সহায়-সহযেগিতাৰ আশ্বাস দিয়ে। পানী আৰু বোকাত বুৰ গৈ থকা কেইবাটাও অঞ্চল তেওঁ ট্ৰেক্টৰ, নাৱত উঠি পর্যবেক্ষণ কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজাবাৰী, দিহিৰগাঁও, ধাই আলি-দৰিকাহাট, কাকপথাৰ-কুকুৰপুহীয়া, বানমুখ আদি বানাক্রান্ত অঞ্চলত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে। মুখ্যমন্ত্ৰীয়ে ৰবৰৰ নাৱত উঠি পাণবেচা, হাতীমূৰীয়া, বেতনা, ধূপাবৰীয়া, তাঁতীপথাৰ, লুৰুকী আদি বানত আবদ্ধ অঞ্চলসমূহলৈ গৈ ক্ষয়-ক্ষতিৰ চৰজমিন পৰ্যবেক্ষণ কৰে আৰু স্থানীয় লোকসকলে সম্মুখীন হোৱা সমস্যাৰ বুজ লয়। বানপীড়িত প্ৰতিটো পৰিয়ালৰ কাষত চৰকাৰ থিয় হৈ আছে বুলি আশ্বাস দি মুখ্যমন্ত্রীয়ে সাহায্য, পুনর্বাসন আৰু ক্ষতি পূৰণৰ ব্যৱস্থা অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰি ক্ষতিগ্রস্ত লোকসকলে অতি সোনকালে স্বাভাৱিক জীৱনলৈ ঘূৰি যাব পাৰিব বুলিও নিশ্চয়তা প্রদান কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্রী ড° শর্মাই বান প্ৰভাৱিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয় আৰু ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদ পৰিদৰ্শন কৰে। একাঁঠু পানী গচকি বিদ্যালয়খন পৰিদৰ্শনকালত মুখ্যমন্ত্রীয়ে যমুনাৰ জল নিষ্কাশন ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে যাতে ভৱিষ্যতে এই অঞ্চলত কৃত্রিম বানৰ প্ৰভাৱ যথাসম্ভৱ হ্ৰাস কৰিব পৰা যায়। শিক্ষা প্রতিষ্ঠানসমূহলৈ স্বাভাৱিক পৰিৱেশ শীঘ্ৰে ওভতাই অনাৰ বাবে মুখ্যমন্ত্রীয়ে জিলা প্রশাসন আৰু সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নির্দেশ প্ৰদান কৰে। বানপীড়িত ৰাইজৰ স্বাভাৱিক জীৱন-যাপন ঘূৰাই অনা আৰু অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ দ্রুত পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সম্পূর্ণ দায়বদ্ধতাৰে কাম কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰে। আশ্রয় শিবিৰ, বন্যাক্রান্ত অঞ্চল আৰু বান প্রভাৱিত বিদ্যালয় পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রীক সংগ দিয়ে মন্ত্রী কেশৱ মহন্ত, পীযূষ হাজৰিকা, বিমল বড়া, সুশান্ত বৰগোহাঁই, বিধায়ক তৰংগ গগৈ, অখিল গগৈকে ধৰি শীৰ্ষ প্রশাসনিক বিষয়াসকলে।