৫২ বছৰ বয়সত ৰাহুল গান্ধীয়ে হঠাৎ প্ৰকাশ কৰিলে বিয়াৰ কথা

Pc Time8

৫২ বছৰ বয়সত ৰাহুল গান্ধীয়ে হঠাৎ প্ৰকাশ কৰিলে বিয়াৰ কথা

ৰঙিলী বাৰ্ত্তাসেৱা- বিয়া পাতিব ৰাহুল গান্ধীয়ে।৫২ বছৰ বয়সতো অবিবাহিত হৈ থকা ৰাহুল গান্ধী প্ৰায়ে বিবাহ সম্পৰ্কীয় প্ৰশ্নৰ সন্মুখীন হয় নেতাজন৷সদায় এই প্ৰশ্নটোত হাঁহি মাৰি প্ৰশ্নটোৰ ফালৰি কাটি আহে তেওঁ।কিন্তু ৫২ বছৰ বয়সত ৰাহুল গান্ধীয়ে হঠাৎ প্ৰকাশ কৰিলে বিয়াৰ বাবে কেনেকুৱা ছোৱালী বিচাৰি আছে।শেহতীয়াকৈ ‘কাৰ্লি টেলছ’ক দিয়া এক সাক্ষাৎকাৰত বিবাহৰ বিষয়টোৰ বিষয়ে ৰাহুল গান্ধীয়ে মুকলিকৈ কৈছিল।সোমবাৰে এই সাক্ষাৎকাৰ প্ৰকাশ হৈছিল।সাক্ষাৎকাটোত প্ৰশ্নকৰ্তাই ৰাহুলক সুধিছিল, আপুনি সোনকালে বিয়া পতাৰ পৰিকল্পনা কৰিছে নেকি?এই প্ৰশ্নৰ উত্তৰত ৰাহুলে কয়, ‘যেতিয়া মই সঠিক পাত্ৰী বিচাৰি পাম,তেতিয়াই বিয়া কৰাম।ইয়াৰ পাছত প্ৰশ্নকৰ্তাই নেতাজনক কেনেধৰণৰ যুৱতী ভাল পায় বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাহুলে কৈছিল যে,’ তেনেকুৱা কোনো কথা নাই যদিও তেওঁ এগৰাকী ভাল মানুহ হ’ব লাগিব।বুদ্ধিমান হ’ব লাগিব।উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও ‘ভাৰত জোড়ো যাত্ৰা’ৰ সময়ত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ৰাহুলে এই সন্দৰ্ভত মুখ খুলিছিল।তেওঁ কৈছিল “এইটো এটা অতি ধেমেলীয়া প্ৰশ্ন।মই এনে এগৰাকী মহিলা বাছনি কৰিম যাৰ মোৰ মাতৃ (ছোনিয়া গান্ধী) আৰু আইতা (ইন্দিৰা গান্ধী) দুয়োৰে গুণ থাকিব।’’