২৫ বছৰীয়া অলিম্পিয়ান আৰু বিশ্ব ৰেকৰ্ড ধাৰক এগনেছক কেনিয়াত তেওঁৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ

Pc- The Hindu

২৫ বছৰীয়া অলিম্পিয়ান আৰু বিশ্ব ৰেকৰ্ড ধাৰক এগনেছক কেনিয়াত তেওঁৰ ঘৰত মৃত অৱস্থাত উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  কেনিয়াৰ দূৰত্বদৌৰবিদ আৰু অলিম্পিয়ান এগনেছ টিৰোপক তেওঁৰ ঘৰত ছুৰীকাঘাত কৰি হত্যা কৰা অৱস্থাত পোৱা গৈছিল। দুবাৰৰ বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জ পদক বিজয়ী টিৰোপে যোৱা মাহত জাৰ্মানীত মহিলাৰ মাত্ৰ ১০ কিলোমিটাৰ বিশ্ব অভিলেখ ভঙ্গ কৰিছিল। “২৫ বছৰীয়া যুৱতীগৰাকীক তেওঁৰ স্বামীয়ে ছুৰিকাঘাত কৰিছিল বুলি অভিযোগ কৰা হৈছে। আমি এতিয়াও তাইৰ মৃত্যুৰ বিষয়ে অধিক বিৱৰণ উলিয়াবলৈ কাম কৰি আছো,” এথলেটিকছ কেনিয়াই লগতে কয়।