২০১৮-২০ বৰ্ষৰ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ বঁটা আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ছিপাঝাৰ সাহিত্য সভাৰ হাতত

pc Facebook

২০১৮-২০ বৰ্ষৰ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ বঁটা আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ছিপাঝাৰ সাহিত্য সভাৰ হাতত

ৰঙিলী বাৰ্ত্তাসেৱা – ছিপাঝাৰ সাহিত্য সভাৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ২০১৮-২০ বৰ্ষৰ অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ বঁটা। অসম সাহিত্য সভাৰ কাম-কাজসমূহত ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে কিছু পৰিমাণে স্থবিৰতা আহিছে। তথাপি সাহিত্য সভাৰ কৰণীয় কামবোৰ ধাৰাবাহিকভাৱে চলি আছে বুলি তেওঁ উল্লেখ কৰে প্ৰধান সম্পাদকগৰাকীয়ে। প্ৰতিষ্ঠাকালৰে পৰা ছিপাঝাৰ সাহিত্য সভাই সাহিত্যৰ পৰিৱেশ সৃষ্টিত গ্ৰহণ কৰি অহা ভূমিকাক ভুয়সী প্রশংসা কৰি প্ৰধান সম্পাদকগৰাকীয়ে ৰাজ্যৰ প্ৰায় এহেজাৰ সক্ৰিয় শাখাৰ পৰা ছিপাঝাৰ সাহিত্য সভাই দুবাৰকৈ শ্ৰেষ্ঠ বঁটা অৰ্জন কৰাটো সাহিত্য সভাৰ বিশেষ কৃতিত্ব বুলিও প্ৰকাশ কৰে।আনহাতে অসম আন্দোলনত অংশগ্ৰহণৰ প্ৰসংগেৰে প্ৰধান সম্পাদক যাদৱ শৰ্মাই নিজৰ জীৱনটো জাতীয়তাবাদেৰে উদ্বুদ্ধ বুলি উল্লেখ কৰি দুৰ্যোগ আৰু প্ৰত্যাহ্বানৰ মাজেৰে হ’লেও ভাষা জননীৰ সেৱা আগবঢ়াই যাব বুলি উল্লেখ কৰে। আনহাতে অৰুণাচলত পাৰ কৰা কৰ্মজীৱনৰ আলোকপাতেৰে লুম্মেৰ দাই, য়েছে দৰজে ঠংছি আদি বিশিষ্ট ব্যক্তিৰ লগত কাম কৰা অভিজ্ঞতাৰে দৰঙৰ কলা-সংস্কৃতি আৰু সাহিত্যৰ সন্দৰ্ভত তেওঁ বক্তব্য ৰাখে৷ প্ৰসংগক্ৰমে সাহিত্য সভাৰ প্ৰধান সম্পাদকগৰাকীয়ে ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহিত্যিক পেন্সনৰ যোগ্যতাৰ মাপকাঠী সন্দৰ্ভতো বহু সময়ত ইফাল-সিফাল হোৱা বুলি উদ্বিগ্নতা প্ৰকাশ কৰে। ছিপাঝাৰ সাহিত্য সভাৰ সভাপতি চন্দ্ৰকান্ত নাথে সভাপতিত্ব কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত প্রধান সম্পাদকগৰাকীৰ হাতৰ পৰা শ্ৰেষ্ঠ শাখা বঁটা গ্ৰহণৰ পূৰ্বে ২০১৮-২০ বৰ্ষৰ ছিপাঝাৰ সাহিত্য সভাৰ সম্পাদক গোলাপ চহৰীয়াই এই সন্মানৰ কৃতিত্ব ছিপাঝাৰ সাহিত্য সভাৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিৰ বুলি উল্লেখ কৰি কৃতজ্ঞতা প্রকাশ কৰে।