১ মে’ৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে বন্ধ থাকিব জীপ ছাফাৰী আৰু হাতী ছাফাৰী
কিশোৰ কুমাৰ শৰ্মা,মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পত পৰ্যটক তথা দৰ্শনাৰ্থীসকলৰ বাবে অহা ১মে’ ৰ পৰা জীপ ছাফাৰী আৰু হাতী ছাফাৰী বন্ধ থাকিব। পুনৰ জাননী নিদিয়া পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব বুলি মঙলদৈ বন সংমণ্ডলৰ মাণ্ডলিক বন বিষয়াই এক জাননীৰ জৰিয়তে জানিবলৈ দিছে ।
