১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা

Pc Guwahati Plus

১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা

ৰঙিলী বাৰ্ত্তাসেৱা– বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব। প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বাতিল কৰা হৈছিল মাতৃভাষা বিষয়ক সকলো পৰীক্ষা। ১৮ মাৰ্চত অনুষ্ঠিত হ’ব লগা অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা ১ এপ্ৰিল,২০২৩ ৰ পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ।টুইটাৰযোগে এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে MILৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্তৰ কথা ছচিয়েল মিডিয়াযোগে সদৰি কৰিছিল। লগতে পৰীক্ষাৰ নতুন দিন শীঘ্ৰে ঘোষণা কৰা হ’ব বুলি কোৱা হৈছিল।