মোবাইল ফোন: সম্পৰ্কৰ সেতু নে অহংকাৰৰ প্ৰাচীৰ? – শচীন্দ্ৰ কুমাৰ দাস

Pc StockCake

মোবাইল ফোন: সম্পৰ্কৰ সেতু নে অহংকাৰৰ প্ৰাচীৰ?

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

যিয়ে মানুহৰ দৈনন্দিন জীৱনৰ কৰ্মৰাজি সহজসাধ্য কৰি তোলে, সেয়াই হৈছে যন্ত্ৰ অথবা বিজ্ঞান। আজিৰ বৰ্তমান যুগটো প্ৰগতিৰ চৰম শিখৰত উপনীত হৈছে। বিজ্ঞান আজি মানুহৰ ঘৰে ঘৰে সুলভ। ৰাতিপুৱা টোপনিৰ পৰা সাৰ পোৱাৰ পৰা নিশা শয্যা গ্ৰহণ কৰালৈকে জীৱনৰ প্ৰতিটো ক্ষণতে বিজ্ঞানৰ ব্যাপক ব্যৱহাৰ পৰিলক্ষিত হয়। বৰ্তমান সমাজৰ ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকে ব্যৱহাৰ কৰা বিজ্ঞানৰ অন্যতম যুগান্তকাৰী আৱিষ্কাৰটোৱেই হৈছে মোবাইল ফোন। হয়তো বিত্তৱান লোকৰ হাতত থকা মোবাইল ফোনটো অধিক মূল্যৱান আৰু দৰিদ্ৰজনৰ ফোনটোৰ মূল্য কম, কিন্তু ব্যৱহাৰ সকলোৱে সমানেই কৰে। কণমানি শিশুটিৰ পৰা আৰম্ভ কৰি বৃদ্ধ-বনিতালৈকে সকলোৱেই আজি মোবাইল ফোন চলাব জানে।

গতিকে জীৱনৰ অপৰিহাৰ্য অংগ হৈ পৰা বাবেই মানুহে নানা কষ্ট স্বীকাৰ কৰি হ’লেও এটি মোবাইল ফোন সংগ্ৰহ কৰে। বিপদ-আপদৰ সময়ত আপোনজনৰ খবৰ ল’বলৈ অথবা জৰুৰী সহায় বিচাৰিবলৈ ই অতি প্ৰয়োজনীয়। চিকিৎসাৰ জৰুৰীকালীন অৱস্থা, বেংকৰ লেনদেন, শিক্ষা আদি সকলো ক্ষেত্ৰতে আজিকালি মোবাইল ফোনলৈ অহা গোপন সাংকেতিক নম্বৰৰ ব্যৱহাৰ অপৰিহাৰ্য হৈ পৰিছে। আনকি প্ৰায়ভাগ চৰকাৰী কাম-কাজো আজিৰ তাৰিখত মোবাইল ফোনৰ জৰিয়তেই সম্পন্ন হয়।

কিন্তু এই সকলোবোৰৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল মানুহৰ মাজৰ কথা-বতৰা বা বাৰ্তালাপ।

বহু সময়ত দেখা যায় যে সমাজৰ একাংশ লোকে—বিশেষকৈ অকণমান ক্ষমতা বা পদমৰ্যাদাত থকা ব্যক্তিসকলে সাধাৰণ মানুহে ফোন কৰিলে সেই ফোন নধৰে। সামাজিক মাধ্যমৰ বাৰ্তালাপতো কোনো সঁহাৰি নিদিয়ে। তেওঁলোকৰ মানসিকতা এনেকুৱা যে সাধাৰণ মানুহক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাই বা ক’ত? ফোনটো ধৰিলে যেন তেওঁলোকৰ অহংকাৰ বা আত্মাভিমানত আঘাত লাগিব। বাৰ্তা পঠিয়ালে চাইও নেদেখাৰ ভাও ধৰে। তেওঁলোকে ভাবে যে এই ফোন বা বাৰ্তা তেওঁলোকৰ বাবে গ্ৰহণযোগ্য নহয়। দিনটোত দহবাৰ ফোন কৰিলেও কোনো উত্তৰ নিদিয়ে বা ওলোটাই ফোনো নকৰে। আনকি বাপতিসাহোন বিহু অথবা আন কোনো শুভ ক্ষণত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিলেও তাৰ প্ৰতি-শুভেচ্ছা জনাবলৈকো তেওঁলোকে প্ৰয়োজন বোধ নকৰে।

আনহাতে, আন এক শ্ৰেণীৰ মানুহে আকৌ কাৰোবাৰ পৰা ধন ধাৰলৈ লৈ অথবা কোনো প্ৰতাৰণা কৰি মোবাইল ফোন নধৰা হয়। বহুতে আকৌ কাৰোবাৰ বিশ্বাসত কুঠাৰাঘাত কৰি বা বিশ্বাসঘাতকতা কৰি নিজৰ মুখ লুকুৱাবলৈ ফোনৰ সংযোগ বিচ্ছিন্ন কৰি ৰাখে। বিপদৰ সময়ত সহায় লোৱাৰ পিছত যেতিয়া প্ৰতিদান দিয়াৰ সময় আহে, তেতিয়া ফোন নধৰাটো এক সাধাৰণ ঘটনাত পৰিণত হৈছে। তদুপৰি, আন একাংশই আকৌ ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে সৎ সাহসেৰে প্ৰকৃত কাৰণটো বুজাই কোৱাৰ পৰিৱৰ্তে ফোন নধৰি পলায়নবাদী মানসিকতাৰ পৰিচয় দিয়ে।

ইয়াৰ উপৰিও, আজিৰ যুগত মোবাইল ফোনৰ আন এক ভয়ংকৰ দিশ হ’ল অনলাইন অপৰাধ বা চাইবাৰ অপৰাধ। বহু সহজ-সৰল মানুহে এটা মোবাইল নম্বৰক অথবা ফোনত অহা মিঠা কথাখিনিক সহজতেই বিশ্বাসত লয়। বহুতে আকৌ ফোনতে কাৰোবাৰ প্ৰলোভনত ভোল যায়। তাৰেই সুযোগ লৈ একাংশ দুষ্ট চক্ৰই অনলাইনযোগে চাইবাৰ অপৰাধ সংঘটিত কৰে আৰু চকুৰ পচাৰতে সাধাৰণ মানুহৰ বেংক একাউণ্টৰ কষ্টোপাৰ্জিত ধন লুটি লৈ যায়।

তথাপিও, আমি গভীৰভাৱে আশাবাদী যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ চিন্তা-চেতনা আৰু সজাগতাও বৃদ্ধি পাইছে। আজিৰ সচেতন সমাজে উপলব্ধি কৰিব পাৰিছে যে মোবাইল ফোনটো কেৱল এটা নিৰ্জীৱ যন্ত্ৰহে, ইয়াৰ প্ৰকৃত সৌন্দৰ্য নিহিত হৈ আছে মানুহৰ মাজত বিশ্বাস, সততা আৰু আন্তৰিকতা বৃদ্ধি কৰাত। অলপ সজাগতা আৰু সাৱধানতা অৱলম্বন কৰিলে আমি অনলাইন অপৰাধীক সহজেই প্ৰতিহত কৰিব পাৰোঁ। ঠিক তেনেদৰে, অহংকাৰ আৰু স্বাৰ্থপৰতা ত্যাগ কৰি এটি সৰু ফোন কল অথবা এটি মিঠা উত্তৰৰ জৰিয়তে আমি হেৰাই যোৱা মানৱীয় সম্পৰ্কবোৰ পুনৰ জীপাল কৰি তুলিব পাৰোঁ। বিজ্ঞানৰ এই মহান আশীৰ্বাদ মোবাইল ফোনটোক যদি আমি জ্ঞান, সজাগতা আৰু ভালপোৱাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰোঁ, তেন্তে নিশ্চয়কৈ আমাৰ সমাজখন অধিক সুন্দৰ, সুৰক্ষিত আৰু বিশ্বাসযোগ্য হৈ উঠিব।