শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশত –  শংকৰ দেৱ

Pc StockCake

এক আলোকপাত

শিক্ষাৰ্থীৰ সৰ্বাংগীণ বিকাশত

– খেলপথাৰৰ ভূমিকা

 

শংকৰ দেৱ, দেৰগাঁও

শিক্ষাৰ্থীৰ জীৱনৰ ক্ষেত্ৰত কিতাপৰ পৃষ্ঠাই যিদৰে জ্ঞানৰ দুৱাৰ মুকলি কৰে, ঠিক তেনেদৰে খেলপথাৰৰ প্ৰতিটো মুহূৰ্তই তেওঁলোকৰ জীৱনৰ একো একোটা বাট গঢ়ি দিয়ে ।  শিক্ষাৰ পোহৰে মানুহৰ মনৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ নতুন দিগন্ত উন্মোচন কৰে। আনহাতে, খেলপথাৰে শিশুৰ মনত জগাই তোলে উদ্যম, সাহস, আত্মবিশ্বাস আৰু জীৱনসংগ্ৰামৰ প্ৰেৰণা।  সেয়েহে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কেৱল পৰীক্ষাত ভাল নম্বৰ লাভ কৰাটোৱেই নহয়, বৰং এজন শিক্ষাৰ্থীক শাৰীৰিক, মানসিক, বৌদ্ধিক আৰু সামাজিকভাৱে সুস্থ-সবল কৰি তোলাহে। এই ক্ষেত্ৰত বিদ্যালয়ত নিয়মীয়া পাঠদানৰ লগতে খেল-ধেমালিৰ ভূমিকাও অনস্বীকাৰ্য।

শিক্ষানুষ্ঠান হৈছে শিশুৰ জীৱন গঢ়াৰ অন্যতম এক প্ৰধান কেন্দ্ৰ। ইয়াতেই শিশুৱে কিতাপৰ জ্ঞান আহৰণ কৰাৰ লগতে শৃংখলাবোধ, সময়ানুৱৰ্তিতা, কৰ্তব্যনিষ্ঠা, সহযোগিতা আৰু সহনশীলতাৰ দৰে জীৱনমুখী গুণসমূহ আয়ত্ত কৰে। কিন্তু বৰ্তমানৰ প্ৰতিযোগিতামূলক শিক্ষাব্যৱস্থাত বহু সময়ত পৰীক্ষাৰ ফলাফল আৰু নম্বৰ লাভৰ প্ৰতিহে অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। ফলত শিক্ষাৰ্থীৰ ওপৰত পঢ়া-শুনাৰ অতিৰিক্ত বোজা পৰে আৰু খেল-ধেমালিৰ বাবে থকা সময় ক্ৰমাৎ হ্ৰাস পায়। অথচ পঢ়া-শুনাৰ সমান্তৰালভাৱে খেল-ধেমালিত অংশগ্ৰহণ কৰাটোও শিক্ষাৰ এক অবিচ্ছেদ্য অংগ।

খেল-ধেমালি শিশুৰ স্বাভাৱিক প্ৰবৃত্তি। খেলৰ মাজেৰে শিশুৱে আনন্দ লাভ কৰাৰ লগতে নিজৰ সুপ্ত প্ৰতিভা বিকাশৰ সুযোগ পায়। ক্ৰিকেট, ফুটবল, ভলীবল, কাবাডী, দৌৰ, দীঘল জাঁপ আদি খেলৰ জৰিয়তে শিক্ষাৰ্থীৰ শৰীৰ সবল হয়, পেশীৰ গঠন উন্নত হয় আৰু শাৰীৰিক সক্ষমতা বৃদ্ধি পায়। নিয়মীয়াকৈ খেলাধূলা কৰিলে শৰীৰ সক্ৰিয় হৈ থাকে, মন প্ৰফুল্লিত হয় আৰু মানসিক অৱসাদ হ্ৰাস পায়। তদুপৰি খেলাধূলাই শিশুক পৰিশ্ৰমী, কৰ্মোদ্যমী আৰু সুস্থ জীৱনশৈলীৰ প্ৰতি আগ্ৰহী কৰি তোলে।

একেদৰে, একেৰাহে বহু সময় পঢ়া-শুনা কৰিলে শিক্ষাৰ্থীৰ মন ভাগৰি পৰিব পাৰে। এনে সময়ত কিছু সময় খেলাধূলাত অতিবাহিত কৰিলে মন সতেজ হয় আৰু পুনৰ অধ্যয়নত মনোনিৱেশ কৰিবলৈ সুবিধা হয়। খেলৰ জৰিয়তে শিক্ষাৰ্থীয়ে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ, সমস্যা সমাধান আৰু প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ কৌশলো শিকে। গতিকে খেল-ধেমালি পঢ়া-শুনাৰ পৰিপন্থী নহয়, বৰং ই শিক্ষাগ্ৰহণৰ প্ৰক্ৰিয়াক অধিক আনন্দদায়ক আৰু ফলপ্ৰসূ কৰি তোলে।

খেলপথাৰ কেৱল খেলৰ স্থানেই নহয়, ই জীৱন গঢ়াৰ এক মুকলি স্থান। দলীয় খেলৰ মাজেৰে শিক্ষাৰ্থীয়ে ঐক্য, ভাতৃত্ববোধ, সহযোগিতা আৰু নেতৃত্বৰ গুণ আয়ত্ত কৰে। খেলত জয়লাভ কৰিলে আনন্দিত হোৱাৰ লগতে পৰাজয়ৰ সন্মুখীন হৈও ধৈৰ্য ধৰিবলৈ শিকে। ক্ৰীড়াসুলভ মনোভাৱে তেওঁলোকক আনৰ সফলতাক সন্মান কৰিবলৈ আৰু নিজৰ বিফলতাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতা সহজে নাহে। কেতিয়াবা বিফলতাও আহে, আকৌ কেতিয়াবা সন্মুখীন হ’বলগীয়া হয় নানা প্ৰত্যাহ্বানৰ। কিন্তু ব্যৰ্থতাত ভাগি নপৰি পুনৰ নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ মানসিকতা খেলপথাৰৰ পৰাই বহু পৰিমাণে গঢ় লৈ উঠে। তদুপৰি খেলাধূলাই জাতি, ধৰ্ম, ভাষা আৰু আৰ্থিক অৱস্থাৰ ভেদাভেদ পাহৰি সকলোকে একত্ৰিত হোৱাৰ সুযোগ দিয়ে। এইদৰে ই শিক্ষাৰ্থীৰ মাজত সামাজিক সম্প্ৰীতি আৰু মানৱীয় মূল্যবোধৰ ভেটি সুদৃঢ় কৰে।

বৰ্তমান সময়ত ইণ্টাৰনেট, ম’বাইল ফোন আৰু বিভিন্ন আধুনিক পদ্ধতিগত মনোৰঞ্জনৰ প্ৰতি শিশুৰ আকৰ্ষণ ক্ৰমাৎ বৃদ্ধি পাই আহিছে। ইয়াৰ ফলত বহু শিক্ষাৰ্থীৰ শাৰীৰিক সক্ৰিয়তা হ্ৰাস পোৱাৰ আশংকা দেখা পোৱা গৈছে। এনে পৰিস্থিতিত বিদ্যালয়সমূহে খেল-ধেমালিক নিয়মীয়া শিক্ষাৰ অবিচ্ছেদ্য অংগ হিচাপে গ্ৰহণ কৰা উচিত। প্ৰতিখন বিদ্যালয়তে উপযুক্ত খেলপথাৰ, প্ৰয়োজনীয় ক্ৰীড়া সামগ্ৰী আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰাটোও সময়ৰ দাবী। লগতে নিয়মীয়াকৈ ক্ৰীড়া প্ৰতিযোগিতা, বাৰ্ষিক ক্ৰীড়া সমাৰোহ আৰু বিভিন্ন দলীয় খেলৰ আয়োজন কৰিলে শিক্ষাৰ্থীসকলৰ মাজত ক্ৰীড়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব।

এই ক্ষেত্ৰত শিক্ষাগুৰু সকলে শিক্ষাৰ্থীৰ শৈক্ষিক অগ্ৰগতিৰ লগতে তেওঁলোকৰ ক্ৰীড়া প্ৰতিভা চিনাক্ত কৰি বিকাশৰ সুযোগ প্ৰদান কৰিব লাগে। আনহাতে, অভিভাৱক সকলেও কেৱল পৰীক্ষাৰ নম্বৰক সন্তানৰ সফলতাৰ মাপকাঠী হিচাপে বিবেচনা নকৰি খেলাধূলাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু প্ৰতিভাক উৎসাহিত কৰা উচিত। পঢ়া-শুনা আৰু খেল-ধেমালিৰ মাজত উপযুক্ত সমন্বয় স্থাপন কৰিব পাৰিলেহে শিক্ষাৰ্থীৰ সুপ্ত সম্ভাৱনাসমূহৰ পূৰ্ণ বিকাশ ঘটিব।

সামৰণিত ক’ব পাৰি যে কিতাপৰ জ্ঞান আৰু খেলপথাৰৰ শিক্ষাই পৰস্পৰক পৰিপূৰ্ণতা প্ৰদান কৰে। কিতাপে মানুহক জ্ঞানৰ পোহৰ দিয়ে, আনহাতে খেলপথাৰে সেই জ্ঞানক জীৱনৰ বাস্তৱ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ সাহস, ধৈৰ্য আৰু আত্মবিশ্বাস গঢ়ি তোলে। এখন সুস্থ, সবল আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ বিদ্যালয়ৰ শিক্ষাব্যৱস্থাত পাঠদানৰ লগতে খেল-ধেমালিকো সমান গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজনীয়। কাৰণ, শিক্ষাৰ প্ৰকৃত সফলতা কেৱল এজন মেধাৱী শিক্ষাৰ্থী সৃষ্টি কৰাতে সীমাবদ্ধ নহয়, বৰং এজন সুস্থ, শৃংখলাবদ্ধ, আত্মবিশ্বাসী আৰু দায়িত্বশীল নাগৰিক গঢ়ি তোলাতহে নিহিত হৈ থাকে। এইটো এক বাস্তৱ সত্য যে কিতাপৰ জ্ঞানে যদি জীৱনক পোহৰাই তোলে, তেন্তে খেলপথাৰৰ শিক্ষাই সেই জীৱনক শক্তি, সাহস আৰু সফলতাৰ দিশে আগুৱাই নিয়ে। সেয়েহে শিশুৰ উজ্জ্বল ভৱিষ্যৎ গঢ়াৰ স্বাৰ্থত বিদ্যালয়ত শিক্ষা আৰু খেল-ধেমালিৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰাটো আমাৰ সকলোৰে দায়িত্ব।