কোনো মানুহেই পাৰফেক্ট নহয় – মুনিন্দ্ৰ বৈশ্য

Pc Christianity

কোনো মানুহেই পাৰফেক্ট নহয়

 মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

“কোনো মানুহেই পাৰফেক্ট নহয়।”― এই কথাষাৰ আমি প্ৰায় প্ৰতিজনে, প্ৰতিদিনে আওৰাওঁ। কথাষাৰৰ মৰ্মাৰ্থ বুজিও পাওঁ। তথাপিও “এহ, ছোৱালীজনী আৰু এক ইঞ্চিমান ওখ হোৱা হ’লে একেবাৰে পাভজোৰা হ’লেহেঁতেন। আৰু মাত্ৰ দুই নম্বৰ পালেই সি ষ্টেণ্ড কৰিলেহেঁতেন। খানা বাকী ঠিকেই আছিল, মাত্ৰ মাংসখিনিত অলপ নিমখ কম হ’ল……..।”― এইধৰণৰ অভিযোগ, অসন্তুষ্টি বা খুঁত বিচৰা স্বভাৱৰ পৰা যেন আমি কোনোৱেই মুক্ত নহয়। যাৰ বাবে আমি সুখী হ’ব নোৱাৰোঁ। কিন্তু ‘ৱাবি চাবি’ দৰ্শনে আমাক এনে অভিযোগৰ পৰা মুক্তি দিব পাৰে। দিব পাৰে সুখী হোৱাৰ যাদুকৰী শক্তি।

‘ৱাবি চাবি’ হৈছে এটা জাপানীজ দৰ্শন। ই মূলতঃ জাপানীসকলৰ চিন্তাধাৰাক প্ৰতিফলিত কৰে। ‘Wabi Sabi’ শীৰ্ষক গ্ৰন্থখনৰ লেখক নবুঅ চুজুকীৰ মতে ‘ৱাবি চাবি’ হৈছে মানুহৰ জীৱন আৰু বিশ্বব্ৰহ্মাণ্ডখনক গভীৰভাৱে নিৰীক্ষণ কৰাৰ এক উপায় বা অৱলম্বন। আনহাতে ‘ইকিগাই’ শীৰ্ষক বিশ্ববিখ্যাত গ্ৰন্থখনৰ লেখক হেক্তৰ গাৰ্চিয়াই কৈছে― “ৱাবি চাবি হৈছে এক অদৃশ্য নীতি যি জাপানী কলা, জীৱনশৈলী, স্থাপত্য, ইতিহাস, দৰ্শন, ধৰ্ম, চিন্তা, সামাজিক আচৰণ আৰু মানসিকতাক সূচায়।

এই দর্শন মূলতঃ তিনিটা প্ৰধান নীতিৰ ওপৰত প্ৰতিষ্ঠিত― ১) Nothing is perfect, ২) Nothing is finished, আৰু ৩) Nothing lasts forever. অৰ্থাৎ বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো বস্তুৱেই স্থায়ী নহয়। যেনে― যুগ যুগ ধৰি থিয় হৈ থকা প্ৰকাণ্ড শিলাময় পাহাৰখনো স্থায়ী নহয়, এদিন ইও নিঃশেষ হৈ যাব। মানুহকে ধৰি কোনো জীৱই পৰিপূৰ্ণ, ক্ৰুটিমুক্ত বা নিখুঁত নহয়। আৰু সকলো বস্তুৱেই অসমাপ্ত বা আধৰুৱা। যেনে― আটাইতকৈ সুন্দৰ সৃষ্টিতো কিবা নহয় কিবা এটা খুঁত থাকিবই।

সেইবাবেই এই দৰ্শনে কৈছে যে, ‘নিখুঁততা’ বুলি আচলতে বিশ্বব্ৰহ্মাণ্ডত কোনো বস্তুৱেই নাই। ই কেৱল মানুহৰ কাল্পনিক মনতহে বিৰাজমান। আনকি উপাস্য দেৱতাসকলো নিখুঁত নহয় আৰু তেওঁলোকেও তেনে হ’বলৈ নিবিচাৰে। যদি স্বয়ং দেৱতাসকলেই নিখুঁত নহয় বা নিখুঁত হ’ব নিবিচাৰে, তেন্তে আমি সাধাৰণ নৰ-মনিচসকলে নিখুঁত হোৱাৰ মিছা আকাংক্ষাত ডুব গৈ নিজৰ সুখ-শান্তি নিজেই হৰণ কৰাৰ জানো কিবা অৰ্থ আছে? নিশ্চয় নাই।

সেইবাবেই ৱাবি চাবি দৰ্শনৰ প্ৰাসংগিকতা আহি পৰে। কিয়নো এই দৰ্শনে জগতত উপলব্ধ মানুহকে ধৰি অন্যান্য সকলো জীৱ আৰু জড়ৰে এই অস্থায়ী, ক্ৰুটিপূৰ্ণ আৰু অসম্পূৰ্ণ চৰিত্ৰক মানি ল’বলৈ প্ৰেৰণা যোগায়। প্ৰেৰণা যোগায় এইবাবেই কাৰণ তাতেই নিহিত আছে জীৱনৰ অৰ্থ, জগতৰ সৌন্দৰ্য আৰু সুখী হোৱাৰ অমোঘ অস্ত্ৰ।

এই অমোঘ অস্ত্ৰ লাভ কৰিম কেনেকৈ? আহকচোন তাৰ সন্ধানত অগ্ৰসৰ হওঁ– এজন কৃষকে সদায় দূৰণিৰ নদী এখনৰ পৰা দুটা টিঙত ভাৰ বান্ধি ঘৰলৈ পানী আনে। ঘৰত উপস্থিত হৈ কান্ধৰ পৰা ভাৰখন নমাই তেওঁ দেখে যে, এটা টিঙত পানী ভৰ্তি হৈ আহে কিন্তু আনটোত ঘাটি থাকে। ঘাটি থকা টিংটো পৰীক্ষা কৰি তেওঁ দেখিলে টিংটোত এটা নাউমান ফুটা আছে। তথাপিও তেওঁ পানী আনিবলৈ দিনৰ পিছত দিন ধৰি সেই ফুটা টিংটোকেই ব্যৱহাৰ কৰি থাকিল।

পিছে সেই কথাটোক লৈ টিং দুটাৰ মাজত সদায় কথাৰ কটাকটি হয়। কাৰণ নদীৰ ঘাটত ফুটা নথকা টিংটোত যিমান পানী ভৰাই দিয়া হৈছিল ঘৰলৈ সি সিমান পানীয়েই লৈ আহে। সেইটোৱেই তাৰ অহংকাৰ, তাৰ গৌৰৱ। গতিকে সি ভাবে সি গৰাকীৰ কষ্ট সাৰ্থক কৰিব পাৰিছে আৰু সেইবাবেই সি ধন্যবাদৰ পাত্ৰ। বিপৰীতে ফুটা টিংটোৱে তাতকৈ বহুত কম পানী আনে। গতিকে সি মালিকৰ কষ্ট সাৰ্থক কৰাৰ পৰিবৰ্তে অথলে খেদাইছে। তাৰ মতে ফুটা টিংটো একো কামৰ নহয়। সেয়ে সি ফুটা টিংটোক কয়― “তোমাৰ আৰু মোৰ কাৰণে আমাৰ গৰাকীয়ে সমানেই কষ্ট কৰে, কিন্তু তুমি তাৰ মূল্য দিব নোৱাৰা। মই কৰা কামৰ আধা কামহে তুমি কৰা। তুমি আচলতে একো কামৰেই যোগ্য নহয়।”

“মোৰ গাত থকা এটা সাধাৰণ খুঁতৰ বাবেই মই পুতৌৰ পাত্ৰ, সদায় কথা শুনি থাকিব লাগে।”― নিখুঁত টিংটোৰ কটাক্ষ শুনি খুঁতযুক্ত টিংটোৱে এইদৰে দুখ কৰে। সদায় সদায় যেতিয়া পানীভৰ্তি টিংটোৱে এইদৰে ঠাট্টা-মস্কৰা কৰিবলৈ ধৰিলে, তেতিয়া ফুটা টিংটোৱে নিজৰ দুৰ্বলতা স্বীকাৰ কৰি কয়― “তুমি ঠিকেই কৈছা; মই তোমাৰ নিচিনা নিখুঁত নহয়। মোৰ গাত থকা সাধাৰণ ফুটাটোৰ বাবেই মই ঘূণীয়া, যাৰ বাবে মই তোমাৰ সমান কাম কৰিব নোৱাৰোঁ। তাৰ বাবে মই লজ্জিত।” নিখুঁত হ’ব নোৱৰাৰ অসন্তুষ্টিয়ে ফুটা টিংটোক লাহে লাহে বিষণ্ণতাই গ্ৰাস কৰি পেলালে।

টিং দুটাৰ কথোপকথন এদিন কৃষকজনৰ কাণত পৰিলত তেওঁ ফুটা টিংটোক সুধিলে― “আমি অহা-যোৱা কৰা পথটোলৈ তুমি বাৰু কেতিয়াবা মন কৰিছানে? ৰাস্তাটোৰ এটা দিশত ধুনীয়াকৈ বন গজিছে, ফুলৰ গছ গজিছে আৰু সেই ফুলৰ গছত বাৰেৰহনীয়া ফুল ফুলি এটা দৃষ্টিনন্দন পৰিৱেশ নির্মাণ কৰিছে। কিন্তু আনটো দিশত না বন গজিছে, না ফুল; একো নাই। কেৱল শীল আৰু বালি।

কিয় জানানে? মই তোমালোক দুয়োকে সদায় এটা নিৰ্দিষ্ট দিশত ভাৰ বান্ধি পানী কঢ়িয়াওঁ। যেতিয়া তোমালোকক ভাৰ বান্ধি লৈ আহোঁ, তেতিয়া তুমি গোটেই পথচোৱাত পানী দি আহা। তাকে দেখি পথচোৱাত মই এদিন ফুলগুটি সিঁচি দিলোঁ। তাত তুমি সদায় পানী দি অহা বাবে গোটেই পথচোৱাত ধুনীয়া ধুনীয়া ফুলৰ গছ গজি ফুল ফুলিব ধৰিলে। মই তাৰ পৰা ফুল আনি মোৰ ফুলনিখন কৰিছোঁ আৰু ঘৰখনো সজাইছোঁ; যিটো তুমি অবিহনে সম্ভৱ নহ’লহেঁতেন।”

কাহিনীটো শুনি মনলৈ আহিল প্ৰখ্যাত পাৰ্চী কবি ৰুমীৰ এইষাৰ কথালৈ― “A wound is the entrance by which light penetrates you.”