১৫-১৮বছৰ বয়সৰ ৫ কোটিৰো অধিক শিশুৱে প্ৰথম কোভিড-১৯ ভেকছিন পালি লাভ কৰিছে

pc. the Financial Express

১৫-১৮বছৰ বয়সৰ ৫ কোটিৰো অধিক শিশুৱে প্ৰথম কোভিড-১৯ ভেকছিন পালি লাভ কৰিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য মন্ত্ৰী ড০ মনসুখ মাণ্ডৱিয়াই কৈছিল যে ১৫-১৮ বছৰ বয়সৰ পাঁচ কোটিতকৈও অধিক শিশুৱে কোভিড-১৯ ভেকছিনৰ প্ৰথম পালি লাভ কৰিছে। টুইটাৰযোগে তেওঁ কয়, “যুৱ ভাৰতে সম্পূৰ্ণ শক্তিৰে মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে।” ১৫-১৮ বছৰ বয়সৰ শিশুসকলৰ বাবে টিকাকৰণ অভিযান ৩ জানুৱাৰী, ২০২২তাৰিখে আৰম্ভ হৈছিল। ভাৰতে এতিয়ালৈকে ১৭০.২১ কোটিতকৈও অধিক ভেকছিনপালি প্ৰদান কৰিছে।