১৩ বছৰীয়া ডিম্পলক  সম্পৰ্কীয় ককায়েকে হত্যা কৰে

pc- Headline8.in

১৩ বছৰীয়া ডিম্পলক  সম্পৰ্কীয় ককায়েকে হত্যা কৰে

অনলাইন বাৰ্ত্তাসেৱা- অৱশেষত গুৱাহাটীৰ উজান বজাৰৰ কিশোৰী  হত্যাকাৰী আৰক্ষীৰ জালত পৰিল। নিজৰে জেঠায়েকৰ পুতেকে ডিম্পলক হত্যা কৰিছিল। আৰক্ষীৰ আগত ককায়েকজনে এই কথা স্বীকাৰ কৰিছে। সম্পৰ্কীয় ককায়েকজন প্ৰথমে কিশোৰীগৰাকীৰ সৈতে কাজিয়াত লিপ্ত হৈছিল । আৰু খঙতে কুকাৰ, পটাগুটি আৰু ছুৰীৰে আঘাত কৰিছিল ডিম্পলক । সেই স্থানৰ পৰা  ডিম্পলৰ মোবাইল ফোনটো লৈ পলায়ন কৰে ককায়েকজনে। আৰক্ষীয়ে বাৰোৱাৰীৰ এজন বন্ধুৰ ঘৰত লুকুৱাই থোৱা ডিম্পলৰ মোবাইলটো উদ্ধাৰ কৰিছে ।উল্লেখ্য যে, তিনিজনক এই পৰ্যন্ত আটক কৰা হৈছে ৷ আৰক্ষীয়ে আটক কৰা তিনিজনৰ এজন সম্পৰ্কীয় ককায়েক, দ্বিতীয় গৰাকী হত্যাকাৰী কিশোৰীগৰাকীৰ ভাড়াতীয়া ঘৰৰ চুবুৰীয়া আৰু তৃতীয়জন হত্যাকাৰী ককায়েকৰ বন্ধু। সম্পৰ্কীয় ককায়েকে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰাৰ প্ৰায় এমাহৰ পৰা  বাস কৰিছিল দুৰ্ভগীয়া পৰিয়ালটোৰ সৈতে ৷ আন দিনাৰ দৰে সেইদিনাও কিশোৰী ডিম্পলৰ লগত আছিল ককায়েক ৷ ডিচিপি ৰাজবীৰ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে আমি তেওঁক জিম্মাত লৈছো। তেওঁ মৃত ডিম্পলৰ সম্পৰ্কীয় ভাই। আমাৰ জেৰাৰ সময়ত, ল’ৰাজনে স্বীকাৰ কৰিছে যে তেওঁ ডিম্পলক এটা বিবাদৰ বাবে হত্যা কৰিছিল। পিছত, অভিযুক্তজনে তাইৰ মোবাইল ফোনৰ পৰা চিম কাৰ্ডখন আঁতৰাই বাৰোৱাৰী অঞ্চলত থকা তেওঁৰ বন্ধুৰ ঘৰত লুকুৱাই ৰাখিছিল। “ডিম্পল এটা সময়ত তেতিয়া অজ্ঞান হৈ পৰিছিল তেতিয়া ল’ৰাজনে তাইক পিঠিত  চুৰিকাঘাত কৰিছিল  বুলিও ডিচিপিজনে কয়। ইতিমধ্যে, হত্যাকাৰী ককায়েকক লতাশিল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৩০২ ধাৰাৰ অধীনত ৩০৩/২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

 

(RT)