১১,১২ ফেব্ৰুৱাৰীত গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

১১,১২ ফেব্ৰুৱাৰীত গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন

ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- অহা ১১ আৰু ১২ ফেব্ৰৱাৰীত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব । পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অধিৱেশনখনি সাফল্যমণ্ডিত কৰি তোলাৰ অৰ্থে প্ৰবীণ সাংবাদিক, পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি দ্বীপেন দত্তক সভাপতি,সমাজকৰ্মী তনুজ কুমাৰ মহন্তক কাৰ্যকৰী সভাপতি আৰু ৰাজীৱ লস্কৰক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা আদৰণি সমিতি ,উপ-সমিতি সমূহে প্ৰস্তুতি পূৰ্ণ গতিত অব্যাহত ৰাখিছে । গোলাঘাট নগৰৰ ঐতিহ্যমণ্ডিত অজন্তা কলা মণ্ডলৰ বাকৰিত সাহিত্যানুৰাগীৰ সমাৱেশত আজি গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী,অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক,অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰবীন্দ্ৰ নাথ দত্তই । আদৰণি সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰে আঁত ধৰা লাইখুঁটা স্থাপন কাৰ্যসূচীত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰা, সম্পাদক বন্তি বৰা, আদৰণি সমিতিৰ সভাপতি দ্বীপেন দত্ত, গোলাঘাট জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত উপ- সভাপতি গুণেন্দ্ৰ নাথ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা আদৰণি সমিতিৰ মুখ্য উপদেষ্টা দিগন্ত কুমাৰ ভূঞা,আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তনুজ কুমাৰ মহন্ত আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । অধিৱেশনৰ দ্বিতীয় দিনা ১২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত অজন্তা কলা মণ্ডলৰ বাকৰিত সমাৱেশ ঘটিব জিলাখনৰ নবীন-প্ৰবীণ লেখক ,কবি,গল্পকাৰ, ঔপন্যাসিক আদিৰ । পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু আদৰণি সমিতিয়ে জিলাখনৰ ১০০ গৰাকী নবীন-প্ৰবীণ লেখক,কবি,গল্পকাৰ,ঔপন্যাসিক আদিক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ এক ব্যতিক্ৰমী কাৰ্যসুচী গ্ৰহণ কৰিছে । উক্ত অনুষ্ঠান শুভ উদ্বোধন কৰিব বিশিষ্ট লেখক,নিৱন্ধকাৰ ডাঃ অজিত বৰুৱাই । ১১ ফেব্ৰৱাৰীৰ সন্ধিয়াভাগত গোলাঘাট সদৰ কবি সন্মিলন আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ’ব ‘শীতৰ দলিছাত গীত,নৃত্য,কবিতাৰ উমাল সন্ধিয়া’ শীৰ্ষক এক মনোৰম অনুষ্ঠান । উক্ত মনোৰম অনুষ্ঠান উদ্বোধন কৰিব বিশিষ্ট লেখক,শিশু সাহিত্যিক মৃণালিনী গোস্বামীয়ে । অনুষ্ঠানত ভালেসংখ্যক কবি,লেখক,সাংস্কৃতিক কৰ্মীয়ে অংশগ্ৰহণ কৰিব । ১১ ফেব্ৰৱাৰীৰ পুৱা গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰাই পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ পাতনি মেলিব । অধিৱেশনৰ মূল মঞ্চ উদ্বোধন কৰিব বিশিষ্ট লেখক,অধ্যাপক দেৱজিৎ ফুকনে ।এই উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত কৰিশ্মা শইকীয়া সোঁৱৰণি চিত্ৰাংকণ প্ৰতিযোগিতা,পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত মহিলাৰ মাজত চিঠি লিখা প্ৰতিযোগিতা,অখিল গগৈ সোঁৱৰণি সত্ৰীয়া,শংকৰী দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব । বিয়লিভাগত প্ৰতিনিধি সভা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক,সাংবাদিক ভৱেশ শইকীয়াই । ১২ ফেব্ৰৱাৰীৰ দিনৰ ১-৩০ বজাত মুকলি সভাত গোলাঘাট জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি তফজুল হক বৰবৰাই সভাপতিত্ব কৰি জিলা সাহিত্য সভাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিব । মুকলি সভাত মুখ্য অতিথি হিচাপে অসম সাহিত্য সভাৰ নৱ-নিৰ্বাচিত প্ৰধান সম্পাদক ড°উপেন্দ্ৰজিৎ শৰ্মাই অংশগ্ৰহণ কৰিব । মুকলি সভা উদ্বোধন কৰিব বিশিষ্ট লেখক,সাংবাদিক,নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই । সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মুখ্য মহাপ্ৰৱন্ধক ড°কাজল শইকীয়াই বিশিষ্ট লেখক,ঔপন্যাসিক পাৰিজাত বৰুৱাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া অধিৱেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব । মুকলি সভাত সন্মানীয় অতিথি হিচাপে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, নুমলীগড় শোধনাগাৰৰ মানৱ সম্পদ বিভাগৰ মহাপ্ৰৱন্ধক মিণ্টু সন্দিকৈ,বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা,উত্তৰ পূৱ চাহ সংস্থাৰ মুখ্য উপদেষ্টা বিদ্যানন্দ বৰকাকতি,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী অধিবক্তা জয়ন্ত কুমাৰ গোস্বামী, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় মহেশ্বৰ শইকীয়া,সুৰেন্দ্ৰমোহন হাজৰিকা,অধিবক্তা যোগেশ ভূঞা আদিয়ে অংশগ্ৰহণ কৰিব । বিশিষ্ট অতিথি হিচাপে বিশিষ্ট লেখক নুৰুল চুলতান,পৌৰপতি দুলুমণি বৰবৰা,উপ-পৌৰপতি সীমান্ত বৰা,জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত উপ-সভাপতি গুণেন্দ্ৰ নাথ বৰা,জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পুৰঞ্জয় গোস্বামী,প্ৰাক্তন সম্পাদক দিলীপ কুমাৰ শৰ্মা,অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰিক্ষীত দত্ত,সমাজকৰ্মী পূৰ্ণ ৰাজখোৱা,জ্যেষ্ঠ সাংবাদিক অপূৰ্ববল্লভ গোস্বামী আদিয়ে অংশগ্ৰহণ কৰিব । আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক অভিৱৰ্তন গোস্বামী,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপ-সভাপতি জিতুল ৰাজখোৱা,আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ আদি । অধিৱেশনখনিত ৰাইজৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি পুতুল গগৈ আৰু সম্পাদক দীপ হেষ্টিংছ বৰিয়ে ।