হোটেলত অনাকাংক্ষিত এনিশা – পাৰ্থ প্ৰতিম শইকীয়া । নন্দনাথ শইকীয়া মহাবিদ্যালয়

pc- mens xp

হোটেলত অনাকাংক্ষিত এনিশা

= হেল্ল’ শুনিছানে ?
= অঁ শুনি আছো কোৱা ।
= দেওবাৰে মোৰ বাৰ্থদে , তুমি আহিবা আকৌ ।
= হ’ব দিয়া মই যাম ।
= উপহাৰটোৰ কথা মনত আছে নে ?
= আছে অ’ আছে । মই লৈ যাম সকলোবােৰ ।
= উম ঠিক আছে । এতিয়া মই ৰাখিছো দেই , কাম আছে কৰিবলৈ ।
= ok byy .

এইটোৱেই আছিল নিয়ৰলৈ মোৰ অন্তিমটো কল (CALL ) । মোৰ পৰীক্ষাৰ দিন ওচৰ চাপিছিল । ইফালে হোষ্টেলৰ কটকটীয়া নিয়ম । তথাপিও মই ৱাৰ্ডেন বাইদেৱে নজনাকৈ লুকাই – চুৰকৈ কথা পাতিছিলো । নিয়ৰে বাংগালোৰৰ এটা প্ৰখ্যাত কোম্পানীত কাম কৰিছিল । আমাৰ দেখাদেখি খুৱ কমকৈ হৈছিল । মোৰ ঘৰৰ মানুহেও আমাৰ সম্পৰ্কটোক লৈ আপত্তি কৰা নাছিল ।

মোৰ বাৰ্থদে দিনা সি সন্ধিয়া আহি পোৱাৰ কথা । ভাগৰে – জুগৰে ঘৰলৈ উভতি নাযাওঁ বুলি সি মোক হোটেলৰ ৰুম এটা বুক কৰিবলৈ কৈছিল । কথামতেই কাম , মই হোষ্টেলৰ কাষৰ হোটেলৰ ৰুম এটা বুক কৰিলো । সি অহালৈ মই অপেক্ষা কৰিলো । জন্মদিনটো ব্যতিক্ৰমী ৰূপত সজাই তুলিবলৈ বৰ হেঁপাহ আছিল ।

সি ৬ বজাতে আহি পোৱাৰ কথা । প্ৰায় দুঘন্টা সময় পাৰ হৈ গ’ল । সি আহি পোৱা নাই , ঘড়ীটো চালো ৮ বাজিল । ইতিমধ্যে হোটেলৰ বয়্ কেইজনেও দুই তিনিবাৰ আহি অৰ্ডাৰৰ কথা কৈ আছেহি । মই নিয়ৰলৈ ফোন লগাবলৈ চেষ্টা কৰিছিলো যদিও ফোনটো নালাগিল । মোৰ অপেক্ষাত চেঁচাপানী পৰিছিল । মোৰ ধৈৰ্য্যৰ সীমা পাৰ হৈ গৈছিল । মনে মনে খঙো উঠিছিল । ইফালে হােটেলৰ এটা আঁচুতীয়া কোঠাত এজনী নাৰী অকলশৰে , ইশ্বৰক চিন্তা কৰি মই নিয়ৰ অহালৈ অপেক্ষা কৰিলো । সি কোনোদিন মোৰ কথা পেলোৱা নাছিল , গতিকে মই ১০০ % শতাংশ নিশ্চিত আছিলো যে সি দেৰিকৈ হ’লেও আহিব । বাহিৰত প্ৰচণ্ড ধুমুহা আৰু বৰষুণ । খিৰিকীখন খুলি বাহিৰলৈ চালো । সেমেকা বতাহ এজাক সোমাই আহিল । টোপনি টোপনি ভাৱ এটা আহিছিল । শুবলৈ লওঁতেই হঠাৎ লাইটটো নুমাই গ’ল , তৎক্ষণাত মই মোবাইলৰ ফ্লেচলাইটটো জ্বলাই ল’লো । হোটেলৰ বয় এজন আহি মমবাতি এডাল জ্বলাই দিলেহি । তীব্ৰ বতাহ – বৰষুণৰ বাবে ৰাতিটো আন্ধাৰতে থাকিব লাগিব বুলি জনাই থৈ গ’ল ।

দুৱাৰত কোনোবাই টুক – টুক কৰা শব্দ শুনিলোঁ । ঘড়ীটোলৈ চালো ১১ বাজিল । বহু সময় ভাৱি – চিন্তি দুৱাৰখন খুলি দিলো । কাকো নেদেখিলো , ভাৱিলো দুৱাৰখন দেৰিকৈ খোলা বাবে গ’লগৈ ছাগে । হঠাৎ পাছফালৰ পৰা কোনোবাই মোক মতা যেন শুনিলোঁ । ইফালে সিফালে চালো নাই , কোনো নাই । ভয়তে মই কঁপিবলৈ ধৰিলো , দৰ্জাখন বন্ধ কৰি ৰুমটো ভালকৈ নিৰীক্ষণ কৰি ল’লো । দুৱাৰত আকৌ শব্দ হ’ল । ” য’তে বাঘৰ ভয় ত’তে ৰাতি হয় ” এই আপ্তবাক্যষাৰী যেন সিদিনা মোৰ লগত মিলি গৈছিল । ইমান ৰাতি হোটেলত অকলে থকা গম পাই কোনোবা দুষ্টচক্ৰ অাহিছে বুলি ভাৱি মোৰ পেটতে হাত ভৰি লুকাইছিল । মোৰ জীউ ওলাই যাওঁ ওলাই যাওঁ অৱস্হা হ’ল । তথাপিও মই মনত সাহস গোটাই ভয়ে ভয়ে দৰ্জাখন খুলি দিলো । বিস্ময়ত মই অবাক হৈ ৰ’লো । সেই সময়ত মোৰ কেনেকুৱা অনুভৱ হৈছিল মই বুজাব নোৱাৰিম । এয়া দিঠক নে সপোন ? মই মাথোঁ শিলপৰা কপৌটোৰ দৰে তেওঁৰ মুখলৈ চাই আছো । হঠাৎ তেওঁ মোক গাত ধৰি জোঁকাৰি দিলে চেঁচাহাত দুখনৰ পৰশ পাই মই ভাৱনাৰ জগতৰ পৰা উভতি আহিলোঁ । মোক তেওঁ ক’লে = Are you Ok Miss Baruah ? মই নিয়ৰক জোৰকৈ সাৱটি ধৰিলো । বৰষুণত তিতি জুৰুলি জুপুৰি হৈ আহিছিল গোটেইটো । খালী হাতেৰে আহিল সি , অৱশ্যে সেইবাবে মই অকণো দুখ কৰা নাছিলোঁ । বাৰে বাৰে কিয় দেৰি হ’ল বুলি সুধিও মোৰ প্ৰশ্নৰ উত্তৰ নাপালোঁ । বিষণ্ন মন এটা লৈ উদাসীন ভাৱে সি মোৰ কাষত বহিছিল । মমবাতিৰ পোহৰও কমি আহিছিল , মই তাক বহুতো কথা কৈছিলো সি নীৰৱ হৈ শুনি গৈছিল মাথোঁ । মাজে মাজে দুই এটা কথা কৈছিল । ভাৱি ল’লো ইমান দিনৰ মূৰত লগ পোৱা বাবে সি লাজ কৰিছে । মই আনন্দত আপোন – পাহৰা হৈ গৈছিলো । মোৰ প্ৰিয় ব্যক্তিজন মোৰ কাষত ইয়াতকৈ আৰু মোক কি লাগিছে । জগতৰ সমস্ত সুখ যেন ইশ্বৰে মোকেই দিছে । ৰাতি ১২ মান বাজিল । সি গা ধুবলৈ বুলি বাথৰুমত সোমাল । মোৰ মনত বহুতো প্ৰশ্নই অগা- দেৱা কৰি আছিল । সি ইমান দেৰিকৈ কিয় পালেহি ? মোৰ লগত বহুত বেছি কথাও পতা নাই আৰু মনটোওছোন সেমেকা । আচলতে মোৰেই ভুল , ইমান দূৰৈৰ পৰা আহিছে ভাগৰুৱা হৈ আহিছে । মই মিছাতে অদৰকাৰী চিন্তা কৰি আছিলো । হঠাৎ লাইটটো জ্বলি উঠিল । বৰষুণ অলপ অলপ দি আছিল । কোঠাটো পোহৰ হৈ পৰাত মনটো মুকলি মুকলি লাগিল । কিন্ত্ত তৎমুহুৰ্ততে মোৰ মনত এক ৰহস্যই ক্ৰিয়া কৰি গ’ল । আৰে গা ধুবলৈ বুলি নিয়ৰে খুলি থৈ যোৱা কাপোৰ কেইটা নাইছোন । নিয়ৰক বহুবাৰ মাতিলো , নাই সি নামাতিলে । বাথৰুমৰ কাষলৈ গ’লো , দৰ্জাখন জপাই থোৱা আছিল কিন্ত্ত লক কৰি থোৱা নাছিল । দৰ্জাখন থেলি খুলি দিলো , আৰে নিয়ৰ নাইছোন । ওলাই যাবলৈও বেলেগ দৰ্জা নাই এখনেই মাথোঁ দৰ্জা । মই ভয়ত ঘামিবলৈ ধৰিলোঁ । কিংকৰ্ত্তব্যবিমূঢ় হৈ দৰ্জাখনলৈ চালো । মই ওলাই যাবও নোৱাৰো । অদ্ভূত কিছুমান চিন্তাই মোক খুলি খুলি খাইছিল । ভাৱিছিলো নিয়ৰে মোৰ লগত ধেমালি কৰিছে আৰু কৰ’বাত লুকাই আছে । মই নিয়ৰ নিয়ৰ বুলি বহুতবাৰ মাতিলো । নাই সি নাইকিয়া হৈ গ’ল । বাহিৰলৈ ওলাই গৈ হোটেলৰ মেনেজাৰজনক সুধিলো নিয়ৰক দেখিছিল নেকি বুলি ? চিচি টি.ভি কেমেৰা চেক কৰিবলৈ কৈছিলো , কিন্ত্ত মোৰেই কপাল বেয়া আছিল কাৰেন্ট নথকাৰ বাবে কেমেৰাবোৰ অক্ষম হৈ আছিল । উপায় নাপায় মই ৰুমটোতে সোমাই থাকিলোহি । চকা – মকাকৈ দেখা পোহৰ কিছুমানে মোৰ মনৰ ভয় দুগুণে বঢ়ালে । কাপোৰখনেৰে মুখখন ঢাকি ল’লো । মই আচৰিত হৈছিলো আচলতে নিয়ৰ কেনেকৈ অন্তৰ্ধান হ’ল । ফোন কৰি কাকো জনাবও নোৱাৰো । ইমানৰাতি মই অকলে হোটেলত থকা বুলি গম পালে মিছাতে হুলস্হূলহে হ’ব । হঠাৎ মোৰ মোৱাইলটো বাজি উঠিল , মোৱাইলটো ৰিচিভ কৰিবলৈও মোৰ ভয় লাগিছিল । হাতখন কঁপিছিল , কঁপা হাতেৰে যেনে তেনে ফোনটো ৰিচিভ কৰিলো । সিফালৰ পৰা নিয়ৰৰ ভনীয়েকে ফোন কৰিছে । তাইৰ উচুপণি শুনিবলৈ পালোঁ । মই তাইৰ কথা শুনিবলৈ উদগ্ৰীৱ হৈ পৰিছিলো । আচলতে তাইৰ কান্দোনৰ ৰহস্য কি ? কিন্ত্ত তাই কান্দোনত ভাগি পৰিছিল । তাইৰ কথা শুনি মোৰ মুৰত সৰগ ভাগি খহি পৰা যেন অনুভৱ হ’ল । তাইৰ কথা শুনিবলৈ মোৰ ধৈৰ্য্য নোহোৱা হৈছিল । ভয়ত – দুখত মোৰ ভৰি তলৰ মাটি গৰম হৈছিল । মাথোঁ তাইৰ কথা কেইষাৰ মোৰ চৌদিশে প্ৰতিধ্বনিত হৈ ৰৈছিল । ” বা সন্ধিয়া আহি থাকোঁতে দাদাহঁতৰ বাছখনত প্ৰচণ্ড বতাহৰ বাবে এজোপা ডাঙৰ গছ পৰি এক্সিদেন্ট হৈছিল । বা দাদা আৰু এই পৃথিৱীত নাই । আমাৰ সকলো শেষ হৈ গ’ল অ” । ” মোৰ আৰু বুজিবলৈ বাকী নাথাকিল । নিয়ৰে মোক দিয়া কথা আখৰে আখৰে পালন কৰিলে । মাথোঁ এসোপামান ভয় , আশংকা আৰু দুখ মোৰ মনত বহুৱাই থৈ গ’ল । চৌপাশে যেন তাৰেই প্ৰতিচ্ছবি । ভয়ত মোৰ অৱস্হা কাঢ়িল । অকণমান সময়ৰ আগত মোৰ স’তে সময় কটোৱা প্ৰিয়জন আচলতে তেজ মঙহৰ গঢ়া মোৰ নিয়ৰ অহা নাছিল । বৰঞ্চ সি ভগৱানৰ দেশৰ পৰা আহিছিল ।

পাৰ্থ প্ৰতিম শইকীয়া ।
নন্দনাথ শইকীয়া মহাবিদ্যালয় ।
বি.এ দ্বিতীয় ষান্মাষিক ।