হিন্দু – মুছলিম – ছেলিমা বেগম

Pc Daijiworld

হিন্দু – মুছলিম

ছেলিমা বেগম,নগাঁও

আমি একেজন সৃষ্টি কৰ্তাৰ  সৃষ্টি,
ধৰ্ম আমাৰ হিন্দু – মুছলিম দৃষ্টি।
এখন আকাশ আইৰ আঁচলে
চন্দ্ৰ, সূৰ্য দোলা দোলে
একেই তেজ বয়  বুকুৰ তলে ,
আমি একেই তেজৰ হিন্দু -মুছলিম ।
আমি এক দেশৰ বায়ু সেৱন কৰো
একেই দেশৰ পানী পান কৰো ।
একেই দেশৰ মাটিত থাকিবলৈ পাই
সকলোৰে শ্মশানত ঠাই।
আমি একেই ভাষাত মা মাতি ,
হিন্দু মুছলিম কিয় ভেদাভেদ জাতি।
আমি একেই মানুহ হিন্দু -মুছলিম।
জন্ম মৃত্যু বিবাহ সকল ধৰ্মত
নাই জাত পাত আমাৰ মাজত।
ধৰ্মৰ নামত তুচ্চ তাচ্ছিল্য নকৰিব,
মানুহ মানুহ হৈ জীয়াই থাকিব।