হিন্দী দিৱস উপলক্ষে অনলাইনত হিন্দী ৰচনা লিখাৰ প্ৰতিযোগিতা  

pc- times now hindi

হিন্দী দিৱস উপলক্ষে অনলাইনত হিন্দী ৰচনা লিখাৰ প্ৰতিযোগিতা  

অনলাইন বাৰ্ত্তাসেৱা- কামৰূপ গ্ৰাম্য জিলাৰ হিন্দী শিক্ষকৰ গুৰুকুল হোৱাটছএপ গোটৰ উদ্যোগত হিন্দী দিৱস উপলক্ষে এখন জিলাভিত্তিক অনলাইন হিন্দী ৰচনা লিখা প্রতিযোগিতা অনুষ্ঠিত হয়। এই প্রতিযোগিতাত চৰকাৰী বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পৰা অষ্টম শ্রেণীলৈ নিম্ন শাখা আৰু নৱম-দশম শ্রেণী উচ্চ শাখাৰ বাবে জিলাখনৰ শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে।উচ্চ শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে হাহিম জনতা হাইস্কুলৰ দশম শ্রেণীৰ মেঘালী ৰাভা, দ্বিতীয় পুৰস্কাৰ লাভ কৰে লোহাৰঘাট হাইস্কুলৰ দশম শ্রেণীৰ মাইনু দাস, তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে ছমৰীয়া হাইস্কুলৰ নৱম শ্রেণীৰ ঋষভপ্ৰতিম বৈশ্য আৰু বৰটাৰী আঞ্চলিক হাইস্কুলৰ দশম শ্ৰেণীৰ সংগীতা মহন্তই। আৰু নিম্ন শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ৰিম্পী কলিতা, দ্বিতীয় পুৰস্কাৰ লাভ কৰে বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্রেণীৰ ধিতাশ্রী দাস, তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰে সত্ৰাপাৰা আইডিয়েল হাইস্কুলৰ ষষ্ঠ শ্রেণীৰ তপন নাথ আৰু ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ অষ্টম শ্রেণীৰ প্ৰপালিকা কলিতাই।

 

(RT)