হিটলাৰৰ দ্বাৰা অনুপ্ৰাণিত বিজেপি, আনকি তেওঁলোকৰ পোছাকও ভাৰতীয় নহয়: ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী

Pc Zee 5

হিটলাৰৰ দ্বাৰা অনুপ্ৰাণিত বিজেপি, আনকি তেওঁলোকৰ পোছাকও ভাৰতীয় নহয়: ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী

ৰহিলী বাৰ্ত্তােৱা-  ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ “হিন্দু আৰু হিন্দুত্ববাদী” মন্তব্যৰ বাবে সমালোচনা কৰা বিজেপিৰ প্ৰতিক্ৰিয়াক  ব্যক্ত কৰি কয়, “বিজেপিৰ আদৰ্শ মিছা আৰু প্ৰৱঞ্চনাৰ ওপৰত আধাৰিত।” তেওঁ অভিযোগ কৰিছিল যে বিজেপিৰ আদৰ্শসমূহ “হিটলাৰ আৰু মুছলিনিৰ দ্বাৰা অনুপ্ৰাণিত”। তেওঁ দাবী কৰে, “আনকি [বিজেপিৰ] পোছাকও ভাৰতীয় নহয়, তেওঁলোকে বেণ্ড, হাফ-পেণ্ট [আৰু] ক’লা টুপী পিন্ধে।”