হাতী-মানুহৰ সংঘাত: কেৱল ক্ষতিপূৰণ নহয়, প্ৰয়োজন স্থায়ী আৰু দূৰদৰ্শী সমাধানৰ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
বৰ্তমান অসমৰ এক অন্যতম জ্বলন্ত আৰু ভয়ংকৰ সমস্যা হৈছে হাতী-মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বন্য হস্তীৰ জাকে বনাঞ্চল এৰি দলবদ্ধভাৱে মানুহৰ বসতি প্ৰধান অঞ্চলত প্ৰৱেশ কৰাটো এতিয়া এক দৈনন্দিন ঘটনাত পৰিণত হৈছে। হাতীৰ জাকে বিঘাই বিঘাই পকা ধাননি পথাৰ তহিলং কৰিছে, দুখীয়া ৰাইজৰ ভঁৰাল ঘৰ ভাঙিছে আৰু বাসগৃহ ভাঙি চূৰমাৰ কৰিছে। তাতকৈও ডাঙৰ কথা যে, এই সংঘাতৰ ফলত প্ৰতি বছৰে বহুতো নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।
এই ক্ষেত্ৰত বন বিভাগৰ ভূমিকা প্ৰায়েই পৰম্পৰাগত সঁজুলিতে সীমাবদ্ধ থকা দেখা যায়। ফটকা ফুটাই বা জুই জ্বলাই হাতী খেদাৰ যি পুৰণি পদ্ধতি, সেয়া এতিয়া সম্পূৰ্ণ ব্যৰ্থ প্ৰমাণিত হৈছে। আনকি একাংশ লোকে খেতি ৰক্ষা কৰিবলৈ ঘৰুৱা বিদ্যুৎ লাইনেৰে হাতীক শ্বক দিয়াৰ চেষ্টা কৰে, যাৰ ফলত হাতীৰ কৰুণ মৃত্যু ঘটে। ই অকল আইনীভাৱে অপৰাধেই নহয়, বৰং এক অমানৱীয় কাৰ্যও। অসমৰ পাহাৰ আৰু বনাঞ্চলসমূহত হাতীৰ বাবে উপযুক্ত খাদ্যৰ তীব্ৰ অভাৱ ঘটিছে। মানুহৰ বৰ্ধিত বেদখলৰ বাবে বন্য জীৱৰ বাসস্থান সংকুচিত হৈ পৰিছে, যাৰ বাবে বাধা পাইও কেৱল পেটৰ ভোকত হাতী গাঁৱলৈ নামি আহিবলৈ বাধ্য হৈছে।
যেতিয়া কোনো অঞ্চলত হাতী সোমাই উৎপাত কৰে, উত্তেজিত ৰাইজে বন বিভাগৰ বিষয়া-কৰ্মচাৰীক গালি-গালাজ কৰা বা আক্ৰমণ কৰা দেখা যায়। কিন্তু কেৱল বন কৰ্মচাৰীক মাৰধৰ কৰিলে এই সমস্যাৰ সমাধান নহয়। কাৰণ সীমিত সম্পদ আৰু চালি-জাৰি নোচোৱা পৰিকল্পনাৰে তেওঁলোকেও একো কৰিব নোৱাৰে। আনহাতে, মানুহ মৰিলে চৰকাৰে দিয়া কেইটামান টকাৰ ক্ষতিপূৰণ বা ঘৰ ভাঙিলে দিয়া অনুদানে এটা হেৰাই যোৱা জীৱন কেতিয়াও ঘূৰাই আনিব নোৱাৰে। এই হ্ৰস্বম্যাদী সাহায্যই সমস্যাটো জীয়াইহে ৰাখে, সমাধান নকৰে।
গতিকে, চৰকাৰে এতিয়া এই বিষয়টোক এক ‘ৰাষ্ট্ৰীয় সংকট’ হিচাপে লৈ গভীৰভাৱে চিন্তা কৰাৰ আৰু অলপ বাজেট খৰচ কৰাৰ সময় আহি পৰিছে। ইয়াৰ বাবে তলৰ স্থায়ী উপায়সমূহ হাতত লোৱাটো জৰুৰী:
১/ বিজ্ঞানসন্মত স্থানান্তৰকৰণ (Translocation): জনবসতি অঞ্চলত দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই থকা উপদ্ৰৱকাৰী হাতীৰ জাকটোক বৈজ্ঞানিক পদ্ধতিৰে ট্ৰেংকুলাইজাৰ (Tranquilizer/বেহুচ) কৰি, ডাঙৰ কন্টেইনাৰ ট্ৰাকৰ জৰিয়তে অসমৰ বিশাল অভয়াৰণ্য বা ৰাষ্ট্ৰীয় উদ্যানসমূহলৈ লৈ গৈ তাত স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।
২/ বনাঞ্চলত খাদ্যৰ যোগান: চৰকাৰে অৰণ্য আৰু পাহাৰীয়া অঞ্চলসমূহত হাতীৰ প্ৰিয় খাদ্য যেনে— কলগছ, বাঁহ গছ আৰু স্থানীয় ফল-মূলৰ গছ পৰিকল্পিতভাৱে বৃহৎ পৰিমাণে ৰোপণ কৰিব লাগে, যাতে খাদ্যৰ বাবে হাতী অৰণ্যৰ বাহিৰলৈ আহিবলগীয়া নহয়।
৩/ আধুনিক প্ৰতিৰোধ ব্যৱস্থা: জনবসতি আৰু বনাঞ্চলৰ সীমান্তত সৌৰ শক্তি চালিত মৃদু ঝটকা দিয়া ফেঞ্চিং (Solar Fencing) আৰু জৈৱিক প্ৰতিৰোধ (যেনে— নেমুটেঙা বা জলকীয়াৰ খেতি) ব্যৱহাৰ কৰিব লাগে।
অসমৰ আপুৰুগীয়া বন্যপ্ৰাণীক ৰক্ষা কৰা আৰু মানুহৰ ধন-জনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰে এক সম্পূৰ্ণ বিচাৰ-বুদ্ধিসম্পন্ন দীৰ্ঘম্যাদী আঁচনি হাতত লোৱাটো আজিৰ সময়ত অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে।
