ভাৰত বিভাজনৰ কৰুণ ইতিহাসঃ এটি পৰ্যালোচনা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
এইবেলি ২০২৬ চনৰ ১৫ আগষ্ট তাৰিখে আমাৰ দেশ ভাৰতবৰ্ষই ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ বাবে সম্পূৰ্ণ ৰূপে সাজু হৈছে। প্ৰায় পাঁচশ বছৰ ধৰি দেশৰ অগণন জনতাৰ অসীম সাহসিকতা আৰু আত্মত্যাগৰ বিনিময়ত ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু ঔপনিৱেশিক শাসন আৰু শোষণৰ পৰা মুক্তি লাভ কৰি এই দেশে স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছে। যদিও ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক প্ৰথম স্বাধীনতা যুদ্ধ বুলি গণ্য কৰা হয় , কিন্তু ১৭৫৭ চনৰ ২৩ জুনত ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশিক শাসনৰ মূল স্থপতি তথা ইষ্ট ইণ্ডিয়া কোম্পানীৰ সেনাপতি লৰ্ড ক্লাইভ আৰু বঙ্গ-বিহাৰ-উৰিষ্যাৰ
নৱাব চিৰাজ উদ্ দৌলাৰ মাজত হোৱা পলাশী যুদ্ধই আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম উকমুকনি।
তাৰ পিছত ১৯৪৭ চনৰ ১৪ আগষ্টত ইছলামিক ৰাষ্ট্ৰ পাকিস্তান আৰু ১৫ তাৰিখে ধৰ্মনিৰপেক্ষ ভাৰত ৰাষ্ট্ৰ হিচাপে দেশ বিভাজনৰ মাজেৰে দ্বিখণ্ডিত ভাৰতে স্বাধীনতা লাভ কৰে।
দেশ বিভাজনৰ এই কৰুণ ইতিহাসৰ মূল লক্ষ্য,উদ্দেশ্য আৰু কাৰণ সম্পৰ্কে পৰ্যায় কৰিবলৈ প্ৰয়াস কৰিম।
(১) ব্ৰিটিছ শাসকৰ ডিভাইড এণ্ড ৰুল (Divide and Rule Policy) অৰ্থাৎ ভাগ ভাগ কৰা আৰু শাসন কৰা। এই নীতি বা কৌশল হাতত লৈ ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু ঔপনিৱেশিক শাসকে হিন্দু আৰু মুছলমানৰ মাজত বিভাজন আনিবলৈ ১৯০৫ চনত বঙ্গ-ভঙ্গ নীতি চালু কৰিছিল। এই বঙ্গ-ভঙ্গ নীতি অনুসৰি ব্ৰিটিছ ভাইচৰয় লৰ্ড কাৰ্জনে ব্ৰিটিছ ভাৰতৰ বৃহত্তম প্ৰশাসনিক বিভাগ বেঙ্গল প্ৰেচেডেঞ্চিক ৰাজনৈতিক উদ্দেশ্যপ্ৰণিত ভাৱে মুছলমান প্ৰধান অঞ্চল পূৰ্ববঙ্গ আৰু আসাম প্ৰদেশ ( বৰ্তমান বাংলাদেশ , ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল আৰু পশ্চিমবংগৰ জলপাইগুৰি বিভাগ) আৰু হিন্দু প্ৰধান বঙ্গপ্ৰদেশ( বৰ্তমান পশ্চিমবঙ্গ ৰাজ্যৰ প্ৰেচিডেন্সি আৰু বৰ্ধমান বিভাগ, বিহাৰ, ঝাৰখণ্ড আৰু উৰিষ্যা ৰাজ্য ) এই দুভাগত বিভক্ত কৰিছিল। এই বঙ্গ-ভঙ্গ নীতিৰ বিৰুদ্ধে হিন্দু ধৰ্মাৱলম্বীৰ
উচ্চ মধ্যবিত্ত শ্ৰেণীয়ে তীব্ৰ ভাৱে ‘ স্বদেশী ‘ আন্দোলন গঢ়ি তুলিছিল। তেওঁলোকে অনুভৱ কৰিছিল যে, এপিনে পুৰ্ববঙ্গত মুছলমান সকলক আৰু বঙ্গপ্ৰদেশত বিহাৰী আৰু উৰিয়াসকলক প্ৰাধান্য দি হিন্দু বাঙালীসকলক লঘু কৰিবলৈ ব্ৰিটিছ শাসকে ষড়যন্ত্ৰ ৰচনা কৰিছে। শেষত এই আন্দোলনৰ ওচৰত সেও মানি বৃটিছ চৰকাৰে এই বঙ্গ-ভঙ্গ নীতি ৰোধ কৰিবলৈ বাধ্য হৈছিল। তথাপি আমাৰ দেশে স্বাধীনতা লাভ কৰাৰ আগলৈকে ব্ৰিটিছ সাম্ৰাজ্যবাদী আৰু ঔপনিৱেশিক শাসকে এই ‘ডিভাইড এণ্ড ৰুল’ পলিচিৰ জৰিয়তে ভাৰতক দ্বিখণ্ডিত কৰিবলৈ সক্ষম হৈছিল।
দ্বিজাতি তত্ত্ব নীতি:- জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ জাতি-ধৰ্ম-নিৰ্বিশেষে হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, জৈন, বৌদ্ধ,শিখ সকলৰ অগণন জনতাই দেশৰ স্বাধীনতা আন্দোলনত যোগদান কৰা সত্ত্বেও ১৯২৫ চনত ড° কেশৱ বালিৰাম হেডগেৱৰে হিন্দুত্ববাদী জাতীয়তাবাদী দল “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ” ভাৰতত গঠন কৰি ভাৰতক এখন অখণ্ড হিন্দু ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিবলৈ ব্ৰিটিছ শাসকৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ ধৰিলে । ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বিতীয় গৰাকী আধ্যাত্মিক মুখ্য নেতা এম ,এছ, গোৱালকাৰে প্ৰাচীন ভাৰতীয় সভ্যতাৰ সাংস্কৃতিক বৈশিষ্ট্যৰে হিন্দু ধৰ্মক বিশ্বজনীন ৰূপ দিবলৈ প্ৰচেষ্টা হাতত লয় আৰু ভাৰতত বসবাস কৰা অ-হিন্দু ধৰ্মাৱলম্বী লোক সকলক হিন্দুত্বৰ ৰীতি-নীতি আৰু আদৰ্শক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। এই হিন্দুত্ববাদী সাম্প্ৰদায়িক দলৰ আহ্বানত অ-হিন্দু ধৰ্মাৱলম্বী লোক সকলে বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলে ভাৰতত নিৰাপত্তাহীনতা, ভয়-ভীতি আৰু অস্তিত্বৰ সংকটৰ আশঙ্কাত ককবকাবলৈ ধৰিলে। তাৰ পিছত তুৰ্কীস্থানত আৰম্ভ হোৱা খিলাফত আন্দোলনক সমৰ্থন জনাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে মুছলিম নেতৃবৃন্দই আৰম্ভ কৰা খিলাফত আন্দোলনক(১৯১৯-২৪চন) জাতিৰ পিতা মহাত্মা গান্ধীৰ আহ্বানত কংগ্ৰেছ দলে অংশগ্ৰহণ কৰা সত্ত্বেও ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ হিন্দুত্ববাদী নেতাসকলে এই আন্দোলনৰ ঘোৰ বিৰোধিতা কৰাৰ বাবে ভাৰতৰ সৰ্ব সাধাৰণ মুছলমানৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰে। যাৰ ফলত, ১৯৩০ চনত ইছলামিক সাম্প্ৰদায়িক দল মুছলিম লীগৰ নেতৃত্বত দ্বিজাতি তত্ত্বৰ ভিত্তিত ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ইছলাম ধৰ্মাৱলম্বী মুছলমান সকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ দাবী কৰে। আৰম্ভণিতে, পাকিস্তানৰ নিৰ্মাতা কায়দে আজম মহম্মদ আলী জিন্নাই মুছলিম লীগৰ এই দাবীক নস্যাৎ কৰি স্বাধীন ভাৰতৰ প্ৰধান মুৰব্বী প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ যিকোনো এজনক মুছলমানক দিবলৈ কংগ্ৰেছ নেতৃত্বৰ ওচৰত দাবী জনাইছিল। কিন্তু কংগ্ৰেছ দলৰ নেতৃবৃন্দই তেওঁৰ এই দাবী গ্ৰহণ নকৰাৰ বাবে তেওঁৱেই পৃথক ইছলামিক ৰাষ্ট্ৰৰ বাবে প্ৰধান নেতৃত্ব দিছিল।
অৱশ্যে, মহাত্মা গান্ধীৰ নেতৃত্বৰ প্ৰধান অনুগামী হিচাপে ড° জাকিৰ হুছেইন,ড° ফকৰ উদ্দিন আহমেদ,তৈয়বুল্লাকে আদি কৰি মুছলিম কংগ্ৰেছ দলৰ নেতৃবৃন্দৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত হৈ দেশৰ অধিকাংশ মুছলিম লোক সকলে কোনো পৃথক মুছলিম ৰাষ্ট্ৰৰ পোষকতা কৰা নাছিল।
ধৰ্মীয় সংঘাত আৰু সংঘৰ্ষ:- প্ৰাক্তন ইংৰাজ বিচাৰক ছাৰ ছেৰিল ৰেডক্লিফ(Sir Cyril Radcliffe) যাৰ ভালকৈ মেপ অধ্যয়ন কৰাৰ কোনো প্ৰাতিষ্ঠানিক বিদ্যা নাছিল (Cartographic Knowledge) , যিজনে কোনোদিনে ভাৰতবৰ্ষত অহা নাছিল বা আমাৰ দেশৰ বিভিন্ন অঞ্চলৰ মানুহৰ জীৱন ধাৰণ প্ৰণালী,মান,কলা, কৃষ্টি,সংস্কৃতি, সাহিত্য সমন্ধীয় কোনো অভিজ্ঞতা নাছিল ,
তেওঁকেই ভাৰতৰ বঙ্গপ্ৰদেশ আৰু পাঞ্জাৱ প্ৰদেশক ভাৰত আৰু পাকিস্তানৰ মাজত ভগাই দিয়াৰ বাবে সীমা নিৰ্ধাৰণৰ কমিছনাৰ বনাই দিয়া হৈছিল।
যাৰ ফলত, ৰেডক্লিফৰ দ্বাৰা মুছলমান অধ্যুষিত অঞ্চল মুৰ্চিদাবাদ আৰু মালদহ জিলা ভাৰতত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু
হিন্দু অধ্যুষিত অঞ্চল খুলনা আৰু বৌদ্ধ ধৰ্মৰ অধ্যুষিত অঞ্চল চট্টগ্ৰাম পাৰ্বত্য অঞ্চলক পাকিস্তানত অন্তৰ্ভুক্ত কৰা হৈছিল। বৰাক উপত্যকাৰ ছিলেটৰ কৰিমগঞ্জতো পাকিস্তানৰ পতাকা উত্তোলন কৰা হৈছিল। এনেকি অবিভক্ত গোৱালপাৰা জিলাৰ পৰা বৰপেটালৈকে পুৰ্ববঙ্গৰ মুছলিম নেতা মৌলানা আব্দুল হামিদ খান
ভাসানীৰ প্ৰৰোচনাত পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ যো-জা চলিছিল ; কিন্তু কৰিমগঞ্জৰ জনসাধাৰণ প্ৰবল বাধা আৰু অবিভক্ত গোৱালপাৰা জিলাৰ জননেতা,প্ৰয়াত মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ নেতা শৰৎচন্দ্ৰ সিংহৰ নেতৃত্বত অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীৰ হিন্দু আৰু মুছলমান সকলে প্ৰবল প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে অসম ৰাজ্যৰ এক ইঞ্চিমান ঠায়ো পাকিস্তানৰ অন্তৰ্ভুক্ত হোৱা নাছিল ।
আৰু পূৰ্বৰ পাঞ্জাব প্ৰদেশৰ পূব অংশ ভাৰতৰ আৰু পশ্চিম অংশ পাকিস্তানৰ অন্তৰ্ভুক্ত হয়। ১৯৪৭ চনৰ ১৪-১৫ আগষ্টলৈকে অখণ্ড ভাৰতৰ কোটি কোটি জনতাৰ এই ভাৰত আৰু পাকিস্তানৰ সীমা নিৰ্ধাৰণৰ স্পষ্ট ধাৰণা নথকাৰ ফলত পাকিস্তানত অন্তৰ্ভুক্ত হোৱা
৫৮ লক্ষ হিন্দুৱে ভয়, শংকা আৰু নিৰাপত্তাজনিত কাৰণত পশ্চিমবঙ্গলৈ বিশেষকৈ কলিকতা নগৰত ঢাপলি মেলিছিল আৰু কলিকতা নগৰৰ পৰা ২০ লক্ষ মুছলমানে পাকিস্তানলৈ স্থানান্তৰিত হৈছিল। ৬৫ লক্ষ মুছলমানে ভাৰতৰ পূৰ্ব পাঞ্জাৱৰ পৰা পাকিস্তানৰ পশ্চিম পাঞ্জাৱলৈ আৰু ৪৭ লক্ষ হিন্দু আৰু শিখ পাকিস্তানৰ পশ্চিম পাঞ্জাৱৰ পৰা ভাৰতৰ পূৰ্ব পাঞ্জাৱলৈ স্থানান্তৰিত হৈছিল। এই ধৰণে আকস্মিক ভাৱে লাখ লাখ মানুহ বাস্তুচ্যুত হোৱাৰ ফলত মানুহৰ মাজত ইমানেই শংকাৰ ভাৱ সৃষ্টি হৈছিল যে, সঘনাই আন্তঃসাম্প্ৰদায়িক সহিংসতা আৰু নিধন-যজ্ঞ সৃষ্টি হৈ দেশ বিভাজনৰ সময়ত সৰ্বমুঠ এক লাখৰ পৰা বিশ লাখ পৰ্যন্ত মানুহে প্ৰাণ হেৰুৱায়। পূৰ্ব পাঞ্জাৱ আৰু পশ্চিম পাঞ্জাৱত সহিংসতা ইমানেই তীব্ৰ ৰূপ ধাৰণ কৰিছিল যে, পূৰ্ব পাঞ্জাৱৰ এজন মুছলমানো আৰু পশ্চিম পাঞ্জাৱ এজন হিন্দু আৰু শিখ জীয়াই থকা নাছিল বুলি জনা যায়।
প্ৰকৃততে, ১৯৪৬ চনৰ ‘ ডাইৰেক্ট একচন ডে’ বা প্ৰত্যক্ষ সংগ্ৰাম আৰু পৰৱৰ্তী সময়ত গোটেই দেশজুৰি হোৱা ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষই দুখন দেশৰ নাগৰিকৰ মাজত এক নজীৰবিহীন অবিশ্বাসৰ পৰিৱেশ গঢ়ি তুলিছিল ; এতিয়াও এই মন-মানসিকতাৰ অৱসান ঘটা নাই।
পূৰ্বৱৰ্তী ভয়াবহ কলিকতাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ( য’ত হাজাৰ হাজাৰ মুছলমানক নৃশংসতাৰে হত্যা কৰা হৈছিল) প্ৰতিশোধ কল্পে বৃটিছ ভাৰতৰ ১৯৪৬ চনৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত সংঘটিত তৎকালীন পূৰ্ববঙ্গৰ নোয়াখালী আৰু ত্ৰিপুৰা জিলাৰ স্থানীয় জনগণৰ দ্বাৰা সংঘটিত ধাৰাবাহিক গণহত্যা, ধৰ্ষণ, অপহৰণ, হিন্দুসকলক বলপূৰ্বক ভাৱে ধৰ্মান্তকৰণ, লুটপাত আৰু অগ্নিসংযোগৰ ঘটনা ঘটে। পৰৱৰ্তী কালত ১৯৪৬ চনৰ নোয়াখালী আৰু ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ প্ৰতিক্ৰিয়া হিচাপে বিহাৰৰ বিভিন্ন অঞ্চলত মুছলমান সকলৰ ওপৰত নিৰ্যাতন আৰু হত্যাকাণ্ড সংঘটিত হয়। ঐতিহাসিক সকলে দাবী কৰে যে, নোয়াখালী আৰু ত্ৰিপুৰাৰ সাম্প্ৰদায়িক সংঘৰ্ষত হিন্দু নিধনৰ তুলনাত পূৰ্বৱৰ্তী কলিকতা আৰু পৰৱৰ্তী বিহাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষত মুছলমান নিধন দ্বিগুণ হৈ ব্যাপক ক্ষতি সাধন হৈছিল।
পৰিকল্পিত ভাবে সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ নাৰকীয়- বীভৎসতা দেখি গান্ধী-নেহৰু তথা কংগ্ৰেছ নেতৃবৃন্দই মহম্মদ আলী জিন্নাৰ নেতৃত্বত মুছলিম লীগৰ ভাৰত বিভাজনৰ দাবী মানি লয়। যাৰ ফলত লাখ লাখ জনতাৰ আৰ্ত-চিৎকাৰ, কৰুণ বিননি, ভয়াবহ মৃত্যু যন্ত্ৰণা আৰু প্ৰৱাহিত এসাগৰ তেজৰ বিনিময়ত
ভাৰত আৰু পাকিস্তান নামেৰে দ্বিখণ্ডিত দুটি পঙ্গু সন্তানৰ জন্ম হ’ল। নিঃসন্দেহে, এয়াই হ’ল ভাৰত বিভাজনৰ এক কৰুণ ইতিহাস। এতিয়াও ভাৰত আৰু পাকিস্তানৰ আকাশে- বতাহে অতৃপ্ত বিদেহ আত্মাৰ শোকৰ ক্ৰন্দনে সকলো জনগণৰ আত্মাক এক অশান্ত-বেদনাই প্ৰতি মুহূৰ্তত কঁপনি তুলি আছে।
