বৰষুণ
ৰিমী হাজৰিকা, মাজুলী
টোপা টোপে সৰি পৰা ডাৱৰৰ কণাবোৰে
কাণে কাণে কিনো কথা পাতে।
চিপ্চিপ্ কৰি থকা গছৰ পাতবোৰেও
সেউজীয়াৰ পাতনি মেলে।।
শুকান গছৰ পাত আৰু ফুলৰ কলিবোৰে
উলাহত হালি-জালি উঠে।
ৰঙা-নীলা-হালধীয়া ৰামধেনুখনেও
পশ্চিম আকাশত নাচে।।
বৰষুণৰ পানীৰে চোতাল-ঘৰ উপচে,
মইনাহঁতে ও নানা ৰং ধেমালি কৰে
ইকৰা-কাঠিৰে সজা সৰু ঘৰটিও যেন
বৰষুণত উটি যাব খোজে।।
শুকান মাটিত আজি পানীৰে ভৰপূৰ,
কৃষকৰ ঘৰে ঘৰে হাঁহিৰে ফাকু,
বৰষুণে আনিছে আজি উলাহ-উচ্ছাহ
চৌদিশে লাগিছে আবিৰৰ হেঁপাহ ।
