কীৰ্ত্তন-ঘোষাত প্ৰতিফলিত ভক্তিতত্ত্ব আৰু আত্মশুদ্ধি – প্ৰাণ প্ৰতিমা বড়া

Pc অসমীয়া ৱিকিপিডিয়া - Wikipedia

কীৰ্ত্তন-ঘোষাত প্ৰতিফলিত ভক্তিতত্ত্ব আৰু আত্মশুদ্ধি

প্ৰাণ প্ৰতিমা বড়া
অধিবক্তা তথা লেখিকা
গুৱাহাটী

কীৰ্ত্তন-ঘোষা মহাপুৰুষ শংকৰদেৱৰ ধৰ্মীয় আৰু সাহিত্যিক জীৱনৰ অক্ষয় কীৰ্ত্তিস্বৰূপ। কীৰ্ত্তন-ঘোষা প্ৰধানকৈ এখন আখ্যান প্ৰধান গ্ৰন্থ ৷কীৰ্ত্তন-ঘোষা বৈষ্ণৱ ধৰ্মৰ চাৰিপুথিৰ ভিতৰত অন্যতম ৷কীৰ্ত্তনৰ বিভিন্ন আখ্যানসমূহৰ জৰিয়তে ভক্তিতত্ত্বক প্ৰাধান্য দিয়া হৈছে। ভক্তিৰ মাজেৰে ভক্তসকলৰ আচাৰ-নীতি উল্লেখ আছে কীৰ্ত্তন পুথি ।ভক্তিৰ মাধ্যমেৰে ভগৱান সন্তুষ্ট হয় আৰু ভক্তৰ সৈতে মিলিত হয় ।ভক্তিৰ মাধ্যমেৰে ভক্তসকলে আত্মিক শান্তি লাভ কৰে। ভক্তিৰ মাধ্যমেৰে ভক্তই ভগৱানৰ চৰণত আত্মসমৰ্পণ কৰে। মহাপুৰুষজনাই কৈ গৈছে ভক্তিৰ ক্ষেত্ৰত কোনো জাতি,বৰ্ণ,লিংগৰ ভেদ থাকিব নোৱাৰে ।ভক্তিৰ ক্ষেত্ৰত ধন-ঐশ্বৰ্যৰো প্ৰয়োজন নাই । প্ৰহ্লাদ চৰিত্ৰত কোৱা হৈছে-

“তপ জপ যজ্ঞ দান সবে বিড়ম্বন৷ .
কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ”৷৷

কীৰ্ত্তন পুথিৰ সমল হৈছে —–শ্ৰীমদ্ভাগৱতপুৰাণ,পদ্মপুৰাণ,বৃহন্নাৰদীয় পুৰাণ৷,সুত সংহিতা,ভাগৱত বিষ্ণু ধৰ্মোত্তৰ আগম,ব্ৰহ্মপুৰাণ আদি।

কীৰ্ত্তনৰ প্ৰহ্লাদ চৰিত্ৰত আছে—

 শ্ৰৱণ কীৰ্ত্তন      স্মৰণ বিষ্ণুৰ
অৰ্চন পদ সেৱন৷
দাস্য সখিত্ব       বন্দন বিষ্ণুৰ
কৰিব দেহা অৰ্পণ৷৷

মহাপুৰুষজনাই কীৰ্ত্তন পুথিত নবিধ ভক্তিৰ কথা উল্লেখ কৰিছে। সেই নবিধ ভক্তি হৈছে– শ্ৰৱণ,কীৰ্ত্তন,স্মৰণ,পাদসেৱন,অৰ্চন,বন্দন,দাস্যভাৱ,সখ্য আৰু আত্মনিবেদন। এই নবিধ ভক্তিৰ মাধ্যমেৰে ভগৱানক পোৱা যায় বুলি মহাপুৰুষজনাই উল্লেখ কৰিছে। এই নবিধ ভক্তিৰ ভিতৰত উৎকৃষ্ট হৈছে শ্ৰৱণ আৰু কীৰ্ত্তন।

কীৰ্ত্তন পুথিত গুৰুজনাই উল্লেখ কৰিছে-

“শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ
সমস্ত ভূতকে দেখিবেক নাৰায়ণ৷”

মহাপুৰুষজনাই  কৈছে সমস্ত ভূতকে নাৰায়ণ বুলি মানি লৈ ভক্তিত আত্মনিবেদন কৰিবলৈ কৈছে। ভগৱানৰ পৰম সত্যক উপলব্ধি কৰিবলৈ জ্ঞানতকৈ ভক্তিৰ মাহাত্ম্যহে অধিক গুৰুত্বপূৰ্ণ বুলি কৈছে ৷ভগৱান কৃষ্ণৰ নাম ,লীলা,গুণ আদিৰ উচ্চাৰণ কৰায়েই কীৰ্ত্তন। কীৰ্ত্তন পুথিৰ আখ্যান সমূহৰ জৰিয়তে মহাপুৰুষজনাই ’ধৰ্মৰ জয় অধৰ্মৰ পৰাজয়’ বুলি মানি লৈ ভগৱান কৃষ্ণৰ মাহাত্ম্য উল্লেখ কৰিছে ।

সমাজৰ বাস কৰা প্ৰতিজন লোকেই এই আখ্যান সমূহ ভক্তি ভাৱেৰে হৃদয়গম কৰিলে মানুহৰ আত্মশুদ্ধি হয়৷ আত্মশুদ্ধি হ’বলৈ হ’লে ভক্তিমাৰ্গৰ দিশটো অনুকৰণ কৰিব লাগিব৷ আত্মশুদ্ধি হ’বলৈ হ’লে —মানুহৰ মনত ঠাই লোৱা আমাৰ শত্ৰুবোৰ যেনে — অহংকাৰ, কাম, ক্ৰোধ, হিংসা, ক্ষোভ, লোভ-মোহ আদি মনৰ বিকাৰবোৰক মনৰ পৰা আঁতৰাবলৈ যত্ন কৰিব লাগিব৷ আমি মানুহবোৰৰ মন মায়া মোহত অন্ধ হৈ পৰোঁ বাবে আমি ভক্তিমাৰ্গৰ  পথটো অনুকৰণ কৰিবলৈ কষ্টকৰ হয়৷ সেয়ে আমি আত্মশুদ্ধিৰ পথটো আকোঁৱালি ল’বলৈ আমি অপাৰগ হৈ পৰোঁ৷ গুৰুজনাই দেখুৱাই যোৱা পথেৰে আমি আগুৱাই যাবলৈ হ’লে আমি এই আখ্যান সমূহৰ নীতিক আঁকোৱালি ল’ব লাগিব ৷

সমাজৰ জাতিভেদ,অনৈক্যতাআদি আতঁৰাই হৰিনামৰ শ্ৰৱণ কীৰ্ত্তনকে ধৰি নবিধ ভক্তিৰ জৰিয়তে কীৰ্ত্তনৰ মাধ্যমেৰে শূদ্ৰ-অন্ত্যজ আদি নিম্ন শ্ৰেণীক আকোঁৱালি লৈ এখন সংস্কাৰপূৰ্ণ সমাজ গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাই গৈছিল মহাপুৰুষজনাই ।কীৰ্ত্তন-ঘোষাৰ আখ্যানসমূহৰ জৰিয়তে জনসাধাৰণৰ মাজত নীতি শিক্ষা আৰু ধৰ্মৰ শিক্ষা দিয়াটোৱেই তেওঁৰ মূল উদ্দেশ্য আছিল। গতিকে এই মহান গ্ৰন্থৰ আখ্যান সমূহ হৃদয়গম কৰি আমাৰ সৎ কৰ্মৰ জৰিয়তে আত্মশুদ্ধিৰ মাধ্যমেৰে ভক্তিৰসত মিলিত হৈ নিজৰ লগতে সমাজৰ কল্যাণ কৰিবলৈ আমি সামৰ্থ্য হ’ব পাৰিম৷ কীৰ্ত্তন-ঘোষা পুথিখন অসমীয়া জাতীয় জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভক্তিতত্ত্ব পুথি হিচাপে স্বীকৃতি দিব পাৰি।