ছচিয়েল মিডিয়াৰ ‘৮০ৰ দশকৰ এআই ট্ৰেণ্ড’: চৰা বজাৰদৰৰ কৰুণ বাস্তৱ বনাম মানৱীয় মূল্যবোধৰ পুনৰুজ্জীৱন – শচীন্দ্ৰ কুমাৰ দাস

Pc Hindustan Times

ছচিয়েল মিডিয়াৰ ‘৮০ৰ দশকৰ এআই ট্ৰেণ্ড’: চৰা বজাৰদৰৰ কৰুণ বাস্তৱ বনাম মানৱীয় মূল্যবোধৰ পুনৰুজ্জীৱন

শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী

বৰ্তমান ছচিয়েল মিডিয়া খোলিলেই চকুত পৰে এটা নতুন ট্ৰেণ্ড। মন্ত্ৰী, বিধায়ক, নেতা-পালি নেতাৰ পৰা আৰম্ভ কৰি চিনেমা জগতৰ তাৰকা আৰু সৰ্বসাধাৰণ ছ’চিয়েল মিডিয়াত সক্ৰিয় ব্যৱহাৰকাৰী—সকলোৱেই যেন বৰ্তমান বুৰ গৈছে ‘৮০ৰ দশকৰ এআই ট্ৰেণ্ড’ত । কৃত্ৰিম বুদ্ধিমত্তা বা এআই ব্যৱহাৰ কৰি মুহূৰ্তৰ ভিতৰতে নিজৰ বৰ্তমানৰ ফটোখনক ৮০ৰ দশকৰ সাজ-পোছাক আৰু শৈলীলৈ সলনি কৰি সকলোৱে পোষ্ট কৰিছে। দাবী কৰা হৈছে—ইয়াৰ দ্বাৰা হেনো ৮০ৰ দশকৰ হেৰাই যোৱা স্মৃতি ঘূৰি আহিছে। কিন্তু বৰ্তমানৰ চৰা বজাৰদৰ আৰু অৰ্থনৈতিক সংকটৰ মাজত জীৱন সংগ্ৰাম কৰা সাধাৰণ মানুহৰ বাবে এই যান্ত্ৰিক কাৰচাজি কেৱল এক ডিজিটেল ভণ্ডামি আৰু ক্ৰুৰ পৰিহাস যেনহে অনুভৱ হয়।

মূল্যবৃদ্ধিৰ কোৱাল গ্ৰাস আৰু ৮০ৰ দশকৰ বজাৰ:
আজিৰ দিনত বজাৰলৈ গ’লে সাধাৰণ মানুহৰ মূৰত আকাশ ঘহি পৰে। পেট্ৰ’ল-ডিজেলৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছ আৰু প্ৰতিখন শাক-পাচলি, দাইল-চাউলৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে মধ্যবিত্ত আৰু নিম্নবিত্ত সমাজৰ পকেট উদং কৰি দিছে। অথচ, ৮০ৰ দশকত অতি কম টকাৰেই এটা পৰিয়ালে গোটেই মাহটো আনন্দৰে চলিব পাৰিছিল। বজাৰ মূল্য কম থকাৰ বাবে মানুহৰ মাজত আজিৰ দৰে হাহাকাৰ বা মানসিক চাপ নাছিল। আজিৰ দিনত হাজাৰ হাজাৰ টকা খৰচ কৰিও পৰিয়াল এটা চলাবলৈ থতমত খাবলগীয়া অৱস্থাত, ছচিয়েল মিডিয়াত এআই ফটো দি ৮০ৰ দশকৰ সোৱাদ লোৱাৰ ফেশ্বনটোৱে পুৰণি দিনৰ সেই স্বস্তি আৰু শান্তিপূৰ্ণ স্মৃতিক তীব্ৰভাৱে ম্লান কৰা যেন অনুভৱ হয়।

প্ৰকৃতিৰ ধবংস আৰু সমাজৰ জটিলতা:
উন্নয়নৰ নামত আজি আমি প্ৰকৃতিৰ বিনন্দীয়া ৰূপ ধূলিসাৎ কৰিছোঁ। অসমৰ মহান মণীষী আনন্দৰাম ঢেকিয়াল ফুকনে এদিন কৈছিল—”অসমৰ হাবি গুচি ফুলবাৰী হ’ব।” কিন্তু আজিৰ যান্ত্ৰিক যুগত সেই কথাশাৰী এক ভয়ংকৰ ৰূপত সঁচা প্ৰমাণিত হৈছে। উন্নয়ন কৰাৰ নামত যধে-মধে গছ কটা হৈছে, পাহাৰ খন্দা হৈছে। যাৰ পৰিণতিত বন্য জীৱ-জন্তুৰ বাসস্থান ধ্বংস পাইছে আৰু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পাইছেগৈ। একেদৰে, মানুহৰ মনবোৰো আজি ইজনে সিজনৰ প্ৰতি স্বাৰ্থপৰ আৰু জটিল হৈ পৰিছে। সমাজত হত্যা, লুণ্ঠন আৰু প্ৰৱঞ্চনাৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে।

পৰিৱৰ্তনৰ নতুন পোহৰ: এক আশাৰ বতৰা
কিন্তু আন্ধাৰ যিমানেই গভীৰ নহওক কিয়, পূব আকাশত ৰেঙণি ওলাবই। ছচিয়েল মিডিয়াৰ এই এআই ট্ৰেণ্ডে হয়তো আমাক ক্ষন্তেকীয়া আমোদ দিছে, কিন্তু ইয়াৰ এটা ইতিবাচক দিশো আছে। এই ট্ৰেণ্ডটোৱেই আজি আমাৰ নতুন প্ৰজন্মক সোঁৱৰাই দিছে যে আমাৰ অতীতটো কিমান সুন্দৰ, শান্ত আৰু নিৰ্ভেজাল আছিল। ই মানুহৰ মনত পুৰণি দিনৰ সেই হেৰাই যোৱা প্ৰমূল্যবোধৰ প্ৰতি এক তীব্ৰ হাবিয়াস আৰু সাৰ পাই উঠা চেতনাৰ সৃষ্টি কৰিছে।

আজিৰ এই জটিল ক্ষণতো বহু সচেতন যুৱক-যুৱতী আৰু সমাজে প্ৰকৃতি সুৰক্ষাৰ বাবে আকৌ কঁকালত টঙালি বান্ধিছে। যধে-মধে গছ কটাৰ বিৰুদ্ধে এতিয়া কেৱল চৰকাৰী আইন নহয়, জনসাধাৰণ নিজে সজাগ হৈ পৰিছে; বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ থলুৱা প্ৰচেষ্টা গঢ়ি উঠিছে। বজাৰত বিষাক্ত ৰাসায়নিক খাদ্যৰ বিপৰীতে এতিয়া পুনৰ থলুৱা, অৰ্গেনিক আৰু প্ৰাকৃতিক কৃষি পদ্ধতিৰ আদৰ বাঢ়িবলৈ ধৰিছে। মানুহে বুজি উঠিছে যে প্ৰযুক্তিৰ যান্ত্ৰিকতাতকৈ বুকুৰ মৰম আৰু আন্তৰিকতাহে আচল।

জোৰ কৰি পুৰণি দিনৰ ৰূপ ল’লেই পুৰণি মূল্যবোধ ঘূৰি নাহে সঁচা, কিন্তু আজিৰ মানুহে সেই পুৰণি শান্তিময় দিনবোৰলৈ ঘূৰি যাবলৈ যি ব্যাকুলতা প্ৰকাশ কৰিছে, সেয়াই আমাক এক উজ্জ্বল ভৱিষ্যতৰ আশা দেখুৱাইছে। ছচিয়েল মিডিয়াৰ এই ডিজিটেল ট্ৰেণ্ডটোৱেই এদিন বাস্তৱ জীৱনৰ এক ডাঙৰ বিপ্লৱলৈ পৰিণত হ’ব, য’ত মানুহে আকৌ ইজনে সিজনক বিশ্বাস কৰিবলৈ শিকিব, প্ৰকৃতি সেউজীয়া হ’ব আৰু সমাজখন মূল্যবৃদ্ধি আৰু জটিলতাৰ ঊৰ্ধ্বলৈ গৈ আকৌ এবাৰ নিৰ্ভেজাল মৰমেৰে উপচি পৰিব। অতীতৰ সোণালী স্মৃতিয়ে আমাৰ বৰ্তমানক সজাই তোলাৰ শক্তি দিওক—তাৰেই কামনাৰে।