স্মৃতি-কবিতা দত্ত লহকৰ (ৰঙিয়া)

কিমান কষ্ট পালে বাৰু
কোনোবাই নিজক নিঃশেষ কৰি দিব পাৰে?
কিমান দুখ পালে বাৰু
কোনোবাই আপোনজনক এৰি আহিব পাৰে
নাজানো, নুবুজো
কেতিয়াও বুজিবলৈচেষ্টাও নকৰো
কাৰণ , তুমিযে এতিয়া মোৰ
পাহৰণিৰ গৰ্ভত।
সকলোবোৰ এতিয়া মাথো স্মৃতি,
যাক বহু চেষ্টা কৰিও
পাৰা নাই পাহৰিব
সেই উন্মাদনা নিশাবোৰ ।
যত তুমি মোৰ হৃদয়ত
সুপ্ত আৱৰণ খুলি
অমানিশাৰ এন্ধাৰ আতৰাই
বিলীন হৈছিলা দুয়োৰে মাজত ।
কিন্তু এতিয়া যে
সেয়াও পাহৰণিৰ গৰ্ভত ।
নাজানো ভুল মোৰ কত হল।
নাজানো নুবুজো
কেতিয়াও বুজিবলৈ চেষ্টাও নকৰো।