স্মৃতিৰ গৰম বন্ধ-নিতিষ্মান দাস

Pc Medium

স্মৃতিৰ গৰম বন্ধ

আহিল গৰম দিন, নতুন দিগন্ত লৈ,
মন যায় মোৰ কিবা নতুন কৰিবলৈ ।
খেলিম মই খেল নানা ধৰণৰ,
ভাবিছোঁ যাম ফুৰিবলৈ মামাৰ ঘৰ।
মোৰ বন্ধুসকল ফুৰিবলৈ গ’ল,
বিদ্যালয় এতিয়া বন্ধ হ’ল।
শ্ৰদ্ধাৰ শিক্ষক সকলক ঘৰলৈ মাতিম,
শ্ৰদ্ধাৰে মই গামোচা যাচিম।
কিমান যে মোৰ ভাল লাগিব,
কিমান যে মোক আশীর্বাদ দিব।
কৈছে মোক নতুন কিতাপ পঢ়িবলৈ,
ফুৰিবলৈ গ’লে কিবা নতুন শিকিবলৈ ।
ওচৰৰ পথাৰত কৃষি আৰম্ভ হৈছে,
ৰুৱনীয়ে কঠিয়া ৰুৱাত লাগিছে।
মহ আৰু নাঙলেৰে হাল বাইছে,
কি যে মোৰ আনন্দ লাগছে।
চৰাইবোৰে আনন্দতে, গাইছে সুৰীয়া গান,
ৰুৱনীৰ বাবে লৈ যাওঁ ভাত আৰু জলপান।
সমনীয়াৰ সৈতে পুখুৰীত মাছ ধৰিছোঁ,
লগতে অলপ ধেমালি আৰু কথা পাতিছোঁ।
খেলিছো খেল নানা ধৰণৰ,
আবেলি আৰু পুৱা হয় বৰষুণৰ বতৰ।
গৰম বন্ধ সকলোৰে এটি স্মৃতি হয়,
ভাল লাগে! যেতিয়া শীতল বতাহ বয়।
গছত লাগিছে আম আৰু কঁঠাল,
সোৱাদত মিঠা, আৰু শৰীৰৰ বাবে ভাল।
আশা কৰোঁ ঈশ্বৰে ৰাখক সুখ সমৃদ্ধি,
প্ৰকৃতিৰ সম্প্ৰীতিয়ে যেন ৰাখক শান্তি।

-নিতিষ্মান দাস

অষ্টম শ্ৰেণী