স্বাস্থ্যসেৱা সহায়ক: চাকৰি, দক্ষতা আৰু স্বনিয়োজনৰ সম্ভাৱনাময় ক্ষেত্ৰ
ড° বুলজিৎ বুঢ়াগোহাঁই
কেৰিয়াৰ পৰামৰ্শদাতা তথা
মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ,
অসম ডন বস্ক’ বিশ্ববিদ্যালয় ,
আজাৰা,গুৱাহাটী
স্বাস্থ্যসেৱা সমাজৰ এক গুৰুত্বপূৰ্ণ আৰু দায়িত্বশীল সেৱা খণ্ড। গুণগত আৰু ফলপ্ৰসূ চিকিৎসা নিশ্চিত কৰিবলৈ চিকিৎসক-নাৰ্ছৰ লগতে দক্ষ স্বাস্থ্যসেৱা সহায়কৰো প্ৰয়োজন। ৰোগীৰ দৈনন্দিন যত্ন, নমুনা সংগ্ৰহ, পৰীক্ষাগাৰ, অপাৰেচন থিয়েটাৰ, ডায়েলাইছিছ, জৰুৰীকালীন সেৱা, পুনৰ্বাসন আৰু ঘৰুৱা যত্নত তেওঁলোকে উল্লেখযোগ্য ভূমিকা পালন কৰে।
বৰ্তমান স্বাস্থ্যসেৱা খণ্ড দ্ৰুতগতিত বিকশিত হৈছে। জনসংখ্যা বৃদ্ধি, গড় আয়ুস বৃদ্ধি, জীৱনশৈলীজনিত ৰোগ আৰু স্বাস্থ্য সচেতনতা বৃদ্ধিৰ ফলত চিকিৎসা আৰু যত্নৰ চাহিদা বাঢ়িছে। হোম হেল্থকেয়াৰ, বৃদ্ধ যত্ন, পুনৰ্বাসন, টেলিমেডিচিন আৰু ডায়েগনষ্টিক সেৱাৰ বিকাশে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে।
বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে দীৰ্ঘম্যাদী উচ্চ শিক্ষা গ্ৰহণ নকৰাকৈ তুলনামূলকভাৱে কম সময়ৰ ভিতৰত ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা আহৰণ কৰি কৰ্মজীৱন আৰম্ভ কৰিব বিচাৰে, তেওঁলোকৰ বাবে এই ক্ষেত্ৰখন যথেষ্ট উপযোগী। অৱশ্যে কেৱল এটা প্ৰমাণপত্ৰ বা কাৰিকৰী প্ৰশিক্ষণেই এই পেছাত সফলতাৰ বাবে যথেষ্ট নহয়। কাৰিকৰী জ্ঞানৰ লগতে মানৱীয়তা, যোগাযোগ ক্ষমতা, পেছাদাৰী নৈতিকতা আৰু দায়িত্ববোধৰ সমন্বয়ো সমানেই প্ৰয়োজনীয়।
এজন স্বাস্থ্যসেৱা সহায়কৰ অন্যতম প্ৰধান গুণ হৈছে ৰোগীৰ সৈতে সন্মান, সহানুভূতি আৰু সমমৰ্মিতাৰে ব্যৱহাৰ কৰিব পৰা ক্ষমতা। অসুস্থতাৰ সময়ত এজন ব্যক্তিয়ে শাৰীৰিক সমস্যাৰ উপৰি মানসিক উদ্বেগ, ভয় আৰু অনিশ্চয়তাৰো সন্মুখীন হ’ব পাৰে। এনে পৰিস্থিতিত নম্ৰ আৰু সহানুভূতিশীল আচৰণে ৰোগীৰ মনত নিৰাপত্তা আৰু বিশ্বাসৰ অনুভূতি সৃষ্টি কৰে।
উন্নত যোগাযোগ দক্ষতাও এই পেছাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ৰোগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সহজ আৰু স্পষ্ট ভাষাত কথা পতাৰ লগতে চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্য পেছাদাৰীৰ সৈতে সঠিকভাৱে তথ্য আদান-প্ৰদান কৰিব পাৰিব লাগিব। ইয়াৰ উপৰি সংক্ৰমণ নিয়ন্ত্ৰণ, প্ৰাথমিক চিকিৎসা, চিপিআৰৰ মৌলিক জ্ঞান, ৰোগীৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগীৰ যতনৰ ক্ষেত্ৰত উপযুক্ত প্ৰশিক্ষণ থকাটো প্ৰয়োজনীয়।
স্বাস্থ্যসেৱা মূলতঃ দলীয় কামৰ ক্ষেত্ৰ। সেয়েহে সহকৰ্মীৰ সৈতে সমন্বয়, সময় ব্যৱস্থাপনা, সঠিক নথিপত্ৰ সংৰক্ষণ, কম্পিউটাৰৰ মৌলিক জ্ঞান, পেছাদাৰী নৈতিকতা আৰু ৰোগীৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰক্ষা কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। মানসিক চাপৰ মাজতো শান্তভাৱে কাম কৰাৰ ক্ষমতা, সমস্যা সমাধানৰ দক্ষতা, ধৈৰ্য, অনুশাসন আৰু দায়িত্ববোধে এজন কৰ্মীক অধিক দক্ষ আৰু বিশ্বাসযোগ্য পেছাদাৰী হিচাপে গঢ়ি তোলে।
শিক্ষাৰ্থীৰ শৈক্ষিক অৰ্হতা, আগ্ৰহ আৰু কেৰিয়াৰ লক্ষ্য অনুসৰি এই খণ্ডত প্ৰৱেশৰ বাবে বিভিন্ন ধৰণৰ পাঠ্যক্ৰম আৰু প্ৰশিক্ষণৰ সুযোগ আছে। হ্ৰস্বম্যাদী প্ৰশিক্ষণৰ জৰিয়তে সোনকালে কৰ্মজীৱন আৰম্ভ কৰিব বিচৰাসকলে স্বাস্থ্যসেৱাৰ বিভিন্ন চাৰ্টিফিকেট কোৰ্চ, জেনেৰেল ডিউটি এচিষ্টেণ্ট, পেচেণ্ট কেয়াৰ এচিষ্টেণ্ট আৰু ফ্লেবটমী টেকনিচিয়ানৰ দৰে ক্ষেত্ৰ বাছি ল’ব পাৰে।
আনহাতে, অধিক বিশেষ কাৰিকৰী দক্ষতা আহৰণ কৰিব বিচৰাসকলে ডিপ্লমা ইন মেডিকেল লেবৰেটৰী টেকন’লজি, অপাৰেচন থিয়েটাৰ টেকন’লজি, ডায়েলাইছিছ টেকন’লজি, ইমাৰ্জেন্সি মেডিকেল টেকন’লজি, মেডিকেল ইমেজিং টেকন’লজি, ৰেডিঅ’লজি টেকন’লজি, অপ্টোমেট্ৰি টেকন’লজি আৰু ফিজিঅ’থেৰাপি এচিষ্টেণ্ট আদি ক্ষেত্ৰৰ পাঠ্যক্ৰম বিবেচনা কৰিব পাৰে।
দক্ষতা বিকাশৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম, এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচী আৰু চিকিৎসালয়ভিত্তিক প্ৰশিক্ষণেও সহায় কৰিব পাৰে। অৱশ্যে কোনো পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ আগতে প্ৰতিষ্ঠানটোৰ স্বীকৃতি, পাঠ্যক্ৰমৰ মান, ব্যৱহাৰিক প্ৰশিক্ষণৰ সুবিধা আৰু সংশ্লিষ্ট পেছাৰ বাবে প্ৰয়োজনীয় পঞ্জীয়ন বা অনুমোদনৰ বিষয়ে নিশ্চিত হোৱা উচিত।
স্বাস্থ্যসেৱা সহায়কসকলৰ বাবে নিয়োগৰ সুযোগ কেৱল চিকিৎসালয়তে সীমাবদ্ধ নহয়। চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়, নাৰ্চিং হোম, ডায়েগনষ্টিক লেবৰেটৰী, ব্লাড বেংক, ডায়েলাইছিছ চেণ্টাৰ, এম্বুলেন্স সেৱা, পুনৰ্বাসন কেন্দ্ৰ আৰু ফিজিঅ’থেৰাপি ক্লিনিকত কৰ্মসংস্থাপনৰ সুযোগ আছে। ইয়াৰ উপৰি ডেন্টাল ক্লিনিক, হোম হেল্থকেয়াৰ এজেন্সী, এলডাৰ কেয়াৰ চেণ্টাৰ, ফাৰ্মাচী, মেডিকেল ইকুইপমেণ্ট কোম্পানী, স্বাস্থ্য বীমা, টেলিমেডিচিন আৰু মেডিকেল টুৰিজিমৰ দৰে ক্ষেত্ৰতো দক্ষ কৰ্মীৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে।
এন জি অ’ আৰু বিভিন্ন কমিউনিটি হেল্থ প্ৰগ্ৰামতো প্ৰশিক্ষিত কৰ্মীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। অভিজ্ঞতা আৰু অধিক শিক্ষাৰ জৰিয়তে কেৰিয়াৰৰ পৰিসৰো বহল কৰিব পাৰি। আগ্ৰহ আৰু যোগ্যতা অনুসৰি নাৰ্চিং, এলাইড হেল্থ ছায়েন্স, ফিজিঅ’থেৰাপি, ফাৰ্মাচী, মেডিকেল লেবৰেটৰী টেকন’লজি বা বায়’মেডিকেল ইঞ্জিনিয়াৰিঙৰ দৰে ক্ষেত্ৰত উচ্চ শিক্ষা গ্ৰহণ কৰি অধিক দায়িত্বশীল পদলৈ আগবাঢ়িব পাৰি। অভিজ্ঞতা আৰু বিশেষ প্ৰশিক্ষণৰ ভিত্তিত জ্যেষ্ঠ কাৰিকৰী, তত্বাৱধায়ক বা পৰিচালনামূলক দায়িত্ব লাভ কৰাৰো সুযোগ থাকে।
চাকৰিৰ উপৰি স্বাস্থ্যসেৱা খণ্ডত স্বনিয়োজন আৰু সেৱাভিত্তিক উদ্যোগ গঢ়ি তোলাৰ সম্ভাৱনাও বৃদ্ধি পাইছে। প্ৰয়োজনীয় প্ৰশিক্ষণ, অভিজ্ঞতা আৰু প্ৰযোজ্য অনুমোদন লাভ কৰাৰ পিছত হোম হেল্থকেয়াৰ, পেচেণ্ট কেয়াৰ, বৃদ্ধ যত্ন আৰু পুনৰ্বাসন সহায়ক সেৱাৰ দৰে ক্ষেত্ৰত উদ্যোগ আৰম্ভ কৰিব পাৰি। একেদৰে এম্বুলেন্স সেৱা, ডায়েগনষ্টিক নমুনা সংগ্ৰহ, চিকিৎসা বিলিং আৰু ক’ডিং, চিকিৎসা নথিপত্ৰ ব্যৱস্থাপনা আৰু স্বাস্থ্যসেৱা প্ৰশিক্ষণৰ দৰে ক্ষেত্ৰতো উদ্যোগৰ সুযোগ আছে। অৱশ্যে স্বাস্থ্যসেৱা সম্পৰ্কীয় যিকোনো ব্যৱসায় বা সেৱা আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট আইন, পঞ্জীয়ন, অনুমোদন আৰু পেছাদাৰী মানদণ্ড সম্পৰ্কে সঠিক জ্ঞান লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এই সংবেদনশীল খণ্ডত সেৱাৰ গুণগত মান, নৈতিকতা আৰু ৰোগীৰ সুৰক্ষাক সদায় সৰ্বাধিক গুৰুত্ব দিব লাগিব।
স্বাস্থ্যসেৱাৰ ভৱিষ্যৎ কেৱল চিকিৎসালয়কেন্দ্ৰিক হৈ নাথাকিব। হোম হেল্থকেয়াৰ, টেলিমেডিচিন, জেৰিয়াট্ৰিক কেয়াৰ, পুনৰ্বাসন, প্ৰিভেণ্টিভ হেল্থকেয়াৰ আৰু কমিউনিটি হেল্থকেয়াৰৰ লগতে হেল্থ ইনফৰ্মেটিক্স, ডিজিটেল হেল্থ ৰেকৰ্ড আৰু ৰিম’ট পেচেণ্ট মনিটৰিঙৰ দৰে নতুন ক্ষেত্ৰৰো দ্ৰুত বিকাশ ঘটিছে।
আধুনিক চিকিৎসা সঁজুলি, ডিজিটেল স্বাস্থ্য ব্যৱস্থা আৰু এআই-সহায়ক ডায়েগনষ্টিকছৰ প্ৰসাৰে স্বাস্থ্যসেৱা কৰ্মীৰ কামৰ ধৰণ সলনি কৰিছে। সেয়েহে ভৱিষ্যতৰ স্বাস্থ্যসেৱা সহায়কসকলৰ বাবে পৰম্পৰাগত কাৰিকৰী জ্ঞানৰ লগতে ডিজিটেল দক্ষতা, তথ্য ব্যৱস্থাপনা আৰু নতুন প্ৰযুক্তিৰ সৈতে খাপ খুৱাব পৰা মানসিকতাও সমানেই গুৰুত্বপূৰ্ণ হ’ব। নিয়মীয়া দক্ষতা উন্নয়ন আৰু নতুন জ্ঞান আহৰণৰ অভ্যাসে এই ক্ষেত্ৰত দীৰ্ঘম্যাদী সফল কেৰিয়াৰ গঢ়াত সহায় কৰিব।
স্বাস্থ্যসেৱা সহায়ক পেছা কেৱল এটা চাকৰি নহয়; ই মানৱসেৱা, সহানুভূতি, কাৰিকৰী দক্ষতা আৰু পেছাদাৰী দায়বদ্ধতাৰ এক অনন্য সংমিশ্ৰণ। চিকিৎসক আৰু নাৰ্ছৰ সহযোগী হিচাপে দক্ষ স্বাস্থ্যসেৱা সহায়কসকলে গুণগত আৰু সুৰক্ষিত স্বাস্থ্যসেৱা প্ৰদানত এক অপৰিহাৰ্য ভূমিকা পালন কৰে।
মানৱসেৱাৰ প্ৰতি আগ্ৰহ, ধৈৰ্য, সহানুভূতি আৰু দায়িত্ববোধ থকা শিক্ষাৰ্থীৰ বাবে স্বাস্থ্যসেৱা সহায়ক পেছা এক সম্ভাৱনাময় কেৰিয়াৰ পথ। উপযুক্ত শিক্ষা, প্ৰশিক্ষণ আৰু দক্ষতা উন্নয়নে চাকৰি, উন্নত পদ, স্বনিয়োজন তথা দেশ-বিদেশত কেৰিয়াৰৰ সুযোগ মুকলি কৰে। যোগ্যতা আৰু আগ্ৰহ অনুসৰি বিশেষজ্ঞতা বাছি লৈ সমাজসেৱাত অৰ্থপূৰ্ণ অৱদান আগবঢ়াব পাৰি। কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে ,তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে।
