( স্বাধীনতা দিৱস উপলক্ষে লিখা )
স্বাধীনতা দিৱস আকৌ আহিল। কিন্তু স্বাধীন ভাৰতত আমি কিমান সুৰক্ষিত!
কল্পনা দত্ত
লুইত নগৰ,নুনমাটি, গুৱাহাটী
প্ৰতি বছৰে ১৫ আগষ্ট আহে আৰু আমি সকলোৱে পালন কৰো।লাল কিল্লাৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিখন চৰকাৰী-বেচৰকাৰী বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠানত ত্ৰিৰংগা পতাকা সগৌৰৱে উৰা দেখা যায় সেই দিনটোত।
আকাশ-বতাহ কঁপাই ধ্বনিত হয়— ‘ভাৰত মাতা কী জয়’, ‘বন্দে মাতৰম’। ব্ৰিটিছৰ পৰা মুক্ত হোৱাৰ প্ৰায় আঠটা দশকৰ পিছত আকৌ এবাৰ আমাৰ স্বাধীনতা দিৱস আহিল।
কিন্তু মনত এটা প্ৰশ্নই বাৰে বাৰে জোকাৰি যায়— “স্বাধীন ভাৰতত আজি আমি সঁচাকৈয়ে সুৰক্ষিতনে?” স্বাধীনতাৰ অৰ্থ কেৱল বিদেশী শাসক খেদি নিজৰ সংবিধান প্ৰৱৰ্তন কৰাই আছিলনে? নে ইয়াৰ অন্তৰালত আছিল প্ৰতিজন নাগৰিকৰ মৰ্যাদা, নিৰাপত্তা আৰু অধিকাৰৰ সুৰক্ষা? বৰ্তমানৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰেক্ষাপটলৈ চালে অনুভৱ হয়, বাহ্যিকভাৱে দেশ স্বাধীন হ’ল, কিন্তু আভ্যন্তৰীণভাৱে নাগৰিক আজিও অদৃশ্য দাসত্ব আৰু তীব্ৰ নিৰাপত্তাহীনতাৰ কবলত।
সীমান্তৰ সুৰক্ষা বনাম আভ্যন্তৰীণ ভীতি — আমাৰ সেনা বাহিনী, নৌ সেনা আৰু বায়ু সেনাই সৰ্বোচ্চ ত্যাগ আৰু শৌৰ্যৰে দেশৰ ভৌগোলিক সীমান্ত শত্ৰুৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখিছে। ই সমগ্ৰ দেশৰে অহংকাৰ। কিন্তু সীমান্ত সুৰক্ষিত হোৱা মানেই দেশখন ভিতৰি সুৰক্ষিত হোৱা নুবুজায়। আজি দেশৰ ভিতৰচ’ৰাত সন্ত্ৰাসবাদ, উগ্ৰপন্থী আৰু সাম্প্ৰদায়িক হিংসাই বিষ বিয়পাইছে। ধৰ্ম, জাতি, ভাষা আৰু আঞ্চলিকতাবাদৰ নামত যিধৰণৰ ৰাজনীতি আৰু সংঘৰ্ষৰ সৃষ্টি কৰা হৈছে, সি স্বাধীন ভাৰতৰ ভেটিটোকে কঁপাই তুলিছে। নিজৰ দেশতে মানুহে নিজৰ পৰিচয় লৈ শংকিত হৈ পৰিবলগীয়া হোৱাটো এক লজ্জাজনক দিশ।
নাৰী আৰু শিশু নিৰাপত্তাহীনতাৰ জ্বলন্ত এক জীয়া প্ৰতিচ্ছবি—
বেদ-উপনিষদৰ যুগত যি দেশত নাৰীক দেৱী জ্ঞান কৰা হৈছিল, সেই দেশত আজি কনমানি শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধালৈকে কোনো সুৰক্ষিত নহয়। প্ৰতিদিনে বাতৰি কাকতৰ পৃষ্ঠা খুলিলেই বা টিভি স্ক্ৰীণলৈ চালেই ধৰ্ষণ, দলবদ্ধ ধৰ্ষণ, ঘৰুৱা হিংসা, আৰু নাৰী নিৰ্যাতনৰ খবৰে মানৱতাক লজ্জানত কৰে। কঠোৰৰ পৰা কঠোৰতৰ আইন থকাৰ পিছতো অপৰাধীৰ বুকুত কোনো ভয় নাই। কাৰণ দুৰ্বল তদন্ত প্ৰক্ৰিয়া আৰু আইনী সুৰুঙাৰ সুযোগ লৈ অপৰাধী প্ৰায়েই সাৰি যায়। মাজনিশাৰ কথা বাদেই দিলোঁ, দিনৰ পোহৰত, নিজৰ কৰ্মক্ষেত্ৰত বা শিক্ষানুষ্ঠানতো আজি নাৰী সুৰক্ষিত নহয়। যিখন দেশত আধা জনসংখ্যাই প্ৰতিটো পলতে এক অজ্ঞাত ভয়ৰ ছাঁত জীয়াই থাকে, সেই দেশৰ স্বাধীনতাৰ জয়গান কিয় লাগে।
আইন-শৃংখলা আৰু প্ৰশাসনৰ ক্ৰমবৰ্ধমান অৱক্ষয়— গণতন্ত্ৰৰ অন্যতম স্তম্ভ হৈছে ন্যায়িক ব্যৱস্থা আৰু প্ৰশাসন। কিন্তু আজিৰ ভাৰতত সাধাৰণ জনতাই থানা বা আদালতলৈ যাবলৈ ভয় কৰে। ৰাজনৈতিক ক্ষমতা আৰু ধনবলৰ প্ৰভাৱত প্ৰশাসন প্ৰায়ে পংগু হৈ পৰে। ‘ধনীৰ বাবে আইন এক ধৰণৰ আৰু দুখীয়াৰ বাবে আন এক ধৰণৰ’— এই ধাৰণাটো সমাজত গভীৰভাৱে শিপাই পৰিছে। অপৰাধ কৰিও ৰাজনৈতিক আশীৰ্বাদপুষ্ট লোকসকলে বুকু ফুলাই ঘূৰি ফুৰে, আনহাতে সাধাৰণ অপৰাধহীন নাগৰিকে নিজৰ অধিকাৰ বিচাৰি হাহাকাৰ কৰিবলগীয়া হয়। প্ৰশাসনৰ ওপৰত জনতাৰ এই আস্থাৰ সংকটে সমাজখনক এক অৰাজকতাৰ দিশলৈ লৈ গৈছে।
অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তাহীনতা—
সুৰক্ষা কেৱল শাৰীৰিক আক্ৰমণৰ পৰা ৰক্ষাপোৱাটোৱেই নহয়; খাদ্য, বাসস্থান, স্বাস্থ্য আৰু জীৱিকাৰ সুৰক্ষাও ইয়াৰ অন্তৰ্ভুক্ত। আজিৰ স্বাধীন ভাৰতত এফালে যদি বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকা প্ৰস্তুত হৈছে, আনফালে আকৌ কোটি কোটি মানুহে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে। নিবনুৱা সমস্যাই দেশৰ যুৱ প্ৰজন্মক মানসিকভাৱে পংগু কৰি তুলিছে। শিক্ষা আৰু চিকিৎসা ক্ৰমান্বয়ে ইমান ব্যয়বহুল হৈ পৰিছে যে সাধাৰণ মধ্যবিত্ত বা নিম্নবিত্ত শ্ৰেণীৰ বাবে ই সপোন হৈ পৰিছে। উপযুক্ত জীৱিকা আৰু অৰ্থনৈতিক স্থিৰতাৰ অভাৱে দেশৰ নাগৰিকক এক চৰম ভৱিষ্যতহীনতাৰ মাজলৈ ঠেলি দিছে।
ডিজিটেল ভাৰত আৰু চাইবাৰ সন্ত্ৰাসবাদ—
বৰ্তমান সময়ত দেশ ‘ডিজিটেল ইণ্ডিয়া’লৈ ৰূপান্তৰিত হৈছে। কিন্তু এই প্ৰযুক্তিগত উত্তৰণে সুৰক্ষাৰ ক্ষেত্ৰত এক নতুন আৰু ভয়াৱহ মাত্ৰা যোগ কৰিছে। চাইবাৰ অপৰাধীৰ জালত পৰি হাজাৰ হাজাৰ মানুহে জীৱনৰ সমগ্ৰ সঞ্চিত ধন হেৰুৱাব লগাত পৰিছে। নাগৰিকৰ ব্যক্তিগত তথ্য (Privacy) আজি বজাৰত বিক্ৰী হৈছে। এই অদৃশ্য চাইবাৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ ব্যৱস্থা এতিয়াও সম্পূৰ্ণৰূপে সষ্টম হোৱা নাই।
সমাধানৰ পথ আৰু আমাৰ কৰ্তব্য— এই সুৰক্ষাহীনতাৰ পৰা মুক্তি পাবলৈ হ’লে কেৱল চৰকাৰক দোষাৰোপ কৰিলে নহ’ব। আমাক লাগিব এক সৰ্বাত্মক সংস্কাৰ—
১) আইনৰ নিৰপেক্ষ প্ৰয়োগ । আইনৰ চকুত সকলো সমান হ’ব লাগিব। ৰাজনৈতিক বা আৰ্থিক প্ৰভাৱমুক্ত এক স্বতন্ত্ৰ আৰক্ষী আৰু ন্যায়িক ব্যৱস্থাৰ প্ৰয়োজন।
২) সংস্কৃতি আৰু মূল্যবোধৰ শিক্ষা ব্যৱস্থা কৰিব লাগিব। বিদ্যালয় পৰ্যায়ৰ পৰাই কনমানি ল’ৰা-ছোৱালীক নাৰী মৰ্যাদা, নৈতিকতা আৰু মানৱতাৰ পাঠ দিব লাগিব।
৩) অৰ্থনৈতিক সমতা সবল কৰিব লাগিব।চৰকাৰে কেৱল কৰ্পোৰেট খণ্ডৰ বিকাশ কৰাই নহয়, তৃণমূল পৰ্যায়ৰ নিয়োগ সৃষ্টি আৰু দুখীয়াৰ অৰ্থনৈতিক সুৰক্ষা নিশ্চিত কৰিব লাগিব।
৪) প্ৰতি জন নাগৰিক নিজেই সজাগতা হ’ব লাগিব। প্ৰতিগৰাকী নাগৰিকে নিজৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সচেতন হ’ব লাগিব। অন্যায় দেখিলে মৌন থকাৰ প্ৰৱণতা এৰিব লাগিব।
সামৰণিত কিছু কথা আঙুলিয়াই দিব বিচাৰিছো—
প্ৰতিগৰাকী নাগৰিকৰ বাবে স্বাধীনতা হ’ল এক নিজস্ব অধিকাৰ আৰু পৰিচয়। ব্ৰিটিছে দেশ এৰি যোৱাৰ দিনাই আমি পূৰ্ণ স্বাধীনতা পোৱা নাছিলোঁ, বৰঞ্চ এখন শোষনমুক্ত, ভয়মুক্ত সমাজ গঢ়াৰ দায়িত্বহে লাভ কৰিছিলোঁ। স্বাধীনতা দিৱস আকৌ আহিছে আৰু ই আমাক আনন্দ কৰাৰ সমান্তৰালভাৱে আত্মবিশ্লেষণ কৰাৰ এক সুযোগ দিছে। যেতিয়ালৈকে দেশৰ আটাইতকৈ দুৰ্বল শ্ৰেণীৰ মানুহজনে, মাজনিশা এগৰাকী অকলশৰীয়া মহিলাই এই দেশত নিজকে সম্পূৰ্ণ সুৰক্ষিত বুলি অনুভৱ নকৰে, তেতিয়ালৈকে আমাৰ স্বাধীনতা আধৰুৱা। আহক, এই স্বাধীনতা দিৱসত আমি কেৱল পতাকা উত্তোলন কৰিয়েই ক্ষান্ত নাথাকি, ভাৰতবৰ্ষক পৃথিৱীৰ ভিতৰতে সঁচাকৈয়ে এক সুৰক্ষিত আৰু মুক্ত দেশ হিচাপে গঢ়ি তোলাৰ শপত লওঁ।
