স্বাধীনতা দিৱস: অতীত আৰু বৰ্তমান – নিবেদিতা হাজৰিকা

Pc Swarajya

স্বাধীনতা দিৱস: অতীত আৰু বৰ্তমান

নিবেদিতা হাজৰিকা,লখিমপুৰ

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ত্যাগৰ অন্তত ব্ৰিটিছ শাসনৰ কবলৰ পৰা মুক্তি লাভ কৰিছিল। অতীতত এই দিনটো আছিল মুক্ত আকাশৰ তলত উশাহ লোৱাৰ আনন্দ আৰু  দেশ গঠনৰ প্ৰথম প্ৰতিশ্ৰুতি।এই জাতীয় দিনটো উদ্‌যাপনৰ মূল মান্যতা হ’ল দেশৰ স্বাধীনতা সংগ্ৰামী নেতা সকলৰ ত্যাগক স্মৰণ কৰা আৰু গণতান্ত্ৰিক মূল্যবোধ অক্ষুণ্ণ ৰখা।সংবিধানে প্ৰদান কৰা গণতন্ত্ৰ,সমতা আৰু স্বাধীনতাৰ অধিকাৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ দিন হিচাপে ইয়াক গণ্য কৰা হয়।১৯৪৭ চনৰ ১৫ আগষ্টত অনুষ্ঠিত হোৱা প্ৰথম স্বাধীনতা দিৱসটো আনন্দ, উল্লাস আৰু দেশপ্ৰেমৰ এক অপূৰ্ব মিলনৰ দিন আছিল।সেই দিনটোত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিল্লীৰ লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰিছিল আৰু সমগ্ৰ দেশত লাখ-লাখ লোকে ব্ৰিটিছ শাসনৰ অন্ত পৰাত,পৰাধীনতাৰ পৰা মুক্তি লাভ কৰাত স্বাভাৱিকতে আনন্দ প্ৰকাশ কৰিছিল যদিও  দেশ বিভাজনৰ বেদনা আৰু হিংসাৰ পৰিৱেশ,লাখ-লাখ শৰণাৰ্থীলোকৰ ভিৰ  আৰু আশ্ৰয়হীন সসম্যাই প্ৰথম স্বাধীনতা দিৱসৰ আনন্দ  ম্লান কৰিছিল।উল্লেখ্য যে হিংসাৰ পৰিৱেশ দেখি স্বাধীনতা সংগ্ৰামী নেতা মহাত্মাগান্ধী  শংকিত আৰু দুখিত হৈছিল আৰু সেয়ে

তেখেতে আনন্দোল্লাসলৈ পিঠি দি শান্তি স্থাপনৰ বাবে সেই দিনটোত  কোনো আনুষ্ঠানিক উৎসৱত ভাগ লোৱা নাছিল,বৰঞ্চ তেখেতে শান্তি স্থাপনৰ বাবে প্ৰাৰ্থনা তথা উপবাস কৰিছিল।

অতীত আৰু বৰ্তমানৰ স্বাধীনতা দিৱস পালনৰ মাজত আবেগ ,প্ৰস্তুতি আৰু প্ৰদৰ্শনৰ ডাঙৰ পাৰ্থক্য  দেখা যায়।  পূৰ্বতে   স্বাধীন ভাৰতত ৰাষ্ট্ৰীয় পতাকা  উত্তোলন বা সভা আদি পতাৰ কোনো আইনী অধিকাৰ নাছিল ।কংগ্ৰেছে ‘পূৰ্ণ স্বৰাজ’ ঘোষণা কৰি প্ৰথম স্বাধীনতা দিৱস পালন কৰিবলৈ যাওঁতে ব্ৰিটিছ চৰকাৰে ৰাজহুৱা সমাৱেশ ,জাতীয় পতাকা উত্তোলন তথা স্বাধীনতা দিৱস বিষয়ৰ  কাৰ্যসূচী সমূহক বেআইনী ঘোষণা কৰিছিল আৰু স্বাধীনতা দিৱস পালনত সক্ৰিয় ভূমিকা লোৱা নেতা সকলক কঠোৰ হাতেৰে দমন কৰিছিল। অতীতত এই দিনটো আছিল গভীৰ ত্যাগৰ সোঁৱৰণ আৰু দেশ গঠনৰ সংকল্প।অতীতত জাতীয় পতাকা উত্তোলন বা এই দিৱস পালনৰ ধৰণ অতি সৰল আৰু সাধাৰণ আছিল।অতীতৰ স্বাধীনতা দিৱস আছিল ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত হোৱাৰ আনন্দ আৰু দেশৰ প্ৰতি থকা ভালপোৱা আৰু  ত্যাগেৰে ভৰি থকা এক আবেগিক অনুভৱ।

বৰ্তমান প্ৰতিযোগিতামূলক আৰু ডিজিটেল যুগত স্বাধীনতা দিৱস পালনৰ ৰূপ  পূৰ্বৰ তুলনাত বহুখিনি সলনি হৈছে।পূৰ্বতে স্বাধীনতা দিৱস কেৱল এটা চৰকাৰী ছুটী আৰু সাধাৰণ পতাকা উত্তোলন আছিল।বৰ্তমান চৰকাৰী – বেচৰকাৰী পৰ্যায়ত বৃহৎ আকাৰৰ পেৰেড, সাংস্কৃতিক অনুষ্ঠান আৰু কাৰ্যসূচী পালন কৰা হয়।মানুহে মুক্ত ভাবে উলহ-মালহেৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে।বজাৰত ত্ৰিৰংগা পতাকা, বেজ আদি সামগ্ৰীৰ যথেষ্ট  বিক্ৰী হোৱা দেখা যায়।যুৱ প্ৰজন্মৰ মাজত দেশৰ ইতিহাসক লৈ নতুন সজাগতা দেখা যায়।বৰ্তমানৰ স্বাধীনতা দিৱস হৈছে সুৰক্ষিত অধিকাৰ উদ্‌যাপনৰ এটি বিশেষ দিন।সময়ৰ পৰিৱৰ্তনৰ লগে ভাৰতবৰ্ষত স্বাধীনতা দিৱস পালনৰ ধৰণ আৰু জনসাধাৰণৰ  স্বতঃফূৰ্ত অংশ গ্ৰহণত নতুনত্ব পৰিলক্ষিত হৈছে।বৰ্তমান এই দিৱস  কেৱল আনুষ্ঠানিক পতাকা উত্তোলন আৰু ভাষণৰ মাজতে সীমাবদ্ধ নাথাকি জনসাধাৰণৰ মাজত এক বহল দেশপ্ৰেম আৰু সজাগতাৰ ৰূপ লৈছে।বৰ্তমান সামাজিক মাধ্যমৰ জৰিয়তে অনলাইন প্ৰচাৰ আৰু দেশপ্ৰেম মূলক বাৰ্তা বিনিময় বৃদ্ধি পাইছে, চৰকাৰী কাৰ্যসূচীৰ লগতে সাধাৰণ ৰাইজ আৰু যুৱ প্ৰজন্মৰ সক্ৰিয় যোগদান বাঢ়িছে। এই দিনটোত  ‘হৰ ঘৰ তিৰংগা ‘ বা বিশেষ থিম ভিত্তিক অভিযানৰ জৰিয়তে ঘৰে-ঘৰে ৰাষ্ট্ৰীয় পতাকা উৰুৱাই এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়।বৰ্তমান স্বাধীনতা দিৱস কেৱল ৰাষ্ট্ৰীয় উৎসৱেই নহয়, দেশৰ প্ৰগতি আৰু সুৰক্ষাৰ বিষয়ে চৰ্চা কৰাৰো এটা বিশেষ দিন।১৫ আগষ্টত সমগ্ৰ দেশতে  স্বাধীনতা দিৱস পালিত হ’ব।কিন্তু ইয়াৰ আঁৰত থাকিব হাজাৰ  জনৰ হুমুনিয়াহ ,দুখ-বেদনা ।সেইখিনি অন্ত পেলাব পাৰিলেহে প্ৰকৃত অৰ্থত ৰংচঙীয়া স্বাধীনতা দিৱস উদ্‌যাপন কৰাৰ মান্যতা থাকিব।