সোহুম শ্বপেৰ সহ-মালিক সন্দীপ জালান নিৰুদ্দেশ

সোহুম শ্বপেৰ সহ-মালিক সন্দীপ জালান নিৰুদ্দেশ

অনলাইন বার্তাসেৱা: চোহুম শ্বপেৰ সহ-মালিক সন্দীপ জালান মঙলবাৰে সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। সন্দীপ জালানৰ পৰিয়ালৰ সদস্যসকলে দাখিল কৰা এজাহাৰ অনুসৰি, তেওঁক শেষবাৰৰ বাবে মঙলবাৰে সন্ধিয়া দেখা গৈছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ ফোনটো বন্ধ কৰি দিয়া হৈছে।