সীমা সমস্যাক লৈ দিল্লীত বৈঠকত মিলিত হ’ব অসমৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী 

Pc Northeast Now

সীমা সমস্যাক লৈ দিল্লীত বৈঠকত মিলিত হ’ব অসমৰ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী 

ৰঙিলী বাৰ্ত্তাসেৱা- অসম মিৰোজামৰ সীমা সমস্যাক লৈ অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰী পৰ্য়ায়ৰ বৈঠক ৷নতুন দিল্লীত বৈঠকত মিলিত হ’ব অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা ৷দুয়ো ৰাজ্যৰ সীমাক লৈ দীৰ্ঘদিন ধৰি চলি আছিল সংঘাত ৷ইয়াৰ পূৰ্বে আইজলত অনুষ্ঠিত হৈছিল দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠক ৷এই বৈঠকত অসমৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু নগৰ উন্নয়ন মন্ত্ৰী অশোক সিংঘাল উপস্থিত আছিল ৷ উক্ত বৈঠকতে থিৰাং কৰা হৈছিল মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰাৰ কথা ৷ সেই অনুসৰিয়েই আজি দিল্লীত মিলিত হ’ব অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয় ৷