সীমান্ত শেখৰে বিহু বা আন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন নকৰে 

সীমান্ত শেখৰে বিহু বা আন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন নকৰে 

ৰঙিলী বাৰ্ত্তাসেৱা-  এতিয়াৰে পৰা বিহু বা আন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন নকৰে সীমান্ত শেখৰে৷ৰাজ্যিক চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়েই মঞ্চত সংগীতানুষ্ঠান নকৰাৰ সিদ্ধান্ত সীমান্ত শেখৰৰ।নতুন দায়িত্বত অধিক মনোনিৱেশ কৰিব বিচাৰিছে সীমান্ত শেখৰে।মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুসৰি কাম কৰি দেখুৱাৰ পণ লোৱা বুলি জানিবলৈ দিয়ে সীমান্ত শেখৰে।শীঘ্ৰেই অসমীয়া ছবিৰ প্ৰযোজক,শিল্পী সকলৰ সৈতে আৰু ছবি গৃহ সমূহৰ স্বত্বাধিকাৰী সকলৰ সৈতে আলোচনাত বহিব সীমান্ত শেখৰ।