বৰমালৈ শ্ৰদ্ধাঞ্জলি  – অঞ্জু শাণ্ডিল্য

বৰমালৈ শ্ৰদ্ধাঞ্জলি 

অঞ্জু শাণ্ডিল্য

যোৰহাটৰ পকামুৰাৰ এক সম্ভান্ত্ৰ পৰিয়ালৰ কন্যা দিব্যলতা দেবী।সেই সময়ৰ সমাজখনৰ প্ৰচলিত নিয়মমতে কম বয়সতে পশ্চিম যোৰহাটৰ ঢাপকটা বৰ সত্ৰৰ মথুৰ গোস্বামীৰ সৈতে বিবাহ হয়। শহুৰ, শাহু, খুৰাশহুৰ,খুৰীশাহু, বৰ জনা, জা, দেওৰ, ননন‌্দ, ভতিজা আদিৰে এটা বৃহত যৌথ পৰিয়ালৰ বোৱাৰী হৈ দিব্যলতা গোস্বামীয়ে মাজুবোৱাৰীৰূপে ঘৰ-সঙ্সাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল।ওচৰ-চুবুৰীয়া,বঙ্শ-পৰিয়ালৰ মাজত মাজুবোৱাৰী,মাজুখুৰী,মাজুবৌ,মাজুবৰমা,মাজুবাইদেউ আদি সম্বোধনেৰে সকলোৰে প্ৰিয়পাত্ৰী হৈ পৰিল।নিজৰ সন্তানৰ দৰেই ভতিজাক হতক মৰম -সাদৰ কৰিছিল ।দেওৰ,জা,ননন্দ আদিৰ সমস্যাৰ বুজ লৈছিল।আৰু এদিন স্বামীৰ কৰ্মৰত মুক্তাবাৰী চাহবাগিচালে যাবলৈ ওলোৱাৰ সময়ত বঙ্শ পৰিয়ালৰ বহুতৰে চকু অশ্ৰুসিক্ত হৈ পৰে ।বাগিচাত থাকিবলৈ লৈও বঙশ পৰিয়ালৰ, আত্মীয় -সজ্জনৰ সু সম্পৰ্ক বজাই ৰাখিছিল ।ঘৰৰ বিভিন্ন কাম-কাজৰ মাজতো সদায়েই পৰিস্কাৰ -পৰিচন্ন,পৰিপাটি হৈ থকা এই গৰাকী নাৰীৰ আদৰ্শ, নিয়মানুবৰ্তিতা,শলাগিবলগীয়া।ঘৰুৱা কামৰ মাজে মাজে ঊলগুঠা,চিলাইকৰা,লিখা-পঢ়া আদি কৰিছিল ।১৯৪২চনৰ আন্দোলনৰ কাৰ্য্যসূচীতো যোগদান কৰিছিল ।সেই সময়ৰ ৰক্ষণশীল পৰিয়ালৰ বোৱাৰীৰ বাবে ভাবিব নোৱাৰি কথা।

বিৰিণা খেৰৰ ওপৰত বিচনাচাদৰ পাৰি দিয়া আৰু দুফালে পৰ্দা দিয়া গৰুগাড়ীত উঠি মিটিঙ কৰিবলৈ গৈছিলো । আমাক শ্ৰীযুত তিলেশ্বৰ বৰদলৈদেৱে বহুত খিনি দিহা-পৰামৰ্শ দিছিল ।৪২ৰ আন্দোলনতো যোৰহাট নগৰলৈ গৰুগাড়ীত উঠি প্ৰচেছনত ভাগ ল’বলৈ গৈছিলো ।ঢাপকটা বিষ্ণু মন্দিৰতে এখন প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল ।আমি সকলোৱেই হাতেকৰা চিলাই,অন্যান্য সামগ্ৰী প্ৰদৰ্শন কৰি একো একোখন প্ৰশঙ্সাপত্ৰ পাইছিলো।(১৯৪২চনৰ স্মৃতিৰ এচেৰেঙা,দিব্যলতা গোস্বামী)এইগৰাকী নাৰী আমাৰো বৰমা।ডাঙৰ দাদা(দিলীপ কুমাৰ গোস্বামী)ৰ উপন্য়নৰ সময়ত বৰমাই দেউতাক কৈছিল -“হেৰা মাজুবোপা,ইলা(মা)ইনো সৰু সৰু ল’ৰা-ছোৱালী তিনিটা লৈ অকলে অকলে দিলীপৰ লগুণদিয়নীৰ কাম-কাজ কেনেকৈ চম্ভালিব!আমাৰ মুক্তাবাৰীতে মন্ত্তোৰ লগত একেলগে পাতোহক।”উপন্য়নৰ পাছত দাদাহতৰ স্কুল, দেউতাৰ চাকৰিৰ বাবে গুচি আহিছিল ।মা,ভাইটিদুটা আৰু ম ই বৰমাই যোৰকৰা বাবে মুক্তাবাৰী চাহবাগিচাতে কিছু দিন আছিলো।বৰমাই আমাক একোৰে অভাৱ অনুভৱ কৰিবকৰিবলৈ দিয়া নাছিল ।ভাইটিদুটাৰ শি শুসুলভ দুষ্টালিকো মৰমেৰে চম্ভালি লৈছিল ।ঘৰলৈ অহাৰ সময়ত মায়ে চকুপানী টুকিছিল।অকালতে স্বামীক হেৰুৱাই বৰমাই তিনিটা সন্তানৰে ঘৰখন চলাইছিল ।শিক্ষা ,বিয়া বাৰু সকলো সুচাৰুৰূপে সম্পন্ন কৰাইছিল।এইগৰাকী আদৰ্শ নাৰীৰ ২০১৯চনৰ ২০এপ্ৰিলত মৃত্যু ঘটে।মৃত্যু বাৰ্ষিকী উপলক্ষে জনাইছো অশেষ শ্ৰদ্ধাঞ্জলি ।