সম্পূৰ্ণ চৰকাৰী ক’ভিড বিধি মানি আজিৰে পৰা খুলিলে ৰাজ্যৰ সকলো বিদ্যালয়; অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল

rongilibarta

সম্পূৰ্ণ চৰকাৰী ক’ভিড বিধি মানি আজিৰে পৰা খুলিলে ৰাজ্যৰ সকলো বিদ্যালয়; অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল

ৰঙিলী বাৰ্ত্তাসেৱা – চৰকাৰী নিৰ্দেশনা অনুসৰি ক’ভিড বিধি মানি আজিৰে পৰা খুলিলে ৰাজ্যৰ সকলো বিদ্যালয়।সেই অনুসৰি, আজিৰে পৰা প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ’ব।সম্পূৰ্ণ চৰকাৰী ক’ভিড বিধি মানি ছাত্ৰ-ছাত্ৰী সকলক কৰা হৈছে পাঠদান।পাঠদানৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰা হ’ব মধ্যাহ্ন ভোজন।বিদ্যালয়ত পাঠদানৰ সময়ত মাস্ক পৰিধান কৰাতো আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰাতো বাধ্যতামূলক।পাঠদান আৰম্ভ কৰাৰ বাবে জাৰি কৰা এছ অ’ পি অনুসৰি এটা সপ্তাহত এটা শ্রেণীত ৩০গৰাকী ছাত্র-ছাত্রীকহে পাঠদান কৰিব পাৰিব।আনহাতে সপ্তাহত তিনিটা দিনত হ’ব প্রথমৰ পৰা অষ্টম শ্রেণীৰ পাঠদান।অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ আহিব পাৰিব ছাত্ৰ-ছাত্ৰীসকল। এই এছ অ পি অনুসৰি, প্ৰত্যকটো শ্ৰেণীৰ পাঠদানৰ বাবে বান্ধি দিয়া হৈছে নিৰ্দিষ্ট বাৰ।