১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নে আমাৰ লক্ষ্যঃ ভবেশ কুমাৰ কলিতা

pc Facebook
১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ সৰ্বাঙ্গীন উন্নয়নে আমাৰ লক্ষ্যঃ ভবেশ কুমাৰ কলিতা
ৰঙিলী বাৰ্ত্তাসেৱা – আগন্তুক উপ নিৰ্বাচন উপলক্ষে আজি ১০৭ নং থাওৰা বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী শ্ৰী সুশান্ত বৰগোঁহাই ডাঙৰীয়াৰ হৈ থাওৰা বিধানসভা সমষ্টিৰ নিতাই পানীদিহিং মণ্ডলৰ অন্তৰ্গত শুকান পুখুৰী অঞ্চলৰ ৰাজহুৱা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভাবেশ কুমাৰ কলিতা। উক্ত সভাখনত থাওৰা বাসী ৰাইজৰ তথা মিত্ৰ জোঁটৰ দলীয় কাৰ্যকর্তা সকলৰ বিপুল সঁহাৰি আৰু উৎসাহ উদ্দীপনা সমৰ্থন দেখি আপ্লুত হোৱা বুলে প্ৰকাশ কৰে। তেখেতে লগতে উল্লেখ কৰি কয় যে আজিৰ দিনটোৰ প্ৰতিখন নিৰ্বাচনী প্ৰচাৰ সভাত থাওৰাবাসী ৰাইজৰ বিশাল উপস্থিতিয়েই এটা কথাই প্ৰমাণ কৰে যে-আগন্তুক উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী শ্ৰী সুশান্ত বৰগোঁহাই ডাঙৰীয়াই বৃহৎ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।