সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

pc Jitudas

সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা – মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ আজি সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হৈছে। বৰপেটা সত্ৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শংকৰ উৎসৱ পালন কৰা হৈছে। এই উপলক্ষে ভকত-বৈষ্ণৱৰ হৰি নামৰ ধবনি আৰু আয়তিসকলৰ নাম-কীৰ্তনেৰে চৌদিশ মুখৰিত হৈছে। মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে ঘোষাপাঠ, নাম-কীর্তনকে ধৰি কাৰ্যসূচী লোৱা হৈছে। যোৰহাট জিলাৰ তিতাবৰৰ ধলিসোনাই গাঁৱত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে আজি দিনজোৰাকৈ ঘোষাপাঠ কাৰ্যসূচী লোৱা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে। কামৰূপ জিলাতো বিভিন্ন সত্ৰ আৰু নামঘৰত শ্ৰীমন্ত শংকৰদেৱৰ আবির্ভাব মহোৎসৱ তিনিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। বস্ত্ৰনগৰী শুৱালকুছিৰ শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ মহাপুৰুষীয়া ধৰ্মালোচনী মহাসভাই গুৰুজনাৰ জন্মোৎসৱ উদযাপন কৰা হৈছে। এই উপলক্ষে ঊষাকীর্তন, চাফাই কাৰ্যসূচী, ধর্মধবজা উত্তোলন, ভাগৱত যাত্রা, ধর্মালোচনী সভা, ভাওনা প্রদর্শন, অংকীয়া নাট প্ৰদৰ্শন আদিৰ আয়োজন কৰা হৈছে। জিলাখনৰ চমৰীয়া সত্ৰৰ উপৰিও ৰঙিয়া, বেজেৰা, কমলপুৰ আদি অঞ্চলত মহাপুৰুষজনাৰ আবির্ভাব মহোৎসৱ পালন কৰা হ’ব।