সপৰিয়ালে গড়লত ভোটদান মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৬ চনৰ বিধানসভা নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াত পৰিয়ালৰ সৈতে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। জালুকবাৰী সমষ্টিৰ গড়ল বুনিয়াদী প্রাথমিক বিদ্যালয়ত মুখ্যমন্ত্ৰীয়ে পত্নী ৰিণিকি শৰ্মা ভুঞা, পুত্র নন্দিল আৰু কন্যা সুকন্যাৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে। কিন্তু ভোটাধিকাৰ সাব্যস্ত কৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সৈতে আজি কামাখ্যা মন্দিৰৰ লগতে দৌল গৌবিন্দ মন্দিৰত আৰু মা কামাখ্যা ধামত সেৱা আগবঢ়ায়। ভোটদান কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয়- অসমৰ বিকাশৰ বাবে, অসমৰ কল্যাণৰ বাবে আৰু প্ৰতিগৰাকী অসমবাসীৰ মংগল সন্মুখত ৰাখি আমি ভোটদান কৰিলোঁ। আজিৰ দিনটোত আমি লোৱা সিদ্ধান্তই অহা ৫ বছৰত ৰাজ্যৰ ভৱিষ্যতৰ দিশ নির্ণয় কৰিব। যোৱা ৪ মাহত অসমবাসীয়ে মোক অলেখ মৰম দিছে, আশীর্বাদ দিছে। মই অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছোঁ। ইফালে ৰাজ্যত হোৱা অভিলেখসংখ্যক ভোটদানৰ পাছতে মুখ্যমন্ত্রী ড° শর্মাই সামাজিক মাধ্যমযোগে অভিলেখসংখ্যক এই ভোটদানক ঐতিহাসিক বুলি উল্লেখ কৰি কয়- আমি যি লক্ষ্য নির্ধাৰণ কৰি আগবাঢ়িছিলোঁ, সেয়া কেৱল নির্বাচনকেন্দ্ৰিক নাছিল। আমাৰ উদ্দেশ্য আছিল ইয়াক এক আন্দোলনলৈ ৰূপান্তৰ কৰা- আমাৰ সভ্যতাৰ মূল্যবোধ, আমাৰ সংস্কৃতি আৰু আমাৰ ভূমিৰক্ষাৰ আন্দোলন। আজিৰ দিনটোত প্ৰথমবাৰৰ বাবে আমাৰ জনসাধাৰণে হাতে হাত ধৰি কান্ধে কান্ধ মিলাই যি অভূতপূর্ব সংখ্যাত ভোটদানৰ বাবে আগবাঢ়ি আহিল, সেয়া নিশ্চিতকৈ শলাগিবলগীয়া। বহুত ভোটগ্রহণ কেন্দ্ৰত ৰাইজৰ অংশগ্রহণে ৯৫ শতাংশ অতিক্রম কৰিছে। এয়া সাধাৰণ কথা নহয়। এয়া ঐতিহাসিক। অসমে আজি ভাষা আৰু জাতিৰ ঊর্ধ্বত গৈ একত্ৰিত হৈছে। অনুপ্রৱেশ আৰু জনগাঁথনিগত আগ্ৰাসনৰ পৰা আমাৰ ভূমি, আমাৰ পৰিচয় আৰু আমাৰ সংস্কৃতি ৰক্ষা কৰিবলৈ আমাৰ জনতাই এক স্পষ্ট সংকল্প লৈ ভোটদান কৰিছে। মনত ৰাখিব- ই কেৱল নির্বাচন নহয়, অসমৰ ইতিহাসত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা হ’ল। আমাৰ জনসাধাৰণৰ মুখত দেখা পোৱা আশা, গৌৰৱ আৰু আনন্দৰ মাজত এই নিৰ্বাচনৰ ফলাফল ইতিমধ্যে স্পষ্ট আৰু লগতে বার্তাও নিশ্চিত আৰু স্পষ্ট: অসমে আত্মসমর্পণ নকৰে। অসমে যুঁজিব, অসমে জীয়াই থাকিব, অসমে আগুৱাই যাব।
