সপ্তদশীৰ ৰক্তিম ত্ৰিৰংগা
অংকুৰজ্যোতি হাতীমূৰীয়া
শিৱসাগৰ
দেশমাতৃৰ কোলাত অসমীয়া জীয়াৰী
তুমি ত্যাগৰ মহান জননী,
কোমল সপ্তদশতেই তুমি লৈছা
মাতৃভূমি ৰক্ষাৰ দায়িত্ব নিজে।
ইংৰাজৰ গুলিকো অগ্ৰাহ্য কৰি তুমি
আগুৱাই গ’লা ত্ৰিৰংগা হাতত তুলি।
অগ্নিকন্যা বীৰাংগনা তুমি কনকলতা
নাম তোমাৰ ইতিহাসৰ পাতত লিখা ,
মৃত্যুৰ সন্মুখতো নকঁপিলে বুকু
দেশপ্ৰেমে তোমাক কৰিলে দৃঢ় শিখা।
গহপুৰৰ মাটিত সৰিলে তোমাৰ ৰক্তে সেয়াই
হ’ল ভাৰত মাতাৰ আটাইতকৈ পৱিত্ৰ তীৰ্থ।
মহীয়সী নাৰী তুমি চিৰকালৰ প্ৰেৰণা
তোমাৰ ত্যাগে জগালে নৱ চেতনা ,
বলিদান দিবলৈ এবাৰো নাভাবিলা
নিজকে সজালা জাতিৰ অমৰ চেতনা।
কোমল বয়স হলেও বুকুত আছিল তোমাৰ
বাৰুদৰ দৰে জ্বলি থকা দেশমাতৃৰ গুণগাথা।
হুংকাৰেৰে বুকু ফুলাই যুঁজিলা তুমি
প্ৰহৰীৰ বেশেৰে ধলি পৰিলা ভূমি ,
তথাপি তোমাৰ নাম ম্লান নহ’ল
অমৰ বাণী হৈ বাজিলে দিশে দিশে ধ্বনি।
হাতত ত্ৰিৰংগা দুবাহুত সাহস লৈ তুমি
দেশৰ দুৱাৰত বৰষিলা নিজৰ প্ৰাণৰ পানী।
ভাৰতৰ চুকে-কোণে আজিও গুঞ্জৰে
কনকলতা নামৰ সেই অমৰ কাহিনী ,
আন্দোলনৰ ভেঁটি ধৰি তুমি দেখুৱালা
নাৰীও পাৰে ৰাখিব দেশৰ মান-সন্মান।
হে শ্বহীদ বিজয়িনী তোমাক প্ৰণাম
তোমাৰ ত্যাগতেই জিলিকি আছে ,
আমাৰ স্বাধীনতাৰ বাণী।
