সপোন .. ভালপোৱা ইত্যাদি-মানসী মিশ্ৰ

Pc Peakpx

সপোন .. ভালপোৱা ইত্যাদি

ছন পৰা মাটি টুকুৰা
আঘোণৰ মৰমেৰে আকৌ সোণালী
হয় ,হয়তো সোণালী হয়
ৰংমন ককাইটিৰ হৃদয়খন ও
হয়তো সপোন বোৰ ,কলিজাৰ
কোনোবাটো চুকত সাঁচি ৰখা সপোনবোৰে
ডেউকা মেলি উৰি উৰি যায়
সৌ আঁহতজোপা ৰ তললৈ
যত ৰ ই আছে মৰম বোৰ
মত সৌ সৰু নৈ খনেদি বৈ গৈছে
তেওঁ ৰ কলিজাৰ ৰঙা তেজৰ এসোতা সোঁত
এৰা , তেওঁ গম নোপোৱাকৈ য়ে হয়তো
ৰঙা তেজ হৈয়ে বৈ গৈছে সাগৰ ধিয়াই
তেওঁ ৰ কলিজাৰ পৰা সংগোপনে বৈ অহা
সেই মৰমৰ এটি এটি টুকুৰা আৰু এইদৰেই
মৰমবোৰ বৈ গৈছে বহু দূৰৈৰ সৌ
নীলা পাইৰ খনলৈ মাথো এক
অনুভৱ হৈ ,মাথো এটি শব্দ হৈ
হয়তো যাৰ নাম ভালপোৱা .. ভালপোৱা।

মানসী মিশ্ৰ