সদৌ অসম ভাওনা সন্মিলনৰ বৈঠক সম্পন্ন

সদৌ অসম ভাওনা সন্মিলনৰ বৈঠক সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ চ’ৰাত আজি সভাপতি ড০ পীতাম্বৰ দেৱগোস্বামীৰ সভাপতিত্বত সদৌ অসম ভাওনা সন্মিলনৰ এখনি গুৰুত্বপূর্ণ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়। প্ৰধান সম্পাদক ড০ মানিক শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সন্মিলনে বৰ্তমানলৈকে সম্পন্ন কৰা কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰাৰ উপৰিও আগন্তুক সময়ত ৰূপায়ন কৰিবলগীয়া কাৰ্যসূচীসমূহৰ বিষয়ে আলোচনা কৰা হয়। সেই অনুক্ৰমে অহা অক্টোবৰ মাহত তিনি দিনীয়াকৈ এক কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীত এখন অংকীয়া, এখন সত্ৰীয়া পৰম্পৰাৰ আৰু এখন মাতৃভাষাৰ ভাওনা পৰিবেশন আৰু বিচাৰকসকলৰ আলোচনাৰ দিহা কৰা হ’ব। এই কাৰ্যসূচী ৰূপায়নৰ বাবে সৰ্বশ্ৰী প্ৰভাত বৰা বুঢ়াভকত, বাবুল বৰা আৰু যতীন বৰাক দায়িত্ব দিয়া হয়। বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে, কোনো ব্যক্তি বা সংগঠনে যাতে সামাজিক বা অন্য মাধ্যমত সন্মিলনক অযথা টানি আনি হেয় কৰিব পৰা ধৰণৰ কাৰ্যত লিপ্ত নহয়। এনে কাৰ্যত জড়িতসকলৰ বিৰূদ্ধে প্ৰয়োজন সাপেক্ষে আইনী ব্যৱস্থা গ্রহণ কৰা হ’ব। অৱশ্যে তেনে কোনো বিবদমান বিষয় থাকিলে লিখিত ভাবে জনালে সন্মিলনে যথা ব্যৱস্থা গ্ৰহণ কৰিব। বৈঠকত প্ৰতিখন জিলা সমিতিয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ দহ জনকৈ লোকক আমন্ত্ৰিত সদস্য হিচাপে অন্তভূক্ত কৰিবলৈ আহ্বান জনায়।  মাজুলী , যোৰহাট , শিৱসাগৰ ,ধেমাজী , তিনিচুকীয়া , গোলাঘাট, লখিমপুৰ আদি জিলাৰ প্ৰতিনিধিৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ বহুসংখ্যক লোক উপস্থিত থাকি আজিৰ সভাখনিত গুৱাহাটী মহানগৰ জিলা সমিতিয়ে প্ৰণয়ন কৰিবলৈ লোৱা ভাওনা সম্পৰ্কীয়    “কোষ গ্ৰন্থ” খনিৰ ক্ষেত্ৰত কেন্দ্ৰীয় সমিতিক সকলো  প্ৰকাৰে জড়িত কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি গৰাকীৰ বিৰুদ্ধে তেখেতৰ ভাগৱত ব্যাখ্যা সম্পর্কীয় বক্তব্য সম্পাদনা কৰি সমজুৱা মাধ্যমত প্ৰচাৰ কৰা বিশেষ ব্যক্তি গৰাকীক গৰিহণা দিয়াৰ লগতে ৰাজহুৱা ভাবে ক্ষমা খুজিবলৈ আহ্বান জনায় ।