নীৰৱতা – ৰাজলক্ষ্মী বৰঠাকুৰ

নীৰৱতা

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

ভাল লাগে কেতিয়াবা
শব্দহীন নীৰৱতা….
নীৰৱতাৰো এটা সুকীয়া
আমেজ আছে,
সুখ দুখৰ লগৰী হৈছে
নীৰৱতা।
কথাৰ শেষ আছে
নীৰৱতাৰ শেষ নাই
নীৰৱতাই কথা কই
নিশব্দে নীৰৱে
বালিচৰত নীৰৱতাই
মোক লৈ ইতিকিং কৰিছে।
নীৰৱতা এতিয়া মোৰ নিসংগতাৰ
সংগী সময়ৰ সোঁতত নিজকে
হাঁহি হাঁহি এৰি দিছো মাথোন।
নীৰৱতাই কুৰুকি কুৰুকি
উলাই আনিব বিচাৰে শব্দহীন
ভাষাবোৰক নীলা চিয়াঁহীৰ টোপাল হৈ।