সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষকৰ প্রধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ 

সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষকৰ প্রধানমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ অসম প্রাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে চাকৰি নিয়মীয়াকৰণৰ দাবীৰে ২২ হাজাৰ স্বাক্ষৰ সম্বলিত স্মাৰক-পত্ৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। দীর্ঘদিন ধৰি ৰাজ্য চৰকাৰৰ ওচৰত চাকৰি নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰি অহা সত্ত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰি  তেওঁলোকে এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে। দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলত শিক্ষক সমাজৰ সভাপতি ত্রৈলোক্য ডেকাই কয় যে দীৰ্ঘদিন ধৰি কৰ্মত নিয়োজিত হৈ থকা টেট শিক্ষকসকলে সম্পূর্ণ যোগ্যতাসহ আৰু উৎসর্গিত মানসিকতাৰে ৰাজ্যৰ প্ৰাথমিক শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ আহোপুৰুষাৰ্থ কৰি আহিছে। কিন্তু বৰ্তমানলৈ এই শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত কোনো গ্রহণযোগ্য নীতি নিৰ্ধাৰণ কৰা পৰিলক্ষিত হোৱা নাই। তেনেস্থলত সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ কাৰ্যনিৰ্বাহক সভাত সকলো জিলাৰ মতামত অনুসৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ ভিত্তিতে আজি এই পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ অমৃত কালছোৱাত এচাম শিক্ষকৰ জীৱন অনিশ্চয়তাৰ গ্ৰাসত থকাটো উচিত নহয় বুলি মন্তব্য কৰি তেওঁ কয়— চাকৰি নিয়মীয়াকৰণ হ’ব বুলি দীৰ্ঘদিন। চৰকাৰৰ মুখলৈ চাই এই শিক্ষকসকল ভাগৰি পৰিছে। ইয়াৰ লগতে পাৰদৰ্শিতা মূল্যায়ন এপৰ জৰিয়তে চাকৰি বাহাল ৰখা, গুণোৎসৱক মাধ্যম হিচাপে লৈ পাৰদৰ্শিতামূলক চাকৰি নিয়মীয়াকৰণৰ নামত নতুন চাকৰিত মকৰল কৰোৱা আদি সিদ্ধান্তই বাৰুকৈয়ে শিক্ষকসকলক চিন্তিত কৰি তুলিছে। শিক্ষকসকলে সকলো দিশৰ পৰাই আলোচনাৰ পোষকতা কৰি আহিছে যদিও কোনো সদিচ্ছা লাভ নকৰাত দেশৰ প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে। কেন্দ্ৰীয় শিক্ষা বিভাগে ২০১৩ চনৰ পৰাই ধাৰাবাহিকভাৱে ৰাজ্য চৰকাৰক এই শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ নির্দেশনা দি আহিছে। বৰ্তমানলৈ এই নিৰ্দেশনা কাৰ্যকৰী কৰা হোৱা নাই । যাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কামনা কৰিছোঁ। এই সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদকদ্বয় পার্থপ্রতিম গগৈ আৰু কুলজিৎ ঠাকুৰীয়াও উপস্থিত থাকে।