কেন্দ্রীয় মন্ত্রীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু গিৰিৰাজ সিঙৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

কেন্দ্রীয় মন্ত্রীদ্বয় সৰ্বানন্দ সোণোৱাল আৰু গিৰিৰাজ সিঙৰ উপস্থিতিত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত

ৰঙিলী বাৰ্ত্তাসেৱা- আয়ুষ স্বাস্থ্যসেৱা প্ৰণালীত গ্ৰাম্য যুৱক-যুৱতীসকলক দক্ষ কর্মশক্তি হ’বলৈ সক্ষম কৰাৰ বাবে কেন্দ্রীয় আয়ুষ মন্ত্রালয় আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ মাজত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত প্ৰথম পৰ্যায়ত গ্ৰাম্য ভাৰতৰ প্ৰায় ২২,০০০ যুৱক- যুৱতীক বিত্তীয় বৰ্ষ ২০২৩-২৪ত অতি কমেও ৭০% সংস্থাপন গেৰাণ্টীৰ সৈতে প্ৰশিক্ষণ দিয়া হ’ব। আজি কেন্দ্রীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰী গিৰিৰাজ সিঙৰ উপস্থিতিত এই গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত অনুষ্ঠান অনুষ্ঠিত হয়। আয়ুষ স্বাস্থ্যসেৱা প্ৰণালী আৰু আয়ুষ ব্যৱস্থাপনা খণ্ডৰ ক্ষেত্ৰত দক্ষ কৰ্মচাৰী সৃষ্টি কৰাৰ বাবে এই ফ্ৰেমৱৰ্কটোৱে সহযোগিতা ক্ষেত্ৰসমূহ নিৰ্ধাৰণ কৰিছে। ইয়াৰ বাবে প্ৰয়োজনীয় লোকসকলক বিশ্ব মান অনুসৰি প্ৰশিক্ষণ দিয়া হ’ব যাতে আয়ুষ খণ্ডটোত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োধৰণৰ চাহিদা পূৰণ কৰিব পৰা যায়। গ্ৰাম্য যুৱক-যুৱতীসকলে দীন দয়াল গ্রামীণ কৌশল্য যোজনাৰ অধীনত যাৱতীয় প্ৰশিক্ষণ লাভ কৰিব। এই ফ্ৰেমৱৰ্কৰ অধীনত আগবঢ়োৱা কিছুমান পাঠ্যক্ৰম হৈছে- পঞ্চকৰ্মা টেকনিচিয়ান, পঞ্চকর্মা সহায়ক, আয়ুর্বেদিক সহায়ক, ক্ষৰ কৰ্মা টেকনিচিয়ান, কাপিং থেৰাপী সহায়ক ইত্যাদি। গ্রাম্য অঞ্চলত আয়ুষ খণ্ডৰ সামূহিক বিকাশ আৰু নিযুক্তি সৃষ্টিৰ বৃহত্তৰ লক্ষ্য পূৰণ কৰাৰ বাবে এই পৰিকাঠামোৰ উদ্দেশ্য হৈছে দুয়োটা মন্ত্ৰালয়ৰ মাজত সমন্বয় আৰু সহযোগিতা বৃদ্ধি কৰা। ইয়াৰ বাবে দুয়োটা মন্ত্ৰালয়ৰ বিষয়াসকলৰদ্বাৰা প্ৰতিনিধিত্ব কৰা এটা যুটীয়া কাৰ্যকৰী গোট গঠন কৰা হৈছে, যিয়ে পাৰস্পৰিক স্বার্থজড়িত কার্যকলাপবোৰ সবল ৰূপত আগুৱাই নিয়াত আগভাগ ল’ব। কেন্দ্রীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ বুজাবুজিৰ চুক্তি সন্দৰ্ভত কয়, “দুয়োটা মন্ত্ৰালয়ে যুৱক-যুৱতীসকলৰ মাজত স্ব-নিযুক্তিৰ মনোভাৱ বৃদ্ধিত সহযোগিতা আগবঢ়াব। ই গ্ৰাম্য যুৱক-যুৱতী আৰু মহিলাসকলৰ সবলীকৰণ তথা নিযুক্তি সৃষ্টিতো সহায় কৰিব। মাননীয় প্রধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আমি আয়ুষ স্বাস্থ্যসেৱা ব্যৱস্থাক ত্বৰান্বিত কৰাৰ লগতে দেশৰ অৰ্থনৈতিক বিকাশ বৃদ্ধিৰ দিশত দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ।” আনহাতে, কেন্দ্রীয় পঞ্চায়তীৰাজ আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে কয়, “মহিলাৰ আত্মসহায়ক গোট আৰু গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা যুৱক-যুৱতীসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বুজাবুজিৰ চুক্তি এক গুৰুত্বপূৰ্ণ বিষয় হ’ব। আমাৰ প্ৰাৰম্ভিক লক্ষ্য হৈছে ৩২,০০০ মহিলাক প্ৰশিক্ষণ দিয়া, যাৰ সংখ্যা আগলৈ বৃদ্ধি কৰা হ’ব। আমি আত্মসহায়ক গোটবোৰক বিশেষকৈ অগ্ৰাধিকাৰ দিম।” উপৰোক্ত দিশসমূহ সুচাৰুৰূপে বাস্তৱায়িত কৰাৰ বাবে দুয়োটা মন্ত্ৰালয়ে যাৱতীয় প্ৰণালী প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো কাম কৰিব। তদুপৰি, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সংশ্লিষ্ট আঁচনিসমূহৰ অধীনত উপাৰ্জনৰ অতিৰিক্ত মাধ্যম সৃষ্টি কৰাৰ বাবে যাৱতীয় সহায় প্ৰদান কৰা হ’ব। মন্ত্ৰালয়ে সংশ্লিষ্ট হিতাধিকাৰী আৰু সামূহিক পৰ্যায়ৰ বিভিন্ন জীৱিকা কৰ্মীৰ বাবেও প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব ।