সংবিধান দিবস উপলক্ষে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দুটাকৈ প’ৰ্টেল মুকলি

Pc India Map

সংবিধান দিবস উপলক্ষে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ দুটাকৈ প’ৰ্টেল মুকলি

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- প্ৰতিবছৰৰ দৰে এইবছৰো সমগ্ৰ দেশতে ২৬ নৱেম্বৰ তাৰিখে সংবিধান দিবস পালনৰ আয়োজন কৰা হৈছে। এইবৰ্ষৰ সংবিধান দিৱসৰ মূল বিষয় —ভাৰতবৰ্ষ-গণতন্ত্ৰৰ জননী” সম্পর্কে জনসাধাৰণৰ মাজত ব্যাপক প্ৰচাৰ চলাই সৰ্বাধিক অংশগ্ৰহণৰ বাবে সংসদীয় পৰিক্ৰমা মন্ত্রালয়ে দুটাকৈ প’ৰ্টেল মুকলি কৰিছে। সংবিধানৰ প্ৰস্তাৱনাসমূহ ২২ টা চৰকাৰী ভাষা আৰু ইংৰাজী ভাষাত অনলাইনযোগে পঢ়িব পৰাকৈ readpreamble.nic.in শীর্ষক প’ৰ্টেলটো মুকলি কৰিছে। আনহাতে “ভাতবৰ্ষ-গণতন্ত্ৰৰ জননী “বিষয়টোত অনলাইন কুইজ অনুষ্ঠিত কৰিব পৰাকৈ constitutionquiz.nic.in শীর্ষক প’টেলটো মুকলি কৰা হৈছে। এই প’ৰ্টেল দুটাৰ জৰিয়তে সকলো ৰাইজে অংশগ্রহণ কৰি মানপত্ৰ লাভ কৰিবলৈ সক্ষম হ’ব।