সংগীত নাটক একাডেমীৰ সংবাদ মেল

সংগীত নাটক একাডেমীৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ২৭-৩০ নৱেম্বৰত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত ‘সংগীত সংগম’ পীৰ্ষক শাস্ত্ৰীয় সংগীত,বাদ্য আৰু পৰাম্পৰাগত সংগীতৰ মহোৎসৱ অনুষ্ঠিত হ’ব৷-এই মন্তব্য নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ প্ৰগ্ৰেম অফিচাৰ ৰাজু দাসৰ৷ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত ৰাজু দাসে কয়-আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠান অনুষ্ঠিত হ’ব৷ভাৰতৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো প্ৰতিষ্ঠিত শাস্ত্ৰীয় সংগীত শিল্পসকলে সংগীতৰ লগতে বাদ্য বাদনেৰে অনুষ্ঠানটো জীপাল কৰি তুলিব৷অসমৰ প্ৰতিষ্ঠিত শিল্পী,লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ বিদ্যুৎ কুমাৰ মিশ্ৰই ভায়’লিন আৰু মিতালী দেই বৰগীত পৰিৱেশন কৰিব৷এই অনুষ্ঠান ২৭-৩০ নৱেম্বৰত সন্ধিয়া ৫ বজাৰ পৰা আৰু ২৮- ২৯ নৱেম্বৰত দিনৰ ১০:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷২৭ নৱেম্বৰৰ পৰা সন্ধিয়া ৫ বজাৰ পৰা মহাৰাষ্ট্ৰৰ শৈলেশ ভাগৱতে শ্বাহনাই বাদন,পশ্চিম বংগৰ শুভ্ৰ গুপ্তাই হিন্দুস্তানী সংগীত,তামিলনাডুৰ এম ললিতা আৰু এম নন্দিনীয়ে কৰ্ণাটক ভায়’লিন,গোৱাৰ নৰেশ গডগাঁওকৰে সন্তুৰ বাদন৷২৮  নৱেম্বৰত মণিপুৰৰ এছ ৰামকুমাৰ সিঙে হিন্দুস্তানী সংগীত,পশ্চিম বংগৰ অসীম চৌধুৰীয়ে চিতাৰ বাদন,তামিলনাডুৰ গীতা ৰাজাই কৰ্ণাটক সংগীত,বিহাৰৰ অৰবিন্দ কুমাৰ আজাদে তবলা বাদন৷২৯ নৱেম্বৰত পঞ্জাৱৰ প্ৰভাকৰ কাশ্যপ আৰু দিবাকৰ কাশ্যপে হিন্দুস্তানী সংগীত,ত্ৰিপুৰাৰ বাবুল দেৱনাথে হিন্দুস্তানী বাঁহী,মহাৰাষ্ট্ৰৰ অনুৰাধা কুবেৰে হিন্দুস্তানী সংগীত,ৰাজস্হানৰ ভগৱতী প্ৰসাদ বায়তে সাৰংগী বাদন৷৩০ নৱেম্বৰত গুজৰাটৰ মহেন্দ্ৰ ডি টোকে হিন্দুস্তানী সংগীত,অসমৰ প্ৰতিষ্ঠিত শিল্পী বিদ্যুৎ কুমাৰ মিশ্ৰই ভায়’লান,দিল্লীৰ ৰিতেশ মিশ্ৰ আৰু ৰজনীশ মিশ্ৰই হিন্দুস্তানী সংগীত,অন্ধ্ৰপ্ৰদেশৰ মন্দপক ৰবিয়ে তাল বাদ্য কচেৰি৷ঠিক তেনেদৰে দিনৰ ১০:৩০ বজাৰ পৰা ২৮ নৱেম্বৰত অসমৰ প্ৰতিষ্ঠিত সংগীত শিল্পী মিতালী দেই বৰগীত,বিহাৰৰ কুঞ্জ বিহাৰী মিশ্ৰই বিদ্যাপতী সংগীত,ৰাজস্থানৰ সংবৰমল কথকে মান্দ,পশ্চিম বংগৰ স্বপন অধিকাৰীয়ে বাউল সংগীত,২৯ নৱেম্বৰত নাগালেন্দৰ বেবুজুলো ফিচাৱে সহেসংগ সংগীত,ওডিচাৰ বিজয় কুমাৰ  জেনাই ওডিচী সংগীত,ৰাজস্হানৰ চন্দ্ৰ প্ৰকাশে হবেলী সংগীত,মণিপুৰৰ নেমিৰকপম থম্বলংগু সিঙে নট সংকীৰ্তন পৰিৱেশন কৰিব৷তেওঁ সংবাদ মেলত পুনৰ কয়- ক’ভিড মহামাৰীৰ দুবছৰৰ পাছত অফলাইন কাৰ্যসূচী এয়া প্ৰথম৷বিগত সময়ছোৱাত অনলাইন মাধ্যমেৰে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছিল৷শিল্পীসকলে দৰ্শকক লৈ মঞ্চত প্ৰগ্ৰেম কৰি ভাল পায়৷সংবাদ মেলত সংগীত নাটক একাডেমীৰ উত্তৰ পূব কেন্দ্ৰ,গুৱাহাটীৰ প্ৰকল্প সঞ্চালক অৰূপ বৰদলৈ উপস্থিত থাকে।