শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন

শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলন

ৰঙিলী বাৰ্ত্তাসেৱা-   শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত সমূহকৰ্মচাৰীয়ে তেওঁলোকৰ বহু দিনীয়া অভাৱ অভিযোগসমূহক লৈএলানি অসহযোগ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰে। পুৱা ৮ বজাৰ লগে লগে আৰম্ভ হোৱা কাৰ্যসূচীত সকলো কৰ্মচাৰীয়ে সহযোগিতা আগবঢ়ায়। উক্ত অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক ৰুহুল আমিনে উপস্থিত থাকি বক্তব্যত কয় যে কৰ্মচাৰীসকলৰ সমস্যা সম্পৰ্কে ইতিমধ্যে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছে। আনহাতে এই অসহযোগ আন্দোলন লৈ পৰিষদৰ সম্পুৰ্ণ সমৰ্থন আছে। তেওঁ আশা কৰে যে চৰকাৰ আৰু কলাক্ষেত্ৰ কতৃপক্ষই এই সমস্যাবোৰ খুব সোনকালে সমাধান কৰিব।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ সম্পাদক কৱীন্দ্ৰ দাসে কয় যে কলাক্ষেত্ৰত আন্দোলন কৰাটো আমাৰ উদেশ্য নহয়। মাত্ৰ আমাৰ সমস্যা সমূহ আমাৰ সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞাত হ’লেই সকলো সমাধানৰ পথ  অতি সোনকালেই ওলাই পৰিব। আনহাতে সন্থাৰ সভাপতি নীলকান্ত ৰহাঙে কয় যে কৰ্মচাৰীৰ শ্ৰমৰ প্ৰতিফলন ঘটে ইয়াৰ কৰ্ম সংস্কৃতিত। উল্লেযোগ্য যে এই আন্দোলনৰ দাবীসমূহত কোনো অন্যায় আব্দাৰ নাই। ই আমাৰ প্ৰাপ্য। শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰীসন্থাৰ দাবীসমুহ হ’ল-২০১৮ চনৰ এচেছমেন্ট ৰিপোৰ্ট মতে সকলো নিযুক্ত কৰ্মচাৰীৰ গ্ৰেচুইটি আৰু এল, আই, চি পেঞ্চনৰ ব্যৱস্থা পূৰ্বৰ কৰ্মচাৰীৰ দৰে নিযুক্তিৰ তাৰিখৰ পৰা দিয়াৰ ব্যৱস্থা কৰিব লাগে। বাকী থকা সকলো অস্থায়ী কৰ্মচাৰীক স্কেল- পে দি স্থায়ীকৰণ কৰি সকলো সা-সুবিধা ৰিপৰ্টত নিৰ্ধাৰণ কৰা তাৰিখৰ পৰা দিব লাগে। পূৰ্বৰে পৰা কাৰিকৰী শাখাত কৰ্মৰত সকলো কৰ্মচাৰীকে টেকনিকেল গ্ৰেড প্ৰদান কৰি কাৰিকৰী মৰ্যদা দিব লাগে। পদোন্নতি পাবলগীয়া সকলো কৰ্মচাৰীক সকলো সা-সুবিধাসহ অনতিপলমে পদোন্নতি দিব লাগে। ইতিমধ্যেই বিজ্ঞাপন  আৰু সাক্ষাৎকাৰৰ জৰিয়তে নিৰ্বাচিত কৰা ৪ জন দৈনিক হাজিৰাৰ  কাৰিকৰী কৰ্মীক  অনতিপলমে কলাক্ষেত্ৰ কৰ্মচাৰী ৰূপে স্বীকৃতি দিব লাগে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ কৰ্মচাৰী সন্থাৰ অসহযোগ আন্দোলনৰ কাৰ্যসূচী অপাততো তিনিদিনীয়া কিন্তু সমাধানৰ পথ নোলালে আমৰণ অনশনৰ দৰে কাৰ্যসূচী লবলৈ সাজু আছে কৰ্মচাৰীসকল।