শ্বহীদ ই আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস

শ্বহীদ ই আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  শ্বহীদ -ই -আজম ভগৎ সিঙৰ আত্মবলিদান দিৱস উপলক্ষে আজি অল ইণ্ডিয়া ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত গুৱাহাটী, লখিমপুৰ, নগাঁও,যোৰহাট, মাজুলী, তেজপুৰ, মঙ্গলদৈ, নলবাৰী, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰী, কাছাৰ, কৰিমগঞ্জ সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই দিৱস পালিত হয়। এই উপলক্ষে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত ভগৎ সিঙৰ প্ৰতিকৃতি স্থাপন কৰি মাল্যদান কৰে এ আই ডি এছ অ’ৰ অসম ৰাজ্যিক কমিটীৰ উপ সভাপতি হিল্লোল ভট্টাচাৰ্য্য আৰু পল্লৱ পেগুৱে। ইয়াৰোপৰি নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তত আয়োজিত পথসভাত ব্যক্তব্য ৰাখে সংগঠনৰ ৰাজ্যিক কমিটীৰ সম্পাদক হেমন্ত পেগুৱে ।হেমন্ত পেগুৱে কয় যে পৰাধীন ভাৰতৱৰ্ষত বৃটিছ সাম্ৰাজ্যবাদৰ বিৰুদ্ধে ভগৎ সিঙ আছিল আপোচহীন সংগ্ৰামী ধাৰাৰ অন্যতম শ্ৰেষ্ঠ বিপ্লৱী নেতা। অত্যাচাৰী বৃটিছ চৰকাৰৰ শোষণ-শাসনৰ বিৰুদ্ধে বহুত উল্লেখযোগ্য আন্দোলনত তেওঁ বলিষ্ঠ ভূমিকা পালন কৰে, তাৰ ভিতৰত অন্যতম আছিল তদানীন্তন আইন সভাত বোমা নিক্ষেপ যিয়ে বৃটিছ সাম্ৰাজ্যবাদৰ ভেঁটি কোঁপায় দিছিল। ভগৎ সিং মাৰ্ক্সবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হৈছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল লক্ষ্য সমাজতান্ত্ৰিক বিপ্লৱ সংগঠিত কৰিবলৈ বীৰত্বেৰে ঘোষণা কৰিছিল। তেওঁৰ লক্ষ্য আছিল ভাৰতৰ জনগণক কেৱল বৃটিছ সাম্ৰাজ্যবাদৰ শোষণৰ পৰা মুক্ত কৰাই নহয় পুঁজিবাদী শাসন-শোষণৰ পৰাও মুক্তি দিয়া। ভগৎ সিঙৰ অপূৰিত সপোনক বাস্তৱায়িত কৰিবলৈ মহান মাৰ্ক্সবাদী দাৰ্শনিক শিবদাস ঘোষৰ চিন্তা ধাৰাৰ ভিত্তিত বিপ্লৱী ছাত্ৰ সংগঠন অল ইণ্ডিয়া ডি এছ অই এফালে শিক্ষা বিৰোধী চৰকাৰী নীতিৰ বিৰুদ্ধে লাগাতাৰ আন্দোলন সংগঠিত কৰি আছে আৰু অন্য দিশে দেশৰ স্বাধীনতা আন্দোলনৰ আপোচহীন ধাৰাৰ বীৰ বিপ্লৱীসকলৰ জন্মদিন-মৃত্যুদিন পালনৰ মাজেৰে তেওঁলোকৰ জীৱন চৰ্চা কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰিছে। উন্নত নীতি-নৈতিকতা আৰু মূল্যবোধৰ ভিত্তিত ভগৎ সিঙৰ আত্মবলিদানৰ পৰা প্ৰেৰণা লৈ প্ৰকৃত বিপ্লৱী ছাত্ৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায় বক্তাসকলে। সংগঠনৰ পক্ষৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে জনসাধাৰণক ভগৎ সিঙৰ স্মাৰক বেজ পৰিধান কৰোৱা হয়।