শৈশৱৰ স্মৃতি- হিমাদ্ৰী বৰকটকী

Pc Pinterest

শৈশৱৰ স্মৃতি

আগতে গৰমৰ বন্ধ বুলিলে আমাৰ আনন্দত তত নাই । এমাহ বন্ধ পাম , মামাৰ ঘৰলৈ যাম। কি যে আনন্দ। সকলোৰে চাগে মোৰ নিচিনাই হয়। এবাৰ গৰমৰ বন্ধত মামাহঁতৰ ঘৰলৈ গলোঁ । মই তেতিয়া class five অত । মোৰ লগৰ কেইটামানে মিলি মোক আমফিচ ( এবিধ টেঙা মিঠা ফল) পাৰিবলৈ গছত উঠাই দিলে । মই বেঙিয়ে গছত উঠি আমফিচ পাৰি দি আছোঁ। গছজোপা চাপৰ আছিল কাৰনে উঠিব পাৰিলোঁ। তলত সিহঁতে খায় আছে ।মই ওপৰৰ পৰা চিঞৰি কৈছোঁ মোলৈ থবি। সিহঁতে অ হ’ব , তোলৈ থৈ দিছোঁ বুলি ক’লে। ঘটিল নহয় এটা ঘটনা। গছজোপাত আমৰলি পৰুৱা আছে যে মই নেদেখিলোঁ। মোক গায়ে মুৰে কামুৰি অৱস্থা নাইকীয়া কৰিলে। মই পাৰে মানে চিঞঁৰিছোঁ। মোক নমা নমা। লগৰ কিটা পলাই পত্ৰং। মোৰ চিঞঁৰ শুনি ককা আহি মোক গছৰ পৰা নমাই ভাল পিটন দিলে। আৰু শুধিলে তোক কোনে গছত উঠিবলৈ কৈছিল ? মই তেতিয়া ককাক গোটেই কথাখিনি কʼলো । তেতিয়া ককাই ক’লে হ’ব দে মই সিহঁতকো এপালি দিম। মোৰ মনটো তেতিয়া ভাল লাগি গ’ল মই কিন্তু এটাও আমফিচ খাবলৈ নাপালোঁ । সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে। সন্ধিয়া সিহঁত যেতিয়া আমাৰ ঘৰলৈ আহিলে তেতিয়া ককাই সিহঁতক ক’লে কানত ধৰ আৰু আঠুকাঢ়ি থাক। আজিৰ পৰা এনেকোৱা কাম নকৰোঁ বুলি ক’ । সিহঁতে ককাৰ কথা মতে কাম কৰিলে। ককা শিক্ষক আছিল গতিকে সকলোৱে ককালৈ ভয় কৰে । সেইদিনাৰ পৰা মোৰ গছত উঠিবলৈ ভয় লগা হ’ল। এই স্মৃতিবোৰ আজিলৈকে পাহৰা নাই আৰু চাগে নকৰালৈকে মনত থাকিব ।কিন্তু আজিকালি নতুন প্ৰজন্মৰ মামাকৰ ঘৰলৈ যাবলৈ সময়েই নাই। পঢ়াৰ যি বোজা। Home work , project , field work , online class এইবোৰৰ পৰা মুৰ দাঙিবই নোৱাৰে। সিহঁতৰ এতিয়া একমাত্ৰ সংগী হৈছে mobile টো । আমাৰ দিনত এইবোৰ নাছিল কাৰনে বন্ধ বুলিলে মামাৰ ঘৰ । পথাৰলৈ যাম। বাৰিত ঘূৰিম.. আম ,লেটেকু, পনিয়ল, কঁঠাল বিচাৰি খাম। এইবোৰৰ মজায়েই বেলেগ আছিল। গতিকে আজিৰ প্ৰজন্মৰ লগত আমাক মিলালে নহ’ব। যুগৰ পৰিবৰ্তন হৈছে। আমি যুগৰ লগত খাপ খায় চলিব লাগিব।

হিমাদ্ৰী বৰকটকী
নগাঁও