সেওঁতা- শৰ্মিষ্ঠা দেৱী

Pc Pinterest

সেওঁতা

সময়,
তই ৰৈ যা
দি যা মধুময় অতীত
যাৰ বোকোচাত উঠি
হ’ব পাৰো —
সেউজীয়া ভৱিষ্যতমুখী।
মা,
সচাঁকৈয়ে নালাগে মোক
সোণৰ খাৰু
বান্ধি দে তোৰ মৰমৰ আঁচল
ছাঁ হৈয়েই থাকক সিয়ো
নালাগে দিব মণি-মুকুতা,
অ’ মোৰ চেনেহৰ দেউতা
তোৰ আশীষ এজেোলোকাক
সাৰথি কৰি
ৰঙা কৰিম
মোৰ উকা সেওঁতা

শৰ্মিষ্ঠা দেৱী
আমোলাপট্টি,গোলোক বৰুৱা পথ