চুটি গল্প
শেষ বাৰ্তা
শিল্পা প্ৰিয়ম কুণ্ডিণ্য
গুৱাহাটী,সাতগাঁও
নগৰখনত আজি আকৌ নেটৱৰ্ক বন্ধ। মানুহবোৰে যেন নিজৰ নিজৰ কাঁচৰ সজাত বন্দী। ফোন নাই, ইণ্টাৰনেট নাই—কেৱল নীৰৱতা।
ঋতুপৰ্ণাই দেউতাকৰ পুৰণি ৰেডিঅ’টো খুলি চাইছিল। বহু বছৰ ধৰি স্পৰ্শ নকৰা বস্তুটো। হঠাৎ এটা ক্ষীণ শব্দ-
“…কোনোবা আছে নে শুনিবলৈ?”
তাই আচৰিত। ৰেডিঅ’টোত কেনেকৈ লাইভ কণ্ঠ?
“মই আছোঁ,” তাই সাৱধানকৈ ক’লে।
সামান্য নীৰৱতাৰ পিছত উত্তৰ আহিল—
“ধন্যবাদ। মই এইখন চহৰৰ শেষ সক্ৰিয় চেণ্টাৰটোৰ পৰা কথা কৈছোঁ। যদি কোনোবাই শুনিছে, অনুগ্ৰহ কৰি আপোনালোকৰ স্থান জনাওক।”
ঋতুপৰ্ণাই বুজিলে—এইটো কিবা এটা গুৰুত্বপূৰ্ণ। তাই নিজৰ ঠিকনা ক’লে। তাৰ পাছত কণ্ঠটো ক’লে—
“আমি মানুহবোৰে ইমান দিন ধৰি যান্ত্ৰিকতাত বাস কৰিছিলোঁ যে বাস্তৱত একেলগে থাকিবলৈ পাহৰি গ’লোঁ। আজি যেতিয়া সকলো নেটৱৰ্ক নোহোৱা হ’ল, আমি একেলগে হ’বলৈ শিকিব লাগিব।”
ঋতুপৰ্ণাই খিৰিকিৰ বাহিৰে চালে। ওচৰৰ ঘৰখনৰ বৃদ্ধা, যাক তাই কেতিয়াও মাতি নাপালে, পানীৰ ডেকচি লৈ থিয় আছিল। তেওঁ হাত জোকাৰিলে ।
ৰেডিঅ’ত আকৌ কণ্ঠটো—
“যদি আপুনি এইটো শুনিছে, ওচৰৰ মানুহজনক ক’ব—‘মই আছোঁ।’ এইটো হ’ল আমাৰ নতুন সংযোগ।”
ঋতুপৰ্ণাই বাহিৰলৈ ওলাই গ’ল। বৃদ্ধাজনলৈ আগবাঢ়ি ক’লে—
“মই আছোঁ।”
বৃদ্ধাই হাঁহি মেলিলে—
“ময়ো আছোঁ।”
সেই মুহূৰ্ততে ঋতুপৰ্ণাই বুজিলে— শেষ বাৰ্তাটো কোনো সংকেত নাছিল, সেইটো আছিল আৰম্ভণি।
