শুভ কামনা – ফখৰুদ্দিন আহমেদ

pc Printest

শুভ কামনা

ফখৰুদ্দিন আহমেদ,
সানোৱা , ছিপাঝাৰ , দৰং

সুৰুযে দেও দি নচা
সেই নদীখনত
প্ৰেমিক চৰাই হৈ
হাঁহিটো
উপহাৰ হৈ জিলিকি উঠিছিল

শুভ কামনাৰ
সেউজীয়াৰ পয়োভৰ
ওঠত তোমাৰ
গানৰ শব্দ হৈ নিজৰা হৈ
বৈ আহিছিল
মসৃনতাৰ দলিচাখনলৈ

প্ৰেমৰ পথাৰত
মাতাল ৰাতিবোৰে
সুবাসিত কৰি তুলিছিল
কুলি কেতেকীৰ
কোমল কলিজা

প্ৰেমে মোক ৰিঙিয়াই মাতিছিল
আয়ুসৰ হেপাহ লৈ
হেপাহবোৰৰ শুভ কামনাত
জীপাল হৈ উঠিছিল মোৰ
ষষ্ঠ ইন্দ্ৰিয়

সেয়ে আজিও মই ৰঙিয়াল হও
সেউজীয়া প্ৰেমৰ পথাৰত
এটি সপোনৰ পমখেদি