শিশু কৃষ্ণৰ লীলা মাতৃ যশোদাৰ বাৎসল্য প্ৰেম – নমিতা দাস

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

শিশু কৃষ্ণৰ লীলা মাতৃ যশোদাৰ বাৎসল্য প্ৰেম 

মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ অৰ্জুন ভঞ্জন নাটৰ যোগেদি বহি প্ৰকাশ 

নমিতা দাস,শুৱালকুছি শান্তিতোল

শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাক বিষয় বস্তু হিচাপে লৈ লিখা এখন অন্যতম নাট হৈছে “অৰ্জুন ভঞ্জন (বা দধিমথন)” ভাগৱতৰ দশম স্কন্ধৰ আধাৰত ৰচিত । মহাপুৰুষ মাধৱদেৱে মাতৃ যশোদা আৰু শিশু কৃষ্ণৰ মাজৰ যি প্ৰেম কৃষ্ণৰ শিশু সুলভ কাৰ্যৰ মাজেৰে তেওঁ যে ত্ৰিজগতৰ পতি হৰি তাকো সেই নাটখনৰ মাজেৰে খুব সুন্দৰকৈ মহাপুৰুষ মাধৱদেৱ গুৰুজনাই প্ৰকাশ কৰিছে ।

গোৱাল সকলৰ ৰাণী মাতৃ যশোদাই ত্ৰিজগতৰ পতি হৰিক পুত্ৰ হিচাপে পাইছিল । এগৰাকী মাতৃৰ হৃদয়ত থকা সন্তানৰ প্ৰতি যি প্ৰেম সেয়াই যেন মহাপুৰুষ মাধৱ দেৱ গুৰুজনাই “অৰ্জুন ভঞ্জন” নাটখনৰ মাজেৰে পৰিস্ফুত কৈ ভক্তিৰসৰ মাজেৰে সমাজ জীৱনলৈ কঢ়িয়াই আনিছে মাতৃ প্ৰেমৰ নিদৰ্শন ।

যশোদাই দধিমথত কাৰ্যত ব্যষ্ট থকাৰ সময়ত সাধাৰণ গৃহিণী মহিলা এগৰাকীৰয়ে ঘৰৰ কামত ব্যষ্ট থকাৰ সময়ত যি অবস্থা হয় যশোদাৰো ঠিক সেই একেই অবস্থা হৈছিল । শ্ৰীকৃষ্ণই যশোদাক আমনি কৰিছিল পুত্ৰই মাতৃৰ কামত বাধা দি মাতৃ দুগ্ধ প্ৰাণ কৰিবলৈ বিচাৰিছিল,কামৰ মাজতে যশোদাই পুত্ৰক কোলাত লৈ মাতৃ দুগ্ধ প্ৰাণ কৰাই থকা সময়তে জুইত গৰম হ’বলৈ দি অহা গাখীৰ উতলি পৰাৰ কথা গোৱালী সকলে চিঞৰি যশোদাক জনালে লগে লগে শ্ৰীকৃষ্ণক কোলাৰ পৰা নমাই লৰা-লৰিকৈ পাকঘৰত উতলি থকা গাখীৰ নমালৈ যশোদাই পাকঘৰ পালে । আন ফালে শিশু কৃষ্ণই মাতৃৰ তেনে আচৰণত মাতৃৰ দুগ্ধপ্ৰাণত ব্যঘাত জন্মোৱাত খং উঠি ক্ষীৰ ,লৱণুৰ পাত্ৰ বোৰ ভাঙি লণ্ড- ভণ্ড কৰিলে । নিজেও যিমান পাৰে খালে আৰু সিচঁৰিত হৈ থকা ক্ষীৰ,লৱণু খাবলৈ বান্দৰকো মাতি আনিলে । যশোদায় গাখীৰ নমাই পুণৰ দধি মথিবলৈ আহি কৃষ্ণই ভাঙি থোৱা ক্ষীৰ, লৱণুৰ পাত্ৰবোৰ দেখি মুৰে কপালে হাত দিলে । কৃষ্ণৰ তেনে কাৰ্যত স্বাভিকতে মাতৃ গৰাকীৰ খং উঠিবই সেয়ে কৃষ্ণকো একশিকনী দিবৰ বাবে এচাৰি লৈ কৃষ্ণক খেদি গ’ল । মাতৃৰ এচাৰি দেখি কৃষ্ণই দৌৰ দিলে আগে আগে কৃষ্ণ পিছে পিছে যশোদা , খেদি খেদি ভাগৰ লগাত কৃষ্ণই মাকক ধৰা দিয়ে । কৃষ্ণক শাস্তি দিয়াৰ নিমিত্তে যশোদাই উৰালত ৰছীৰে কৃষ্ণক বান্ধিবলৈ লৈ আচৰিত হল । প্ৰতি বাৰতে বান্ধিবলৈ এক আঙুল ৰছী নাটে চুটি হৈ পৰে । অৱশেষত যশোদায় প্ৰকৃততে যে কৃষ্ণৰে মায়া বুজি পালে । মাতৃৰ অন্তৰৰ কথা বুজি কৃষ্ণই লগে লগে বান্ধ খালে ।বান্ধি থকা ৰছীৰ সৈতে কৃষ্ণই উৰালটো টানি ইফালে ইফালে ঘূৰি ফুৰি চোতাল পালে । চোতালত থকা অৰ্জুন গছ দুই জোপাৰ মাজেৰে উৰালটো সোমায় পৰিল ।দুয়ো জোপা গছৰ মাজত পৰা উৰালটো টানি আনিব ধৰোতেই গছ দুয়ো জোপা উঘালি পৰিল ।

গছ দুয়োজোপা আছিলে, নলকুবেৰ আৰু মনিগ্ৰীব দুই ভাতৃদ্বয় । যি শাপৰ ফলত বিশাল অৰ্জুন গছ হৈ আছিল শিশু কৃষ্ণৰ সংস্পৰ্শত কুবেৰৰ পুত্ৰদ্বয় শাপ মুক্ত হৈ আচল ৰূপ ললে আৰু কৃষ্ণক প্ৰণাম জনাই স্বৰ্গলৈ গুচি গ’ল ।

এইফালে বতাহ বৰষুণ একো নোহোৱাকৈ গছ পৰা শব্দ শুনি নন্দ- যশোদা বাহিৰলৈ দৌৰি আহিল । উঘালি পৰা দুয়ো জোপা গছ দেখি বিস্ময় মানিলে ।উঘালি পৰা গছৰ মাজত কৃষ্ণক দেখি নন্দই কোলাত তুলি লয় মৰম কৰে আৰু যশোদাই এনে নিষ্ঠুৰ শাস্তি বিহা বাবে নন্দ-যশোদাৰ মাজত খকা-খুন্দা লাগে আৰু তাতেই নাট খনৰ সমাপ্তি হয় ।

নাট খনৰ মুল কাহিনী ভাগ এইখিনিয়ে হ’লেও গুৰুজনাই নাটখনত শ্লোক, সংলাপ আৰু গীতৰ সংমিশ্ৰনেৰে খং , অভিমান, মৰম, মাতৃৰ ঘৰখনৰ প্ৰতি থকা দায়িত্বৰ লগতে সন্তান লালন পালন কৰাৰ সময়ত সন্তানক কৰা মৰম আৰু শাসনৰ লগতে পুত্ৰস্নেহৰ সুন্দৰ নিদৰ্শন পোৱা যায় । তাৰ মাজৰে এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা মৰম আৰু আদৰ্শৰ কথাও সাবলীল ভাবে বুজাই দিছে। অকল যে মৰমেৰে সন্তানক পালন নকৰি সন্তানৰ দুষ্টামি ৰোধিবলৈ মাজে মাজে কথোৰ হোৱাৰ উদাহৰণনো গুৰু জনাই খুবেই সুন্দৰ ভাবে প্ৰকাশ কৰিছে এইখিনি কৰোতে এগৰাকী মাতৃৰ পুত্ৰ স্নেহ আৰু পিতৃৰ মৰমৰ লগতে শ্ৰীকৃষ্ণৰ ঐশ্বৰিকত্ব আৰু মানবীয় ৰূপ দুয়োটাকে সুন্দৰ ভাবে ফুটাই তুলিছে ।